ETV Bharat / state

লক্ ডাউন : কৃষকৰ লোকচান আঁতৰাবলৈ কৃষি বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা ! - COVID 19

কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি দেশষজুৰি ঘোষণা কৰা লক্ ডাউনৰ ফলত ব্যপক ভাৱে লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষক সকল ৷ সময় মতে উৎপাদিত শস্য বিক্ৰী কৰিব নোৱাৰাৰ ফলত পথাৰতে শস্যবোৰ নষ্ট হ'বলৈ ধৰিছে ৷ যাৰ বাবে প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছে কৃষক ৷ কিন্তু কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিছে ৷

Minister Atul Bora announce approaches for agriculture sector
কৃষকৰ লোকচান আঁতৰাবলৈ কৃষি বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা
author img

By

Published : Apr 6, 2020, 8:46 PM IST

গুৱাহাটী, ৬ এপ্ৰিল: লক্ ডাউনৰ ফলত ৰাজ্যৰ কৃষক সমাজ ব্যাপক লোকচানৰ মুখামুখি হ'ব লগীয়া হৈছে । গতিকে এই সময়ত কৃষক সকলক সামান্য পৰিমাণে হ'লেও সকাহ দিয়াৰ চিন্তা কৰিছে ৰাজ্যৰ কৃষি বিভাগে । আজি এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে কৃষি মন্ত্ৰী অতুল বৰাই । সোমবাৰে দিছপুৰৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত সংবাদমেলত ভাগ লৈ বৰাই কয় যে, ৰাজ্যত আলুকে ধৰি বিভিন্ন ৰবি শস্য প্ৰতি বছৰে বহু বেছিকৈ উৎপাদন হয় আৰু সেইসমূহ বিভিন্ন ৰাজ্যলৈ কৃষকসকলে ৰপ্তানি কৰে । কিন্তু এইবাৰ লক্ ডাউনৰ বাবে ৩,৫৭১ মেট্ৰিক টন শস্য নষ্ট হৈছে ।

কৃষকৰ লোকচান আঁতৰাবলৈ কৃষি বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা !

গতিকে এই লোকচান দূৰ কৰিবলৈ কৃষি বিভাগে কেতবোৰ ব্যৱস্থা হাতত লৈছে । তাৰেই অংশ হিচাপে RKVY শিতানত ৪.৭০ কোটি টকা মোকলাই দিয়া হৈছে । এই পুঁজিৰে কৃষকক বিভিন্ন ৰবি শস্যৰ বীজ যোগান ধৰা হ'ব । কৃষকৰ অসুবিধা দূৰ কৰিবলৈ কাইলৈৰ পৰা এটা ট'ল ফ্ৰী নম্বৰো কৃষি বিভাগে মুকলি কৰিব, যাৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ বিভিন্ন অসুবিধাৰ কথা জনাব পাৰিব । লক্ ডাউনৰ ফলত প্ৰধানকৈ ১৬ খন জিলাৰ খেতিয়ক লোকচানৰ সন্মুখীন হৈছে ।

কৃষকৰ লোকচান আঁতৰাবলৈ কৃষি বিভাগে হাতত লৈছে বিশেষ ব্যৱস্থা

বিভাগীয় মন্ত্ৰী গৰাকীয়ে আৰু কয় যে ৰাইজৰ ঘৰে ঘৰে শাক পাচলি যোগান ধৰাৰ ব্যৱস্থা কৃষি বিভাগে কৰিছে । শাক পাচলিৰ মাধ্যমেৰে COVID ১৯ ৰ সংক্ৰমণ ঘটে বুলি একাংশ লোকে চলোৱা অপপ্ৰচাৰৰ বাবে কৃষক আৰু কৃষি বিভাগ উভয়ৰে ক্ষতি হৈছে বুলি তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক : লক ডাউনৰ পিছত অসমলৈ ঘূৰি আহিবলৈ ল'ব লাগিব অনুমতিঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.