ETV Bharat / state

লক ডাউন 4.0ঃ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক - lock down 4.0 Assam

মহানগৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ত লক ডাউন সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক । লক ডাউনৰ সময়ছোৱাত বিভাগসমূহৰ কাম কাজৰ খতিয়ান লোৱাৰ উপৰিও লক ডাউন 4.0 সম্পৰ্কেও বিস্তৃত আলোচনা কৰা হয় বৈঠকত ।

Meeting on lock down 4.0 at Kamrup DC office
লক ডাউন 4.0ঃ কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক
author img

By

Published : May 18, 2020, 6:35 PM IST

গুৱাহাটী,18 মেঃ মহানগৰীৰ জিলা উপায়ুক্ত কাৰ্যালয়ত লক ডাউন সন্দৰ্ভত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক । উক্ত বৈঠকত উপস্থিত থাকে গুৱাহাটী মহানগৰ উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লগতে সকলো বিভাগৰে শীৰ্ষ বিষয়াসকল । লক ডাউনৰ সময়ছোৱাত বিভাগসমূহৰ কাম কাজৰ খাতিয়ান লোৱাৰ উপৰিও লক ডাউন 4.0 সম্পৰ্কেও বিস্তৃত আলোচনা কৰা হয় এই বৈঠকত । লগতে লক ডাউনৰ এই সময়ছোৱাত ব্যৱসায়ীসকলক কেনেধৰণে সকাহ প্ৰদান কৰা হ'ব তাৰ ওপৰতো আলোচনা কৰা হয় ।

লক ডাউন 4.0ঃ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ভাষ্য

উল্লেখ্য যে, কৰ'ণাৰ এই ভয়াৱহতাৰ সময়চোৱাত ৰাইজে নিজেই সজাগ হ'ব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । লক ডাউন শিথিল হ'লেও ইয়াক অপব্যৱহাৰ নকৰিবলৈ আহ্বান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ । ইফালে বিজেপি নেতৃত্বই নিৰ্বাচনৰ পূৰ্বে মন্ত্ৰীসকল ৰিপোৰ্ট কাৰ্ড বিচৰা কাৰ্যক আদৰণি জনায় মন্ত্ৰী ভট্টাচাৰ্যই । নিজেও ৰিপোৰ্ট কাৰ্ড জমা দিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক-বাংগালুৰুত অসমৰ 30 যুৱকৰ হাহাকাৰ অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.