গুৱাহাটী, 3 জুনঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি ঘোষিত লক ডাউন প্ৰায় শিথিল কৰাৰ পিছত পুনৰ মুকলি কৰিবলৈ সাজু গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাকক্ষ ৷ ৰাজ্যৰ মুখ্য সচিবৰ সৈতে হোৱা মৌখিক আলোচনা মৰ্মে কিছু নীতি নিয়ম মানি অহা ৮ জুনৰ পৰা ব্যৱহাৰৰ বাবে মুকলি কৰা হ'ব সভাকক্ষটো ।
প্ৰথম অৱস্থাত সংবাদমেল,গ্ৰন্থ উন্মোচন,চিডি-ভিচিডি উন্মোচন,সংবাদ মাধ্যমৰ বাবে জৰুৰী বিবেচিত অনুষ্ঠানৰ বাবেহে সভাকক্ষ ব্যৱহাৰৰ অনুমতি দিয়া হ'ব ৷
উল্লেখযোগ্য যে,সভাকক্ষ ব্যৱহাৰৰ ক্ষেত্ৰত তলৰ নিয়মসমূহ পালন কৰাটো বাধ্যতামূলক-
• সামাজিক দূৰত্বৰ বজাই ৰখাৰ স্বাৰ্থত সভাকক্ষৰ ভিতৰত ২০ জনতকৈ বেছি লোক প্ৰৱেশ কৰিব নোৱাৰিব ৷
• মঞ্চত ৩ জনতকৈ অধিক লোকে আসন গ্ৰহন কৰিব নোৱাৰিব ৷
• সকলোৱে মাস্ক ব্যৱহাৰ কৰাতো বাধ্যতামূলক ৷
• সভাকক্ষত প্ৰৱেশ কৰাৰ পূৰ্বে হাত চেনিটাইজ কৰিব লাগিব সকলোৱে ৷
• অনুষ্ঠানত অংশ লোৱা সকলো ব্যক্তিৰে থাৰ্মেল স্কেনাৰেৰে শৰীৰৰ উত্তাপ জোখাটো বাধ্যতামূলক ৷
• প্ৰেছ ক্লাৱ কৰ্তৃপক্ষৰ অনুমতি লৈহে অনুষ্ঠানত খাদ্য সামগ্ৰী ব্যৱহাৰ কৰিব পাৰিব ৷
আনহাতে সকলোকে নীতি নিয়ম মানি দু:সময়ৰ ডাৱৰ আতৰাই সকলোৰে বাবে এখন সুৰক্ষিত সমাজ গঢ়াৰ বাবে আহ্বান জনাই প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে।
লগতে চাওকঃ হাইলাকান্দিত প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনাত ব্যাপক অনিয়ম!