গুৱাহাটী, 14 ফেব্ৰুৱাৰী: দুদিনীয়া ভ্ৰমণসূচী লৈ দেওবাৰে বিয়লি গুৱাহাটীত আহি উপস্থিত হৈছেহি কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰ আৰু ভাৰতস্থ জাপানৰ ৰাষ্ট্ৰদূত চাট'শ্বি চুজুকী ৷ বৰঝাৰ বিমান বন্দৰত আহি উপস্থিত হোৱাৰ পাছতে দুয়োকে উষ্ম আদৰণি জনায় ৰাজ্যৰ উদ্যোগ আৰু বানিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷
![as_ghy_04_japan_ambassador_and_external_affairs_minister_reached_assam_7206058](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-japan-ambassador-external-affairs-minister-7206058_14022021191013_1402f_1613310013_237.jpg)
সোমবাৰে পুৱাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কামাখ্যা মন্দিৰত পূজা অৰ্চনা আগবঢ়াব । তাৰ পাছত পুৱা 9 বজাত গুৱাহাটীৰ খাৰঘুলিত চলি থকা জাপানী প্ৰকল্প জাইকাৰ কামকাজ দুয়ো পৰ্যালোচনা কৰিব ।
![as_ghy_04_japan_ambassador_and_external_affairs_minister_reached_assam_7206058](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-04-japan-ambassador-external-affairs-minister-7206058_14022021191013_1402f_1613310013_922.jpg)
জাইকাৰ কামকাজ পৰ্যালোচনা কৰাৰ পাছতে মন্ত্ৰী ড৹ জয়শংকৰ আৰু জাপানৰ ৰাষ্ট্ৰদূত গৰাকীয়ে শংকৰদেৱ কলাক্ষেত্ৰত এখন পৰ্যালোচনা বৈঠকত ভাগ ল'ব ৷ সোমবাৰে দিনৰ 12:30 বজাত এখন সংবাদমেল সম্বোধন কৰাৰ পাছত বিয়লি দুয়ো দিল্লী অভিমুখে উভতি যাব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: অসমক বিজেপিয়ে লুণ্ঠনৰ থলীত পৰিণত কৰিছে: ৰাহুল গান্ধী