ETV Bharat / state

আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো: এম বাথা - এম বাথা

সদলবলে ওদালগুৰিত আত্মসমৰ্পন কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সাক্ষ্যাৎ এনএলএফবিৰ(NLFB) মুৰব্বী এম বাথাৰ ৷ সংবাদমাধ্যমে আত্মসমৰ্পন বুলি প্ৰচাৰ কৰিলেও তেওঁ যুদ্ধবিৰতিহে ঘোষণা কৰিছে বুলি মন্তব্য বাথাৰ ৷ চৰকাৰক জনোৱা দাবী সম্পূৰ্ণ হলেহে সম্পূৰ্ণ অস্ত্ৰ-শস্ত্ৰ জমা দিব বুলি মন্তব্য বাথাৰ ৷

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বাথাই ক'লে, আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো

author img

By

Published : Jul 23, 2021, 5:48 PM IST

গুৱাহাটী, ২৩ জুলাই : এনএলএফবিৰ(NLFB) মুৰব্বী এম বাথাই বৃহস্পতিবাৰে সদলবলে ওদালগুৰিত আত্মসমৰ্পন কৰাৰ পিছতে শুকুৰবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীক সাক্ষাতৰ পাছতে তাৎপৰ্যপূৰ্ণভাৱে উগ্ৰপন্থী নেতাজনে মন্তব্য কৰে যে, তেওঁলোকে আত্মসমৰ্পন কৰা নাই, যুদ্ধবিৰতিহে ঘোষণা কৰিছে ।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বাথাই ক'লে, আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছোমুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বাথাই ক'লে, আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো
মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি বাথাই ক'লে, আত্মসমৰ্পন কৰা নাই যুদ্ধ বিৰতিহে ঘোষণা কৰিছো

একাংশ সংবাদ মাধ্যমেহে এয়া আত্মসমৰ্পন বুলি প্ৰচাৰ চলাইছে বুলি বাথাই ক্ষোভ উজাৰে । উগ্ৰপন্থী নেতাজনে আৰু কয় যে, তেওঁলোকৰ দাবীসমূহ ইতিমধ্যে চৰকাৰক জনোৱা হৈছে আৰু সেই দাবী সমূহ পূৰণ হ'লেহে সম্পূৰ্ণ অস্ত্ৰ শস্ত্ৰ আৰক্ষীক জমা দিব। এই দাবীসমূহৰ ভিতৰত প্ৰধান দাবী হ'ল- এতিয়াও উগ্ৰপন্থী সংগঠনটোৰ যিসকল নেতা-কেডাৰ কাৰাৰুদ্ধ হৈ আছে তেওঁলোকক শীঘ্ৰে মুকলি কৰি দিয়া, ৰঞ্জন দৈমাৰীৰ বিৰুদ্ধে থকা সকলো গোচৰ উঠাই লোৱা আদি ।

ইপিনে, মূলসূঁতিলৈ ঘূৰি অহা বাথাক স্বাগতম জনাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এয়া আত্মসমৰ্পন নে যুদ্ধবিৰতি তাকে লৈ উগ্ৰপন্থী নেতাজনে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এতিয়া শব্দৰ খেল খেলাটো উচিত নহয় । উল্লেখযোগ্য যে, বিদ্ৰোহী সংগঠন নেশ্যনেল লিবাৰেশ্য়ন ফ্ৰণ্ট অৱ বড়োলেণ্ড চমুকৈ NLFBৰ মুৰব্বী এম বাথা(M Batha)ই বৃহস্পতিবাৰে ওদালগুৰি জিলাৰ মাজবাটৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চিকাৰীডাঙত আত্মসমৰ্পণ (Surrender) কৰে ।

বাথাৰ সৈতে একেলগে 22 জন কেডাৰেও অসম আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিছিল ৷ আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত অন্যতম কেডাৰ হৈছে দুৰ্ধৰ্ষ নেতা বি বকো ৷ ভাৰত-ভূটানৰ সীমান্তৰে অৰুণাচল প্ৰদেশৰ পৰা চিকাৰীডাঙত উপস্থিত হয় আত্মসমৰ্পণ কৰা এই 23 জন NLFB কেডাৰ ৷

মাজবাট আৰক্ষী থানাৰ লালপানী আউটপোষ্ট (Lalpani Outpost)ৰ অধীনত চিকাৰীডাঙা অঞ্চলত এম বাথাৰ নেতৃত্বত জন্ম হোৱা বড়ো উগ্ৰপন্থী সংগঠনটোৱে থুলুঙা বসুমতাৰীৰ সহযোগত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণ অনুষ্ঠানত উপস্থিত থাকে অসম আৰক্ষী (Assam Police)ৰ শীৰ্ষ বিষয়া, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (G P Singh), বিধায়ক জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah), মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika) আৰু বিটিআৰ (BTR) চৰকাৰৰ শীৰ্ষ নেতৃত্ব ৷

লগতে পঢ়ক: ওদালগুৰিক লৈ বিজেপিৰ নতুন সমীকৰণ : গেৰুৱা হ’ব ৰিহণ দৈমাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.