গুৱাহাটী, ২৫ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ উদ্দেশ্য মঙলবাৰে কেইবাটাও বেংক আৰু মাইক্ৰ’ফাইনেঞ্চ বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে । এই প্ৰক্ৰিয়াই ৰাজ্যৰ মহিলা ঋণ গ্ৰহণকাৰী সকলক সকাহ দিয়াৰ প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছে বুলি ৰাজ্যবাসী পতিয়ন গৈছে । কিন্তু এনে সময়তে প্ৰশ্ন উঠিছে চৰকাৰী হিচাপ মতেই ৭২০০ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ন কৰিবলৈ লোৱা এই পদক্ষেপে প্ৰকৃততে কাক অধিক লাভান্বিত কৰিব !
লগতে পঢ়ক : Microfinance Loan: ঋণ ৰেহায়ৰ ক্ষেত্ৰত এখোজ আগুৱালে চৰকাৰে
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে কোৱা ধৰণে মঙলবাৰে বিত্তীয় প্ৰতিষ্ঠানৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিৰ সাক্ষৰ কৰাৰ সময়তো উল্লেখ কৰিছে যে, এই ঋণ ৰেহাইৰ প্ৰক্ৰিয়াত ঋণী মহিলা সকলক তিনিটা ভাগত আগ কৰা হৈছে । প্ৰথম ভাগত পৰা সকল হ'ল যি সকলে বহু প্ৰতিকূল পৰিস্থিতিৰ মাজতো ঋণৰ কিস্তি প্ৰতিশোধ কৰি আহিছে । এনে মহিলা সকলক ২৫০০০ টকাৰ এক উদগনি মূলক পুঁজি দিয়া হ'ব ।
দ্বিতীয় টো ভাগ হ'ল যি সকলে ক’ভিড কেন্দ্ৰিক পৰিস্থিতি বা অন্যান্য কাৰণত নব্বৈ দিন পৰ্যন্ত কিস্তি দিব পৰা নাই সেই সকল ঋণী মহিলা । এই মহিলা সকলক ৰৈ যোৱা কিস্তিৰ ধন চৰকাৰে সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানসমূহক পৰিশোধ কৰিব । তাৰ পিছত ঋণী মহিলা সকলক নিয়মিত কিস্তি পৰিশোধ কৰি যোৱাৰ বাবেও এক সাহায্য আগবঢ়াব । নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি এই সাহায্য হ'ব ২৫০০০ টকাৰ পৰা ঋণ গ্ৰহণকাৰীয়ে পূৰ্বে পৰিশোধ নকৰা কিস্তি পৰিশোধ কৰাৰ পিছত ৰৈ যোৱা ধনাংশ ।
লগতে পঢ়ক : ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান
অৰ্থাৎ যদি ঋণীয়ে পৰিশোধ নকৰা কিস্তি পৰিশোধ কৰোতে চৰকাৰৰ ২৫০০০ টকা খৰছ হৈ যায়, তেতিয়া হ'লে ঋণৰ পৰৱৰ্তী কিস্তি পৰিশোধ কৰাৰ বাবে চৰকাৰৰ পৰা ঋণীয়ে কোনো সহায় নাপাব । তৃতীয় ভাগত পৰা ঋণী সকল হ'ল সেই সকল যিয়ে ঋণৰ কিস্তি দিয়াৰ কোনো সামথ্য নাই বুলি কাৰ্যতঃ নিজে ঘোষণা কৰিছে । ঘোষিত আঁচনি অনুসৰি এনে মহিলাৰ ঋণৰ সমূদায় কিস্তি পৰিশোধৰ দায়িত্ব চৰকাৰে ল'ব । কিন্তু এই ক্ষেত্ৰত চৰকাৰে অতি কৌশলেৰে ঋণী মহিলা সকলক কেইবাটাও চৰ্তেৰে বান্ধি পেলাইছে যি অতি লক্ষণীয় ।
চৰ্ত অনুসৰি, এই মহিলা সকলক যদি ঋণদাতা বিত্তীয় প্ৰতিষ্ঠানে ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা ভংগ কৰি ঋণ গ্ৰহণৰ সামৰ্থত কৈ বেছি ঋণ দিছিল তেতিয়া হ’লে তাৰ দায়িত্ব সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানটোৱে ল'ব লাগিব । পৰিয়ালত চৰকাৰী চাকৰি বা পেঞ্চনাৰ থকা, চাৰিচকীয়া গাড়ী থকা বা পোন্ধৰ বিঘা মাটি থকা সকলে এই ঋণ ৰেহাই নাপাব । ইমানলৈ হয়তো কথাবোৰ ঠিকেই আছিল ।
লগতে পঢ়ক : মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই
চৰকাৰে এনে ঋণগ্ৰস্ত সকলক এই বুলি কোৱা হৈছে যে চৰকাৰে যি সকলৰ সমূদায় ঋণ পৰিশোধ কৰিব তেওঁলোকৰ 'চিবিল ৰেকৰ্ড' বেয়া হ'ব আৰু ভৱিষ্যতে কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ নাপাব । অভিযোগ অনুসৰি গাঁৱে-ভূঞে এই কথাৰ প্ৰচাৰেৰে এক প্ৰকাৰ আতংক বিয়পাই দিয়া হৈছে । আনকি পঞ্চায়ত প্ৰতিনিধিৰ দ্বাৰা কোৱা হৈছে যে, চৰকাৰৰ পৰা ঋণ ৰেহাই ল’লে নিজৰ কথা বাদেই ভৱিষ্যৎ প্ৰজন্মৰ সতি সন্ততিয়েও বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ নাপাব ।
এনে আতংক বিয়পাই দিয়াৰ বাবেই এতিয়া গৰিষ্ঠসংখ্যক মহিলাই ঋণ ৰেহাইৰ আবেদন দিবলৈ ভয় কৰিছে । মনকৰিবলগীয়া যে, চৰকাৰে যি কাৰণতে নহওক যদি কোনো নাগৰিকৰ ঋণৰ কিস্তি কোনো চৰকাৰী আঁচনিৰ অধীনত পৰিশোধ কৰে, তেতিয়া হ’লে তেতিয়া ঋণীৰ 'চিবিল ৰেকৰ্ড' বেয়া হোৱাৰ কোনো যুক্তি নাই । এনে সাৰ্বজনীন ঋণ মাপকে কেতিয়াও কিস্তিৰ ধন কোনে দিছে বা ক’ৰ পৰা আহিছে সেই কথা নোসোধে ।
লগতে পঢ়ক : জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা
তেনে প্ৰেক্ষাপটত চৰকাৰে ঋণ ৰেহাই দিলে তেনে মহিলাই বা তেওঁৰ সতি-সন্ততিও পৰৱৰ্তী ঋণৰ পৰা বঞ্চিত হোৱাৰ কোনো যুক্তি নাই । অথচ এনে অৰ্থহীন প্ৰচাৰেৰে ঋণী মহিলাৰ মাজত আতংক বিয়পাই দিয়াৰ অভিযান অব্যাহত আছে ।
আনহাতে, নাম প্ৰকাশত অনিচ্ছুক মাইক্ৰ’ফাইনেঞ্চ বিশ্লেষকৰ মতে চৰকাৰৰ এই আঁচনিৰ দ্বাৰা ঋণী মহিলা সমাজত কৈও অধিক লাভান্বিত হ'ব বেংক সমূহহে । মাইক্ৰ’ফাইনেঞ্চৰ লগত জড়িত বেংক সমূহে মাইক্ৰ’ফাইনেঞ্চ ইনষ্টিটিউশ্যন (এম এফ আই) সমূহক ১৩.৭৫ শতাংশ সূদৰ বিপৰীতে হে ক্ষুদ্ৰ ঋণ দিবলৈ পুঁজিৰ যোগান ধৰে । এমএফআই সমূহে এই সুদৰ হাৰৰ ওপৰত সৰ্বাধিক ১০ শতাংশ সূদ যোগ কৰি সাধাৰণ মহিলা বা আত্মসহায়ক গোট সমূহক ঋণ দি আহিছে ।
লগতে পঢ়ক : অসম-মেঘালয় সীমান্তৰ উমলাফেৰত উত্তেজনাময় পৰিস্থিতি
অৰ্থাৎ এনে উচ্চ হাৰৰ সুদ পৰিশোধ কৰি আহিছে দুখীয়া মহিলা সকলে । আৰু ইয়াৰ দ্বাৰা প্ৰত্যক্ষভাৱে লাভান্বিত হৈ আহিছে বৃহৎ বেংক সমূহ । 'বন্ধন'ৰ দৰে বেংক যি বিত্তীয় প্ৰতিষ্ঠানে প্ৰত্যক্ষভাৱে মাইক্ৰ’ফাইনেঞ্চ কৰে তেনে প্ৰতিষ্ঠান ঋণ ৰেহাইৰ আঁচনিৰ দ্বাৰা উৎফুল্লিত হোৱাই স্বাভাৱিক ।
মাইক্ৰ’ফাইনেঞ্চৰ সূদৰ হাৰ এই কাৰণেই বেছি যে এনে ঋণৰ বিপৰীতে কোনো মডগেজ লোৱা নহয় আৰু সেই বাবেই ৰিস্ক বেছি । কিন্তু যিহেতু চৰকাৰেই ঋণ পৰিশোধৰ দায়িত্ব ল’লে সেয়ে কোনো ক্ষতিশংকা বহন নকৰা কৈয়ে বেংক সমূহে সুদে মূলে সকলো ধন ঘূৰাই পোৱাৰ পথ মুকলি হ'ল ।
লগতে পঢ়ক : পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব পাৰে বড়ো ভূমিৰ শাসনৰ বাঘজৰী !
মনকৰিবলগীয়া যে, এক নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ’ফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ বাবে যি পদক্ষেপ লৈছে তাৰ আঁৰত ৰৈ গৈছে বহু গুৰুত্বপূৰ্ণ কথা । এই ঋণ ৰেহাইৰ ক্ষেত্ৰত হ'ব লগা ৰাজহুৱা পুঁজি ক’ৰ পৰা কেনেকৈ খৰছ কৰা হ'ব সেই সন্দৰ্ভত কোনো কথা চৰকাৰে জনোৱা নাই । ইয়াৰ বাবে গঠিত অশোক সিংঘাল কমিটিও এই ক্ষেত্ৰত নিমাত ।
দিছপুৰৰ এক শীৰ্ষ সূত্ৰৰ মতে, এই ঋণ ৰেহাইৰ ক্ষেত্ৰত ব্যয় হ’ব লগা ৭২০০ কোটি টকাৰ এটা অংশ খৰছ কৰা হ'ব নাবাৰ্ডৰ পৰা লোৱা ১১৫০০ কোটি টকাৰ কৃষি আন্তঃগাঁঠনি নিৰ্মাণৰ ঋণৰ পৰা । অতি সোনকালেই এই কথা তথ্য সহ পোহৰলৈ আহিব ।
লগতে পঢ়ক : অসমীয়াৰ স্বাভিমান গামোচাক অপমান; ভিডিঅ’ ভাইৰেল