গুৱাহাটী,8 জুন: গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশ শাখাৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত অনুষ্ঠিত হয় । অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য লগতে নৱ-নিৰ্বাচিত কেইজনো সাংসদ ।হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাই মাদ্ৰাছা লগতে উচ্ছতৰ মাধ্যমিক পৰীক্ষাত স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনাই মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই । সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ছাত্ৰ ছাত্ৰী সকল দেশৰ ভবিষ্যত আৰু ভৱিষ্যতে দেশৰ হকে কাম কৰিব এই সকল ছাত্ৰ ছাত্ৰীয়ে ।
লগতে পঢ়ক: মুকলি আকাশৰ তলত সোণা উল্লাহ
এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰী সকলক এখন অভিনন্দন পত্ৰ, উপহাৰৰ টোপোলা আৰু 10 হাজাৰ টকাৰ একোখনকৈ চেক প্ৰদান কৰা হয় ৷