ETV Bharat / state

CMs Vigyan Darshan scheme: মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন আঁচনি মুকলি মন্ত্রী কেশৱ মহন্তৰ

১ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ আয়োজন কৰা মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন কাৰ্যসূচীত ছখন জিলাৰ ২৪০০ গৰাকী জ্যেষ্ঠ ব্যক্তি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অংশ গ্ৰহণ । জানিব পাৰিব আকাশৰ কথা, 3D প্ৰদৰ্শনী, ভাৰতীয় বিজ্ঞানৰ বিকাশ, বিজ্ঞানৰ সৈতে জড়িত ক্ৰীড়া, বিজ্ঞানৰ অন্বেষণ আদি বিভিন্ন দিশ (CMs Vigyan Darshan scheme 2022) ।

CMs Vigyan Darshan scheme
CMs Vigyan Darshan scheme
author img

By

Published : Nov 1, 2022, 8:33 PM IST

গুৱাহাটী, 1 নৱেম্বৰ: বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়ন কৰা ‘‘মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন’’ আঁচনিখন আজি গুৱাহাটীৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় (CMs Vigyan Darshan scheme 2022) । আঁচনিখন উদ্বোধন কৰে বিভাগীয় মন্ত্রী কেশৱ মহন্তই (Science and Technology minister Assam)। ১ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ ছখন জিলাৰ ২৪০০ গৰাকী জ্যেষ্ঠ ব্যক্তি আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব ৷

CMs Vigyan Darshan scheme
মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন আঁচনি মুকলি মন্ত্রী কেশৱ মহন্তৰ

এই অনুষ্ঠানৰ দ্বাৰা আকাশৰ কথা, 3D প্ৰদৰ্শনী, ভাৰতীয় বিজ্ঞানৰ বিকাশ, বিজ্ঞানৰ সৈতে জড়িত ক্ৰীড়া, বিজ্ঞানৰ অন্বেষণ আদি বিভিন্ন দিশৰ বিষয়ে জ্ঞাত হ’ব পাৰিব অংশগ্ৰহণকাৰী সকল (Programs of Vigyan Darshan scheme)। এই কাৰ্যসূচীৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আৰু গ্ৰাম্য অঞ্চলৰ বয়োজ্যেষ্ঠ সকলৰ উদ্ভাৱনীমূলক কৰ্মৰাজিক বৈজ্ঞানিকভাৱে প্ৰদৰ্শন কৰিবলৈ সুবিধা প্ৰদান কৰা হ’ব ।

মন্ত্রী কেশৱ মহন্তই এই কাৰ্যসূচীৰ পৰা আহৰণ কৰা তথ্যৰাজিৰ আধাৰত অনুভৱ সমূহ লিখিবলৈ ছাত্ৰ-ছাত্ৰী সকলক আহ্বান জনায় ।

তেওঁ লগতে কয় যে, এই আঁচনিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিজ্ঞানমনস্কতা বৃদ্ধি কৰাত অৰিহনা যোগাব । মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন আঁচনিখনৰ জৰিয়তে পঞ্চায়তীৰাজ আৰু গ্ৰাম্য শিশুসকলৰ মাজত বিজ্ঞান সজাগতা সৃষ্টি কৰিবলৈ পদক্ষেপ লোৱা হৈছে ।

অনুষ্ঠানত বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগৰ যুটীয়া সচিব তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদৰ (এছটেক) সঞ্চালক কিমনেই চাংচন, এছটেকৰ জ্যেষ্ঠ বিজ্ঞানী ড° জয়দ্বীপ বৰুৱা, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ প্ৰকল্প সমন্বয়ৰক্ষী সুজয় মজুমদাৰৰ লগতে এছটেকৰ বিষয়া-কৰ্মচাৰী, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।

লগতে পঢ়ক: Second Kaliabhomora Bridge: মুকলি হ’ল দ্বিতীয়খন কলীয়াভোমোৰা দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.