ETV Bharat / state

Ashok Singhal reacts on Encroachment: বিপদত পৰিব অবৈধ নিৰ্মাণকাৰ্যত অনুমতি দিয়া GMC ৰ বিষয়া

author img

By

Published : Apr 11, 2023, 10:27 PM IST

বিভাগীয় বিষয়াসকলক লগত লৈ মহানগৰীৰ বিভিন্ন স্থানত বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চল পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ (Minister Ashok Singhal inspected encroached areas) । বাহিনী নৈৰ বুকু সংকুচিত কৰি অবৈধ নিৰ্মাণকাৰ্যত অনুমতি প্ৰদান কৰা পৌৰ নিগমৰ দোষী বিষয়ৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব শাস্তিমূলক ব্যৱস্থা ।

Minister Ashok Singhal inspected encroached areas along the Bahini river
বিপদত পৰিব অবৈধ নিৰ্মাণকাৰ্যত অনুমতি দিয়া GMC ৰ বিষয়া

গুৱাহাটী, ১১ এপ্ৰিল: গুৱাহাটী মহানগৰীৰ বিভিন্ন নৈৰ কাষত অবৈধ নিৰ্মাণকাৰ্যৰ ক্ষেত্রত অনুমতি প্ৰদান কৰা গুৱাহাটী পৌৰ নিগমৰ দোষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এইক্ষেত্রত উপযুক্ত পদক্ষপ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কতৃৰ্পক্ষক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে (Minister Ashok Singhal) ।

মঙলবাৰে মন্ত্রী সিংহলে গুৱাহাটী পৌৰ নিগম আৰু গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকলক লগত লৈ মহানগৰীৰ বাহিনী নদীৰ পাৰৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি ‘মিশ্যন ফ্লাড ফ্ৰী গুৱাহাটী’ তথ‍া বানমুক্ত গুৱাহাটী অভিযানৰ অধীনত ৰূপায়িত বিভিন্ন কাম-কাজৰ বুজ লয় (encroached areas along the Bahini river) । লগতে তেওঁ বাহিনী নদীৰ কাষৰ বেদখলকৃত অঞ্চলসমূহো পৰিদৰ্শন কৰে ।

ৰাধাগোবিন্দ বৰুৱা পথৰ জোনালী পইণ্টৰ সমীপৰ বাহিনী নদীৰ দলঙৰ পৰা আৰম্ভ কৰা এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে চিৰিয়াখানা, সুন্দৰপুৰ, ৰাজধানী নাৰ্ছাৰী, লক্ষ্মীনগৰ, নয়নপুৰ, হেঙেৰাবাৰী, দিছপুৰ ৰ’টাৰী, ডাউন টাউন, ৰুক্মিনীগাঁও পিবকো পইণ্ট আদি বিভিন্ন এলেকাত বাহিনী নদীৰ দুয়োফালে হোৱা বেদখলৰ বুজ লয় । কেতবোৰ এলেকাত নদীখনৰ গতিপথ সংকুচিত কৰি একাংশ লোকে দেৱাল, বাসগৃহ আদি নিৰ্মাণ কৰা প্ৰত্যক্ষ কৰি এনে অবৈধ নিৰ্মাণৰ বাবে অনুমতি প্ৰদান কৰা গুৱাহাটী পৌৰ নিগমৰ দোষী বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষপ গ্ৰহণ কৰিবলৈ কতৃৰ্পক্ষক নিৰ্দেশ দিয়ে (Ashok Singhal reacts on Encroachment) ।

মহানগৰীৰ একাংশ নাগৰিকৰ অবিবেচক কাৰ্যকলাপৰ বাবে বাহিনী নদীৰ বুকু সীমাহীন আৱৰ্জনা, প্লাষ্টিকৰ বটল, পলিথিন আদিৰে ভৰি পৰাৰ লগতে গতিপথ সংকুচিত হৈ নদীখন মৃতপ্ৰায় হৈ পৰাৰ প্ৰসংগত তেওঁ আক্ষেপ প্ৰকাশ কৰে । তেওঁ কয় যে, বাহিনী, ভৰলু আদি নদীৰ পানী সংবহন ক্ষমতা স্বাভাৱিক ৰূপলৈ ঘূৰাই আনিব নোৱাৰিলে গুৱাহাটীক কৃত্ৰিম বানমুক্ত কৰাটো সম্ভৱ নহ’ব ।

সেয়ে তেওঁ মহানগৰীৰ বাসিন্দাসকলক এইক্ষেত্ৰত সজাগ আৰু সংবেদনশীলতাৰ পৰিচয় দিবলৈ আহ্বান জনায় । পৰিদৰ্শনকালত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালৰ লগতে পৌৰ নিগমৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত আছিল । আনহাতে মঙলবাৰে মন্ত্ৰী অশোক সিংহলে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান তথা অগ্নি আৰু জৰুৰীকালীন সেৱা বিভাগৰ সঞ্চালক সত্যেন্দ্ৰ নাৰায়ণ সিঙৰ সৈতে জনতা ভৱনস্থিত তেওঁৰ কাৰ্যালয়ত এক বিশেষ বৈঠকত মিলিত হয় ।

গুৱাহাটী মহানগৰীৰ ওখ ওখ অট্টালিকাসমূহৰ অগ্নি নিৰ্বাপন ব্যৱস্থাৰ পৰিদৰ্শন কৰাৰ লগতে তেনে ভৱনসমূহৰ বাসিন্দাসকলক সম্ভাব্য অগ্নিকাণ্ড তথা অন্যান্য জৰুৰীকালীন অৱস্থা সন্দৰ্ভত সচেতন কৰাৰ বাবে প্ৰয়োজনীয় সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষী বিষয়াগৰাকীক নিৰ্দেশ প্ৰদান কৰে । লগতে সম্ভাব্য দুৰ্ঘটনা প্ৰতিহত কৰাৰ স্বাৰ্থত অগ্নিনিৰ্বাপনৰ প্ৰয়োজনীয় নীতি-নিয়ম মানি নচলা অট্টালিকা সমূহৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও তেওঁ সঞ্চালকগৰাকীক নিৰ্দেশ দিয়ে ।

লগতে পঢ়ক: Amit Shah in Dibrugarh : ডিব্ৰুগড়ত অমিত শ্বাহৰ সভাক লৈ আৰক্ষীৰ কটকটীয়া নিৰাপত্তা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.