ETV Bharat / state

গুৱাহাটী পৌৰ নিগম আজুৰি আনিব বিজেপি মিত্ৰজোঁটে : মন্ত্ৰী অতুল বৰা - মন্ত্ৰী অতুল বৰা

সমাগত গুৱাহাটী পৌৰ নিগম(Guwahati Municipal Election 2022) ৰ নিৰ্বাচন ৷ এই নিৰ্বাচনৰ বাবে তৎপৰতা বাঢ়িছে ৰাজ্যৰ ৰাজনৈতিক নেতাসকলৰ ৷ ৱাৰ্ডে ৱাৰ্ডে অন্তিম প্ৰচাৰত ব্যস্ত এতিয়া সকলো ৷ মঙলবাৰে অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসীম শইকীয়াৰ হৈ সাতগাঁৱৰ দলবাৰী বাথৌ মন্দিৰ প্ৰাংগণত নিৰ্বাচনী ৰণডংকা বজাই কৃষি মন্ত্ৰী অতুল বৰাই (Atul Bora campaigns for GMC Election) ৷

GMC Election 2022
সাতগাঁৱৰ দলবাৰী বাথৌ মন্দিৰ প্ৰাংগনত ৰণ ডংকা বজালে কৃষি মন্ত্ৰী অতুল বৰাই
author img

By

Published : Apr 20, 2022, 9:46 AM IST

গুৱাহাটী, 20 এপ্ৰিল : বুধবাৰে সামৰণি পৰিব গুৱাহাটী পৌৰসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022) ৰ বাবে যুদ্ধকালীন তৎপৰতা চলাইছে শাসক, বিৰোধী দলৰ প্ৰাৰ্থী তথা ৰথী-মহাৰথীসকলে । ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক নেতা-পালিনেতাসকল ।

বাদ পৰি ৰোৱা নাই অসম গণ পৰিষদ দলৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা ৷ গুৱাহাটী পৌৰ নিগমৰ 49 নং ৱাৰ্ডৰ মিত্ৰজোঁট সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অসীম শইকীয়াৰ হকে মঙলবাৰে সাতগাঁৱৰ এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে কৃষি মন্ত্ৰী বৰাই (Atul Bora campaigns for GMC Election) । সাতগাঁৱৰ দলবাৰী বাথৌ মন্দিৰ প্ৰাংগণত বিয়লি প্ৰায় 5 বজাৰ পৰা অনুষ্ঠিত হয় এই নিৰ্বাচনী প্ৰচাৰ সভা ৷

মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ

এই সভাতে মন্ত্ৰীগৰাকীয়ে কয় যে, পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁট চৰকাৰৰ সফলতাৰ পিছত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন 2022 বিজেপি মিত্ৰজোঁট চৰকাৰৰ জয়ী হ’ব ৷ সেয়া বৰ্তমান পানীৰ দৰে স্পষ্ট হৈ পৰিছে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰা নাই : পীযুষ হাজৰিকা

ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত বিজেপি মিত্ৰজোঁট চৰকাৰখনে কৰি অহা জনহিতকৰ কামৰ বাবে ৰাইজৰ বিশ্বাস জন্মিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভাৰতবৰ্ষৰ পাঁচখন শ্ৰেষ্ঠ মহানগৰীৰ ভিতৰত গুৱাহাটীকো অন্তৰ্ভুক্ত কৰাৰ যি সপোন দেখিছে, সেই সপোন বাস্তৱায়িত কৰাৰ বাবে এইবাৰ গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ।

মঙলবাৰে সাতগাঁৱত আয়োজিত এই নিৰ্বাচনী প্ৰচাৰ সভাত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, অসম গণ পৰিষদ দলৰ উপ সভাপতি সুনীল ডেকা, অগপৰ জ্যেষ্ঠ নেতা ভূপেন ৰয়, অগপৰ কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ সম্পাদক ড৹ তপন দাস প্ৰমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে ।

লগতে পঢ়ক : GMC Election 2022: গুৱাহাটী পৌৰ নিৰ্বাচনৰ বাবে মহানগৰীত ড্ৰাই ডে’ ঘোষণা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.