ETV Bharat / state

লক ডাউনত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা ?

author img

By

Published : Oct 11, 2020, 10:37 PM IST

লক ডাউনৰ সময়ছোৱাত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ৷ অৱনতি ঘটিছে মানসিক অৱস্থাও ৷ বিশেষকৈ কিশোৰ আৰু বিশেষভাৱে সক্ষম শিশুৰ মাজত দেখিবলৈ পোৱা গৈছে মানসিক অৱস্থাৰ অৱনতি ৷ মনোৰোগ বিশেষজ্ঞসকলৰ ভিন্ন গৱেষণা বা অধ্যয়নত প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য ৷

mental health problems increases during lock down

গুৱাহাটী, 11 অক্টোবৰ: মনোৰোগ বিশেষজ্ঞসকলে জানিবলৈ দিয়া অনুসৰি, লক ডাউনৰ বাবে কৰ্ম সংস্থাপন হেৰুৱাইছে বহু লোকে ৷ বিশেষকৈ বহিঃৰাজ্যত নিয়োজিত যুৱক-যুৱতীসকলে লক ডাউনৰ বাবে চাকৰি হেৰুৱাই উভতি আহিবলগীয়া হৈছে নিজ গৃহলৈ ৷ কামৰ অভাৱত বহু শিক্ষিত যুৱক-যুৱতী আবদ্ধ হৈ থাকিবলগীয়া হৈছে ঘৰৰ চাৰিবেৰৰ মাজত ৷ যিয়ে চৰম হতাশাৰ দিশে থেলি লৈ গৈছে তেওঁলোকক ৷ দীৰ্ঘদিনীয়া লক ডাউনৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থা আৰু কৰ্ম সংস্থাপনৰ অভাৱত জুৰুলা হৈ আত্মহত্যাৰ দৰে চূড়ান্ত পথো বাচি লৈছে একাংশই ৷ আন একাংশ আকৌ হৈছে ভিন্ন মানসিক ৰোগৰ চিকাৰ ৷

লক ডাউনত বৃদ্ধি পাইছে নেকি অপৰাধজনিত ঘটনা ?

গুৱাহাটী মহানগৰীৰ এখন আগশাৰীৰ চিকিৎসা প্ৰতিষ্ঠান মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎয়ালয়ত লক ডাউনৰ সময়ছোৱাত মানসিক ৰোগৰ চিকাৰ হৈ চিকিৎসাধীন হৈ আছে একুৰিৰো অধিক লোক ৷ চিকিৎসালয়খনৰ জেষ্ঠ মনোৰোগ বিশেষজ্ঞ ডাঃ গণেশ দাসে জনোৱা মতে, তীব্ৰ আৰ্থিক সংকট, কৰ'ণাৰ ভয়াৱহতা আৰু কৰ্মসংস্থাপনহীনতাই ইয়াৰ মূল কাৰণ ৷ আন এগৰাকী মনোৰোগ বিশেষজ্ঞ ডাঃ নিবেদিতা শৰ্মাই জনোৱা মতে, লক ডাউনৰ সময়ত অকলশৰীয়াকৈ থাকিবলগীয়া হোৱাটো মানুহৰ মানসিক ৰোগৰ আন এক কাৰণ।

এই সময়ছোৱাত আৰ্থিক সংকট, কৰ্ম সংস্থাপনহীনতাই একাংশ লোকৰ আত্মহত্যা আৰু মানসিক অৱস্থাৰ কাৰণ বুলি ঠাৱৰ কৰিছে মনোৰোগ বিশেষজ্ঞ সকলে ৷ এনেবোৰ অপৰাধ প্ৰৱণতা বা মানসিক আসোঁৱাহ দূৰ হোৱাৰ বাবে এতিয়া মাথো অপেক্ষা ভাল দিন ঘূৰি অহালৈ ৷

লগতে পঢ়ক: বিশ্ব মানসিক স্বাস্থ্য দিৱসত কি ক'লে দালাই লামাই ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.