ETV Bharat / state

Lok Sabha Election 2024 : বিজেপিৰ লগত একেটা পৰিয়ালৰ লগত আছো যিহেতু এডজাষ্টমেন্ট কৰিবই লাগিব : অতুল বৰা

author img

By ETV Bharat Assamese Team

Published : Nov 6, 2023, 6:53 PM IST

লোকসভা নিৰ্বাচনৰ আসন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ ৷ এতিয়ালৈকে অগপই আসন সন্দৰ্ভত কোনো আলোচনা কৰা নাই বুলি কয় মন্ত্ৰীজনে ৷

Atul Bora Reacts on Lok Sabha Election 2024
অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা
লোকসভা নিৰ্বাচনৰ আসন সন্দৰ্ভত প্ৰতিক্ৰিয়া

গুৱাহাটী, 5 নৱেম্বৰ: আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিৰ সৈতে আসন ভাগ বটোৱাৰা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ৷ মন্ত্ৰীজনে কয় যে, কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীৰ সৈতে এতিয়ালৈকে অগপই আসন সন্দৰ্ভত কোনো আলোচনা কৰা নাই ৷ সংবাদ মাধ্যমক উদ্দেশ্যি তেওঁ কয় যে, "ইতিমধ্যে বিজেপিৰ ৰাজ্যিক সভাপতিয়ে স্পষ্টভাৱে কৈছে, ইয়াৰ পিচত আপোনালোকেহে কিবা কিবি কৈ কাজিয়া লগাব বিচাৰি আছে ৷ বিৰোধী বা প্ৰেছে কিবাকিবি কয় দিলেই আমি লৰচৰ হৈ নাযাওঁ ৷ ভাৰতীয় জনতা পাৰ্টীৰ লগত এতিয়ালৈ আমি আসনৰ আলোচনা কৰা নাই ৷ আমাৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ব্যক্তিগতভাৱেহে কৈছে ৷"

অগপৰ সভাপতিজনে পুনৰ কয় যে, "সোমবাৰে 7 বজাত আমাৰ বৈঠক আছে ৷ বৈঠকত বিভিন্ন বিষয়ক লৈ আলোচনা হ'ব ৷ আমি দল কৰিছোঁ, কাৰো লগত কম্প্ৰমাইজ কৰা নাই ৷ এডজাষ্টমেন্ট কৰিছোঁ । পৰিয়ালত এডজাষ্টমেন্ট কৰিবই লাগিব ৷ আমাৰ অগপৰ পৰা ইমান বছৰে এজনো সাংসদ নাই ৷ এইবাৰ আমি সংসদলৈ প্ৰতিনিধি পঠিওৱাৰ চেষ্টা কৰি আছোঁ ৷" লগতে আগন্তুক 11 নৱেম্বৰত NDA ৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহিব অগপই ৷ সেই বৈঠকতে আসনক লৈ আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলিও কয় মন্ত্ৰীজনে ৷

উল্লেখ্য যে, ভাৰতীয় উদ্যান শস্য বিজ্ঞান একাডেমীয়ে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ সহযোগত কলাক্ষেত্ৰত আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে উদ্যান শস্যৰ সম্ভাৱনা শীৰ্ষক দশম ভাৰতীয় উদ্যান শস্য কংগ্ৰেছ কাৰ্যসূচীৰ আয়োজন কৰে ৷ এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা ৷ অনুষ্ঠানত ভাৰতীয় উদ্যান শস্য বিজ্ঞান একাডেমীৰ অধ্যক্ষ, উপাচাৰ্যৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিষয়ববীয়া সকল উপস্থিত থাকে ৷ অনুষ্ঠানত ভাৰতীয় উদ্যান শস্য বিজ্ঞান একাডেমীয়ে দেশৰ ভিন্ন স্থানৰ কেইবাগৰাকীও বিজ্ঞানী তথা একাডেমী মুৰব্বীক 9 টাকৈ শিতানত বঁটা প্ৰদান কৰা হয় ৷ অনুস্থানটোৰ পিছতে সাংবাদিকৰে হোৱা কথা বতৰাত কেইবাটাও মন্তব্য আগবঢ়াই মন্ত্ৰী অতুল বৰাই ৷

লগতে পঢ়ক : Minister Ranjit Dass : অসমত কংগ্ৰেছ শূন্য হ’বলৈ গৈ আছে: ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.