গুৱাহাটী, ২৫ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ বাবে ইতিমধ্যে দিছপুৰৰ পৰা নিজা নিজা গন্তব্যস্থললৈ ৰাওনা হৈছে মন্ত্ৰীসকল । কাইলৈ কেন্দ্ৰীয়ভাৱে খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয় খেলপথাৰত ৰাজ্যপাল জগদীশ মুখীয়ে উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা । সেই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । একেদৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ডিব্ৰুগড়ত, ৰঞ্জিত দত্তই বিশ্বনাথত, প্ৰমিলাৰাণী ব্ৰহ্মই বঙাইগাঁৱত, ৰিহন দৈমাৰীয়ে ওদালগুৰিত, চন্দন ব্ৰহ্মই চিৰাঙত পতাকা উত্তোলন কৰিব ।

আনহাতে ফণীভূষণ চৌধুৰীয়ে ধুবুৰীত, নৱ দলে লখিমপুৰত, চুম ৰংহাঙে মঙলদৈত, সিদ্ধাৰ্থ ভট্টাচাৰ্যই গোৱালপাৰাত, পীযুষ হাজৰিকাই মৰিগাঁৱত, হিমন্ত বিশ্ব শৰ্মাই নগাঁৱত, সঞ্জয় কিষাণে তিনিচুকীয়াত, যোগেন মহনে শিৱসাগৰত আৰু ভৱেশ কলিতাই নলবাৰীত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা । অনুৰূপভাবে পৰিমল শুক্লবৈদ্যই শিলচৰত, কেশৱ মহন্তই তেজপুৰত আৰু অতুল বৰাই যোৰহাটত পতাকা উত্তোলন কৰিব ।
লগতে পঢ়ক_৭১ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ