গুৱাহাটী,17 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত ভাগ লোৱা সকলৰ শ্ল'গান আছিল,হয় নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,নহ’লে আমাক গ্ৰেপ্তাৰ কৰক। গতিকে সমুজ্জ্বল ভট্টাচাৰ্য,লুৰিণ জ্যোতি গগৈসহ প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰা হ’ল আৰু আধা ঘণ্টাৰ পিছত মুকলি কৰি দিয়া হ’ল’– এই মন্তব্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৷ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আন্দোলন চলি থকাৰ মাজতে মঙলবাৰে গুৱাহাটীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ৷ সংবাদমেলত ৰাজ্যৰ শেহতীয়া আইন শৃংখলাৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে মন্ত্ৰীগৰাকীয়ে। আজিৰ পৰা দিনৰ ভাগত সান্ধ্য আইন গুৱাহাটীত নাথাকে বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্তশৰ্মাই। কিন্তু মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ইণ্টাৰনেট সেৱা মুকলি কৰাৰ আদেশ দিয়াৰ পিছতো ৰাজ্যৰ আইন-শৃংখলাজনক পৰিস্থিতিৰ প্ৰতি লক্ষ্য বুধবাৰেও ইণ্টাৰনেট সেৱা বন্ধ থাকিব বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
জনতা ভৱন জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল কোনে ? - মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন চলি থকাৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল ৷ সংবাদমেলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী আন্দোলনত ব্যাহত হোৱা আইন- শৃংখলাৰ লগত জড়িত বহু গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷
![জনতা ভৱন জ্বলাই দিয়াৰ পৰিকল্পনা কৰিছিল কোনে ? Minister Dr Himanta Biswa Sharma Pressmeet](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5405026-thumbnail-3x2-himanta.jpg?imwidth=3840)