ETV Bharat / state

Jayanta Malla Baruah: ফণীন্দ্ৰ নাথ শৰ্মাৰ হাৰিয়ানা গমনৰ পিচতে হঠাৎ সক্ৰিয় হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

author img

By

Published : Aug 2, 2023, 9:30 PM IST

বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যায়ললৈ সঘন আহ-যাহ চলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ সামাজিক মাধ্যমত চৰ্চা চলিছে যে বিজেপিৰ প্ৰাক্তন সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাক হাৰিয়ানাৰ দায়িত্ব দিয়াৰ পাচতেই জয়ন্ত মল্ল বৰুৱাৰ এই তৎপৰতা বৃদ্ধি পাইছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া মন্ত্ৰীগৰাকীৰ ৷

Jayanta Malla Baruah
Jayanta Malla Baruah
হঠাৎ সক্ৰিয় হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

গুৱাহাটী, ২ জুলাই: অসম প্ৰদেশ বিজেপিৰ প্ৰাক্তন সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ হাৰিয়ানা গমনৰ পিছতে হঠাৎ সক্ৰিয় হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সঘন আহ-যাহ বাঢ়িছে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ । দলীয় কৰ্মকৰ্তাসকলৰ লগত মিলিত হৈছে ইখনৰ পিচত সিখন বৈঠকত ৷ এই সম্পৰ্কত ইতিমধ্যে সামাজিক মাধ্যমত আৰম্ভ হৈছে ব্যাপক চৰ্চা ।

বুধবাৰেও ৰাজ্যিক বিজেপি মুখ্য কাৰ্যালয়ত এক বিশেষ বৈঠক মিলিত হয় মন্ত্ৰীগৰাকী । মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যিক মুখ্যপাত্ৰ তথা মেডিয়া পেনেলিষ্ট সকলে । দলীয় কৰ্মকৰ্তা সকলৰ সৈতেও আলোচনাত বহে মন্ত্ৰীগৰাকী ৷

আলোচনাত মন্ত্ৰীগৰাকীৰ অধীনত থকা তিনিওটা বিভাগৰ কাম-কাজ, আঁচনি তথা পৰিকল্পনা সন্দৰ্ভত আলাপ আলোচনা কৰে‌ । আলোচনাৰ অন্তত সাংবাদিকৰে হোৱা কথা বতৰাত সাংগঠনিক সম্পাদকৰ ৰদ-বদলৰ পাচতেই আন আন দলীয় নেতৃত্বৰ দায়িত্ব বৃদ্ধি সন্দৰ্ভত মন্তব্য আগবঢ়াই জয়ন্ত মল্ল বৰুৱাই কয় যে ফণীন্দ্ৰ নাথ শৰ্মা ৰাজ্যিক বিজেপিৰক সুন্দৰভাৱে পৰিচালনা কৰা এগৰাকী সুদক্ষ সম্পাদক আছিল ৷ দলীয় কৰ্মীসকলে ফণীন্দ্ৰ নাথ শৰ্মাৰ অভাৱ অনুভৱ কৰিব ৷ আন আন দলীয় নেতৃত্বই এই অভাৱ পূৰণ কৰিব লাগিব ।

তেওঁ আৰু কয়, ‘‘দলীয় কৰ্মীসকলে যাকেই সহজতে পাই থাকিব তেওঁৰ লগতে সকলো কথা আলোচনা কৰিব । যদি ময়েই মন্ত্ৰী হিচাবে ইয়ালৈ আহি থাকোঁ তেন্তে তেওঁলোকে মোকেই সকলো ক’ব, অন্যথা আন আন মন্ত্ৰীসকলক ক’ব ।’’

ইয়াৰ লগতে মঙলদৈত বজৰং দলৰ কাৰ্য সম্পৰ্কে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে যিটো বজৰং দলৰ কথা ওলাইছে সেই দলটো আমাৰ বিচাৰ পৰিবাৰৰ লগত থকা বজৰং দল নহয় । কোনো কাৰণতে আমি আইন বিৰোধী কামত প্ৰশ্চয় নিদিওঁ ৷ আইন বিৰোধী কাম কৰিলেই শাস্তি হ’বই ৷

আনহাতে ছিণ্ডিকেট সন্দৰ্ভত আপে (AAP) কৰা বিৰোধিতাৰ প্ৰতিক্ৰিয়াত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘দলসমূহে কোনো তথ্য নথকাকৈ অভিযোগ উত্থাপন কৰে । যি তথ্য আছে আমাক দিয়ক, চৰকাৰে নিশ্চয় ব্যৱস্থা ল’ব ।’’

ইফালে প্ৰতীক হাজেলাই VRS লোৱা সন্দৰ্ভতো মন্তব্য আগবঢ়াই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । তেওঁ কয় যে VRS ল’লেই আইনৰ চকুৰ পৰা বাচি যাব নোৱাৰে । দোষী সাব্যস্ত হ’লে আইনে ব্যৱস্থা ল’ব । VRS চাকৰি জীৱনৰ এটা অংশ ।

দক্ষতা বিকাশত বিসংগতিৰ অভিযোগ উত্থাপন হোৱা সন্দৰ্ভত তেওঁ কয় যে বৃহস্পতিবাৰে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে বৈঠক অনুষ্ঠিত কৰা হ’ব ৷ এইবাৰ স্বচ্ছ প্ৰক্ৰিয়াৰে শিক্ষাৰ্থী সকলক অনা হ’ব । তেওঁ আৰু কয়, ‘‘TP(ট্ৰেইনিং পাৰ্টনাৰ) সকলে শিক্ষার্থী বাচনি কৰিব নোৱাৰাত ধৰ ফৰাই আছে ৷ এইবাৰ TP সকলে পইচাৰ গণ্ডগোল কৰিব নোৱাৰিব । ব্যৱস্থাত যদি কিবা গণ্ডগোল আছে আমি শুধৰণি কৰিম ।’’

আনহাতে জল জীৱন আঁচনিৰ কাম কাজ সন্দৰ্ভত মন্তব্য আগবঢ়াই তেওঁ কয় যে তথ্যসমূহ জানিও বা নজনাকৈয়ে বহুতেই অভিযোগ আনে ৷ অসমত জল জীৱনৰ কাম ৫৩ শতাংশ হোৱাটো সত্য ৷ যি দিনা কাম আৰম্ভ হৈছিল, সেই দিনটোত কাম হৈছিল ১ শতাংশ ৷ যি কেইখন ৰাজ্যত ১০০ শতাংশ কাম হৈছে তাত কাম আৰম্ভ হোৱাৰ দিনাই প্ৰায় ৭৫ শতাংশ কাম সম্পূৰ্ণ হৈছিল । এইয়া আমাৰেই সফলতা‌ ।

লগতে পঢ়ক: MLA Bharat Chandra Narah PC: বিজেপিৰ ৰাজ্যিক সভাপতিক জেৰাৰ আওতালৈ অনাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.