ETV Bharat / state

Milk price hike: শাক-পাচলিৰ পিচতে মহানগৰীত পুনৰ বৃদ্ধি হ’ব গাখীৰৰ মূল্য - বৃদ্ধি হ’ব গাখীৰৰ মূল্য

মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক সৰ্বস্বান্ত কৰাৰ সময়তে মহানগৰীত শীঘ্ৰে বৃদ্ধি পাব গাখীৰৰ মূল্য ৷ সম্প্ৰতি গুৱাহাটীৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য 57.40 টকা আৰু খুচুৰা মূল্য 60 টকাকৈ বিক্ৰী হৈ আছে ৷

Milk price hike will be in Guwahati
মহানগৰীত পুনৰ বৃদ্ধি হ’ব গাখীৰৰ মূল্য
author img

By

Published : Jul 14, 2023, 4:57 PM IST

গুৱাহাটী, 14 জুলাই : ৰাজ্যজুৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, শাক পাচলিৰ ব্যাপক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক সৰ্বস্বান্ত কৰাৰ সময়তে মহানগৰীত শীঘ্ৰে বৃদ্ধি পাব গাখীৰৰ মূল্য ৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই বৃহস্পতিবাৰৰ পৰা গৰুখুঁটিতে প্ৰতিলিটাৰ গাখীৰৰ মূল্য 3.50 টকালৈ বৃদ্ধি কৰিছে ৷

গৰুৰ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অজুহাত দেখুৱাই এবছৰৰ ভিতৰত 3.50 টকা পুনৰ বৃদ্ধি কৰিলে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই ৷ পূৰ্বতে প্ৰতিলিটাৰ গাখীৰৰ গৰুখুঁটিত মূল্য 53 টকা আছিল ৷ এইবাৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে গৰুখুঁটিত প্ৰতিলিটাৰ গাখীৰৰ মূল্য 56.50 টকালৈ বৃদ্ধি কৰে ৷

ইয়াৰ পিচতে গাখীৰ মূল্য বৃদ্ধিক লৈ সাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতিলিটাৰ গাখীৰৰ মূল্য 5 টকাকৈ বৃদ্ধি কৰাৰ দাবী কৰি আছিলে যদিও বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই এই দাবী মানি লোৱা নাছিল ৷ বৃহত্তৰ গুৱাহাটী গো-পালক সন্থা আৰু দুগ্ধ ব্যৱসায়ী সন্থাৰ মাজত হোৱা আলোচনাৰ অন্তত গো পালক সন্থাক 3.50 টকাকৈ প্ৰতিলিটাৰ গাখীৰৰ গৰুখুঁটিৰ মূল্য বৃদ্ধি কৰি দিয়াৰ সিদ্ধান্ত লোৱা হয় ৷

অৱশ্যে গৰুখুঁটিত গাখীৰৰ দাম বৃদ্ধি হৈছে যদিও বৰ্তমানো খুচুৰা বজাৰত গাখীৰৰ মূল্য বৃদ্ধি হোৱা নাই ৷ কেতিয়াৰ পৰা কিমান টকাকৈ গাখীৰৰ খুচুৰা মূল্য বৃদ্ধি হ’ব সেই বিষয়ে অতি শীঘ্ৰে সিদ্ধান্ত ল’ব বুলি জনায় বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ সভাপতি পদম বাচনেটে ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 27 জুলাইৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি হৈছিল গাখীৰৰ মূল্য ৷ সেই মূল্য অনুসৰি সম্প্ৰতি গুৱাহাটীৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য 57.40 টকা আৰু খুচুৰা মূল্য 60 টকাকৈ বিক্ৰী হৈ আছে ৷ গো-পালক সকলে গাখীৰৰ দাম বৃদ্ধি কৰাৰ লগে লগে বজাৰত শীঘ্ৰে বৃদ্ধি পাব গাখীৰৰ মূল্য ৷ লকডাউনৰ পূৰ্বে প্ৰতিলিটাৰ গাখীৰ গৰুখুঁটিৰ মূল্য 48 টকা হোৱাৰ পিচত লকডাউনৰ পিছত দুই টকা বৃদ্ধি হৈ 50 টকা হৈছিল আৰু বিগত বৰ্ষত 3 টকা বৃদ্ধি হৈ গৰুখুঁটিত প্ৰতিলিটাৰ গাখীৰৰ মূল্য 53 লৈ বৃদ্ধি হৈছিল ৷

লগতে পঢ়ক:Price hike in Milk: পহিলা আগষ্টৰ বৃদ্ধি পাব গাখীৰৰ দাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.