ETV Bharat / state

শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল খানাপাৰা

বৃহস্পতিবাৰে হাজাৰ হাজাৰ টেট শিক্ষকে কাহিলীপাৰা উত্তাল কৰাৰ পিছত শুকুৰবাৰে শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাই উত্তাল কৰে খানাপাৰৰ খেলপথাৰ । মজুৰী বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সমবেত হয় খানাপাৰাৰ খেলপথাৰত (Midday Meal workers stage protest at Khanapara)।

author img

By

Published : Mar 25, 2022, 5:54 PM IST

শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল খানাপাৰা
শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল খানাপাৰা

গুৱাহাটী, ২৫ মাৰ্চ : টেট শিক্ষকৰ পাছত এইবাৰ ৰন্ধন কৰ্মী-সহায়িকাৰ প্ৰতিবাদ । বৃহস্পতিবাৰে হাজাৰ হাজাৰ টেট শিক্ষকে কাহিলিপাৰা উত্তাল কৰাৰ পিছত আজি শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাই উত্তাল কৰে খানাপাৰৰ খেলপথাৰ । মজুৰী বৃদ্ধি আৰু চাকৰি নিয়মীয়াকৰণকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকা সমবেত হয় খানাপাৰাৰ খেলপথাৰত (Midday Meal workers stage protest at Khanapara) ।

খানাপাৰাৰ পৰা পদব্ৰজে তেওঁলোক কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছন সঞ্চালকৰ কাৰ্যালয়লৈ যোৱাৰ উদ্দেশে খানাপাৰাত সমৱেত হৈছিল । সদৌ অসম প্ৰাথমিক-উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু সহায়িকা সন্থাই এই প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰিছিল । কিন্তু খানাপাৰাৰ খেলপথাৰত সমৱেত হোৱাৰ পিছত আৰক্ষীয়ে তেওঁলোকক ওলাই অহাৰ ক্ষেত্রত বাধা প্ৰদান কৰে ।

বেৰিকেট দি তেওঁলোকক খানাপাৰা খেলপথাৰত আৱদ্ধ কৰি ৰখা হয় । শ শ ৰান্ধনি আৰু সহায়িকাই আৰক্ষীৰ বেৰিকেট উফৰাই কাহিলিপাৰা অভিমুখে যোৱাৰ বাবে চেষ্টা চলাই যদিও ব্যৰ্থ হয় । প্ৰতিবাদকাৰী সকলক নিয়ন্ত্রণ কৰাৰ বাবে খানাপাৰাত যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰা হয় । প্ৰতিবাদকাৰী সকলে খানাপাৰাতে অৱস্থান কৰি দাবীৰ সমৰ্থনত বিক্ষোভ প্ৰদৰ্শন কৰে ।

অৱশেষত বিভাগীয় বিষয়া আহি প্ৰতিবাদকাৰী সকলৰ দাবী সন্দৰ্ভত আলোচনা কৰি স্মাৰক পত্র গ্ৰহণ কৰে । তেওঁলোকৰ দাবী সন্দৰ্ভত উৰ্দ্ধতন কৰ্তৃপক্ষৰে আলোচনা কৰা হ'ব বুলি বিভাগীয় বিষয়াগৰাকীয়ে সদৰি কৰে । পুৱাৰ পৰা দিনৰ ভাগলৈ ৰন্ধন কৰ্মী আৰু সহায়িকা সকলৰ প্ৰতিবাদত উত্তাল হৈ থাকে খানাপাৰাৰ খেলপথাৰ ।

লগতে পঢ়ক : চাকৰি নিয়মীয়াকৰণৰ দাবীত কাহিলীপাৰাত শিক্ষকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.