ETV Bharat / state

আহি আছে আৰু এখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক

ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ আঁচনি ৷ বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ বিধেয়কখন আগন্তুক শীতকালিন অধিবেশন সদনত গৃহিত কৰা হ’ব ।

minister chandan brahma pressmeet guwahati
বিভাগীয় খতিয়ান দিলে মন্ত্ৰী চন্দন ব্ৰহ্মই: আহি আছে আৰু এখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক
author img

By

Published : Sep 4, 2020, 10:21 PM IST

গুৱাহাটী, 4 ছেপ্টেম্বৰঃ অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে National Scholarship Portal ৰ জড়িয়তে বৃত্তি লাভ কৰাৰ ক্ষেত্ৰত সফল হোৱা অসমেই হৈছে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য । শুকুৰবাৰে দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা প্ৰকাশ কৰে ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মই । বিভাগটোৰ বিগত সময়ৰ কামকাজৰ কেতবোৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষত এই বৃত্তিৰ অধীনত সামৰি লোৱা হৈছে ৭১,২৩১ গৰাকী শিক্ষাৰ্থীক । এইসকলৰ ভিতৰত ৫৭,৫৭০ গৰাকী হৈছে অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ । বাকী ১৩,৬৬১ গৰাকী অনুসূচিত জাতিৰ শিক্ষাৰ্থী । এই বছৰ বৃত্তিৰ বাবে এতিয়ালৈকে ১,১৬,০০০ খন আবেদন চৰকাৰে লাভ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে । আনহাতে, ১৮,০৯৫ গৰাকী অনুসূচিত জনজাতি, ৩,৮০৯ গৰাকী অনুসূচিত জাতি আৰু ২২,৮৫৬ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক ই-টেক্সটবুক সন্নিবিষ্ট হৈ থকা একোটাকৈ টেবলেট পি চি দিয়া হৈছে বুলিও তেওঁ তথ্য দাঙি ধৰে ।

আহি আছে আৰু এখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক
ইপিনে ৬,৫৫,৯৯৯ গৰাকী অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক দিয়া হৈছে প্ৰয়োজনীয় বহী । তাতোকৈ ডাঙৰ কথা, ধ্ৰুৱজ্যোতি লাংথাচা নামৰ মেধাবী এগৰাকী ছাত্ৰই টেক্সাছ বিশ্ববিদ্যালয়ত পি এইছ ডি গৱেষণাৰ সুযোগ পোৱাত তেওঁৰ সমুদায় খৰচ বিভাগটোৱে বহন কৰিছে । তেওঁ আৰু কয় যে ,ৰাজ্যত ১৭ খন একলব্য আদৰ্শ বিদ্যালয় স্থাপনৰ বাবে ইতিমধ্যে অনুমোদন লাভ কৰা হৈছে । সম্পূৰ্ণ হোৱাৰ পথত অনুসূচিত জাতি-জনজাতিৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰ্মাণ কৰি থকা ২৩ টাকৈ হোষ্টেল । কৃষকৰ বাবেও বিভাগটোৱে বিভিন্ন ব্যৱস্থা হাতত লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ৭,৮০০ খন পাৱাৰ টিলাৰ বিতৰণ কৰা হৈছে । অনুসূচিত জাতিৰ কৃষকক দিয়া হৈছে ৩৭৮ খন ধান কটা যন্ত্ৰ আৰু ১৬৬৭ টা ডিজেল পাম্প ।
বিভাগীয় খতিয়ান দিলে মন্ত্ৰী চন্দন ব্ৰহ্মই: আহি আছে আৰু এখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক
আনহাতে, বিধানসভাত ইতিমধ্যে তিনিখন স্বায়ত্বশাসিত পৰিষদ গঠনৰ বিধেয়ক গৃহিত হ'ল যদিও আৰু এখন বিধেয়ক কাৰিকৰী কাৰণত উৎত্থাপন কৰা নহ'ল বুলি মন্তব্য কৰি তেওঁ কয় যে, বড়ো কছাৰী স্বায়ত্বশাসিত পৰিষদ বিধেয়কখন আগন্তুক শীতকালিন অধিবেশনত সদনত গৃহিত কৰা হ’ব । একেদৰে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে আৰু মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাৰ নেতৃত্বত মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া মন্ত্ৰীগোটৰ মাথোঁ এখন বৈঠকহে অনুষ্ঠিত হ’বলৈ বাকী আছে ।

লগতে পঢ়কঃ কেলেংকাৰী ফাদিল কৰাৰ বাবেই আক্ৰমণ আৰ টি আই কৰ্মীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.