গুৱাহাটী, 30 জানুৱাৰী : মহানগৰীৰ খানাপাৰাত শিক্ষক নিযুক্তিৰ পত্ৰ বিতৰণৰ সময়ত সংঘটিত হয় এক অঘটন ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে একাংশ ক্ষোভিত শিক্ষকে ৷ প্ৰায় 20 বছৰ শিক্ষকতাৰ ক্ষেত্ৰত জড়িত থকা বহু শিক্ষকে নিযুক্তি নাপাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি তৰ্কাতৰ্কিত লিপ্ত হয় একাংশ শিক্ষকে ৷ যাৰ ফলত আঘাতপ্ৰাপ্ত হয় দীপা পায়েং নামৰ এগৰাকী শিক্ষয়িত্ৰী ৷
উল্লেখ্য যে, শনিবাৰে খানাপাৰাত শিক্ষক নিযুক্তিৰ অনুষ্ঠানত উপস্থিত হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ সময়তে মন্ত্ৰী গৰাকীৰ কনভয় ৰখাই হিমন্ত বিশ্ব শৰ্মাৰ পৰা উত্তৰ বিচাৰে নিযুক্তি পত্ৰৰ পৰা বঞ্চিত শিক্ষক সকলে ৷ ইফালে, আঘাতপ্ৰাপ্ত হোৱা শিক্ষয়িত্ৰী গৰাকীক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
লগতে পঢ়ক : 73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও