নিউজ ডেস্ক, 6জুন: আজি ডিজিটেল মাধ্যমেৰে ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020 চনৰ ফলাফল ৷ অন্য বাৰৰ তুলনাত পৃথককৈ ঘোষণা কৰা হয় এই বাৰৰ ফলাফল ৷ 42জন শিক্ষাৰ্থীয়ে এই বৰ্ষত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, বিগত সাতটা বছৰৰ ভিতৰত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণৰ হাৰ সৰ্বাধিক ।
এই পৰীক্ষাত সৰ্বমুঠ 42জন ছাত্ৰ-ছাত্ৰীয়ে স্থান লাভ কৰে৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ৩,৪২,২২৪গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে ১,৬০,৭৯৪ গৰাকী আছিল ছাত্ৰ আৰু ১,৮১৪৩০গৰাকী আছিল ছাত্ৰী ৷ বিগত সাতটা বছৰৰ ভিতৰত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণৰ হাৰ সৰ্বাধিক । এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত 48,278গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে দ্বিতীয় বিভাগত 77,850 আৰু তৃতীয় বিভাগত 94,628গৰাকী শিক্ষাৰ্থী ৷
প্ৰথম স্থান লাভ কৰে দৰঙৰ ধৃতিমান বাস্তৱ কলিতাই ৷ ধৃতিমান বাস্তৱ কলিতাই 600নম্বৰৰ ভিতৰত লাভ কৰে ৫৯৫ ৷ ধৃতিমান বৰমপুৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ আছিল ৷
দ্বিতীয় স্থানত আছে ডিব্ৰুগড়ৰ অলংকৃতা গৌতম বৰুৱাই৷ অলংকৃতা গৌতম বৰুৱাই লাভ কৰে মুঠ 594নম্বৰ৷ অলংকৃতা ছল্ট ব্ৰুক স্কুলৰ ছাত্ৰী ৷
তৃতীয় স্থান লাভ কৰে তিনিগৰাকীকৈ শিক্ষাৰ্থীয়ে----নাৰায়ণপুৰৰ দেবিস্মা প্ৰিয়া বৰা,নলবাৰী জিলাৰ শংকৰদেৱ একাডেমীৰ ছাত্ৰ জ্যোতিস্মান দেৱ শৰ্মা আৰু গুৱাহাটীৰ ছেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ চাকী জি বুল্টনে লাভ কৰে তৃতীয় স্থান৷ আটাইকেইগৰাকীয়ে 600নম্বৰৰ ভিতৰত লাভ কৰে 591 নম্বৰ ৷
চতুৰ্থ স্থানত আছে নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নমস্যা ডেকা আৰু দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ হিয়াশ্ৰী শৰ্মা৷ দুয়োগৰাকী ছাত্ৰীয়ে লাভ কৰে 590নম্বৰ ৷
পঞ্চম স্থান লাভ কৰে ডিব্ৰুগড়ৰ নিলমনি আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ মানস উত্তম নেওগ,বেজেৰাৰ উদয়ন শান্তি নিকেতনৰ ছাত্ৰ অংকুৰজ্যোতি বেজবৰুৱা,নলবাৰীৰ কৰিয়া উচ্চতম মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ হিৰকজ্যোতি বৈশ্যেই ৷ আটাইকেইগৰাকীয়ে লাভ কৰা সৰ্বমুঠ নম্বৰ 589 ৷
ষষ্ঠ স্থানত উজলিল লখিমপুৰৰ ৰনোজ জ্যোতি বৰুৱা, শিৱসাগৰৰ হিমাশ্ৰী বৰুৱা,গোলাঘাটৰ হৰিদ্ৰা বৰা আৰু বৰপেটাৰোডৰ হৰ্চবৰ্ধন মাহেশ্বৰী ৷ আটাইকেইগৰাকীয়ে সৰ্বমুঠ 588 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷
সপ্তম স্থান দখল কৰে নৰ্থ লখিমপুৰৰ ছেইন্ট মেৰিজ স্কুলৰ ছাত্ৰ অভিলাষা দত্ত আৰু নগাৱৰ ছেইন্ট এন্ঠনীজ ইংলিছ স্কুলৰ ছাত্ৰী জলক ঝালানে৷ দুয়োগৰাকীয়ে লাভ কৰে 587নম্বৰ ৷
অষ্টম স্থানত উজলিল 5গৰাকীকৈ শিক্ষাৰ্থী৷ কাছাৰৰ হলী ক্ৰছ স্কুলৰ ছাত্ৰী অনিছা ৰয়, ৰামদিয়াৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ নিখিলেশ দত্ত, লখিমপুৰৰ ব্ৰুকফ্লিড স্কুলৰ ছিমৰণ বৰা, শিৱসাগৰৰ নামতি জাতীয় বিদ্যা নিকেতনৰ অন্তৰীক্ষ হাজৰিকা আৰু ডুমডুমাৰ ডন বস্ক'ৰ ছাত্ৰী অন্বেষা চাংকাকতী ৷ 600নম্বৰৰ ভিতৰত আটাইকেইগৰাকীয়ে লাভ কৰে 586 নম্বৰ ৷
সৰ্বমুঠ 585 নম্বৰেৰে নৱম স্থান দখল কৰে দৰঙৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ ভৃগু মোহন কুমাৰ, কাকডোঙাৰ শংকৰদেৱ শিশু নিকেতনৰ ৰাজদ্বীপ বৰুৱা, গোলাঘাট জাতীয় বিদ্যালয়ৰ নিহাৰিকা ভৰালী, পলাশতল কাশামাৰী হাইস্কুলৰ শিল্পী শিখা ডেকা, নলবাৰী জিলাৰ বাহাৰঘাট শংকৰদেৱ শিশু নিকেতনৰ মাছুম মেহতাব, বাহাৰঘাটৰ শংকৰদেৱ শিশু নিকেতনৰ ইমন বৈশ্য, মৰানহাটৰ ছেইন্ট জোছেফ হাই স্কুলৰ অভিনৱ গগৈ, তিনিচুকীয়া জিলাৰ ছেইন্ট ষ্টিফেন হাইস্কুল অবিনাশ কেওট, অসম জাতীয় বিদ্যালয় নুনমাটিৰ অনন্যা মেধি আৰু গুৱাহাটীৰ হেপ্পী চাইন্ড হাইস্কুলৰ নিৰজ খেতানে ৷
বৰপেটা জিলাৰ শংকৰদেৱ শিশু নিকেতনৰ পুজা বেনাৰ্জী, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেৰণা ডেকা, শিলচৰ কলেজিয়েট স্কুলৰ পৰ্চা তাছনিম বৰভূঞা, ডিব্ৰুগড়ৰ ছেইন্ট জেভিয়াৰ্ছ স্কুলৰ অনন্দিতা কোঁৱৰ, কামৰূপৰ ৰামদিয়া শংকৰদেৱ বিদ্যা নিকেতনৰ ভাৰ্গৱজ্যোতি দাস, কাৰ্বি আংলঙৰ ক্লিৰদাপ শংকৰদেৱ শিশু নিকেতনৰ অলিন্দিতা কলিতা,নৰ্থ লখিমপুৰৰ ছেইন্ট মেৰিজ হাইস্কুলৰ ডিৱিজ বিকাশ, নগাঁও জিলাৰ গুড ছামাৰিটান ইংলিছ হাইস্কুলৰ অংকিতা দে', নগাঁৱৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ঋত্বিক কুমাৰ সুত, নলবাৰী জিলাৰ আনন্দ বিদ্যা নিকেতনৰ শশাংক হালৈ আৰু শোণিতপুৰৰ লিটল ষ্টাৰ স্কুলৰ মিছবাহুল কৰিমে লাভ কৰে দশম স্থান৷ আটাইকেইগৰাকীয়ে লাভ কৰে 584 নম্বৰ ৷
২০১৯ বৰ্ষত উৰ্ত্তীৰ্ণৰ হাৰ আছিল ৬০.২৩ শতাংশ ইয়াৰ বিপৰীতে এইবেলি উত্তীৰ্ণৰ হাৰ হৈছে ৬৪.৮০ শতাংশ । বিগত সাতটা বছৰৰ ভিতৰত এই বৰ্ষতেই সৰ্বাধিক হয় উত্তীৰ্ণৰ হাৰ ৷