ETV Bharat / state

লকডাউন :  মহানগৰীত ব্যাপক নাটনি ঔষধৰ - চৰকাৰী হাস্পতালত পৰ্যাপ্ত পৰিমাণৰ ঔষধ

লকডাউনৰ ফলত ৰাজ্যত ব্যাপক নাটনি হৈছে ঔষধৰ ৷ গুৱাহাটী মহানগৰীতো ঔষধৰ ব্যাপক নাটনি হোৱা পৰিলক্ষিত হৈছে ৷ জৰুৰীকালীন সেৱাসমূহ খোলা ৰখা হৈছে যদিও ঔষধ বিতৰণৰ ব্যৱস্থা খোলা নিদিয়াৰ ফলত নাৰ্চিং হোম, ফাৰ্মাচীত ঔষধৰ ব্যাপক নাটনিয়ে দেখা দিছে ৷

লকডাউন : ৰাজ্যত ব্যাপক নাটনি ঔষধৰ
লকডাউন : ৰাজ্যত ব্যাপক নাটনি ঔষধৰ
author img

By

Published : Jul 2, 2020, 8:58 PM IST

গুৱাহাটী, 2 জুলাই : ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত জাৰি কৰা লক ডাউনৰ ফলত ব্যাপক নাটনি হৈছে ঔষধৰ ৷ বিশেষকৈ ঔষধৰ বিতৰণ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত সমগ্ৰ মহানগৰীতে এতিয়া ফাৰ্মাচী আৰু ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ মহানগৰীৰ ফাৰ্মাচিষ্টসকলে সদৰী কৰে এই কথা ৷

জৰুৰীকালীন সেৱাসমূহ খোলা ৰখা হৈছে যদিও ঔষধ বিতৰণৰ ব্যৱস্থা খোলা নিদিয়াৰ ফলত নাৰ্চিং হোম, ফাৰ্মাচীত ঔষধৰ ব্যাপক নাটনিয়ে দেখা দিছে ৷ যাৰ ফলত সমস্যাত পৰিছে ঔষধ বিক্ৰেতাসকল ৷ আনহাতে, ব্যক্তিগত খণ্ডৰ নাৰ্চিংহোম, ফাৰ্মাচীত ঔষধৰ নাটনিক লৈ হাহাকাৰ হোৱাৰ সময়তে চৰকাৰী হাস্পতালত পৰ্যাপ্ত পৰিমাণৰ ঔষধ আছে বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সঞ্চালক এছ.এছ. লক্ষ্মণনে মন্তব্য দিয়ে ৷ লগতে ৰাজ্যত উপলব্ধ হবলগীয়া প্লাজমা থেৰাপিৰ প্ৰসংগতো মন্তব্য আগবঢ়ায় সঞ্চালকগৰাকীয়ে ৷

লকডাউন : ৰাজ্যত ব্যাপক নাটনি ঔষধৰ

ঔষধৰ এনে নাটনিৰ ফলত ৰোগী তথা ৰোগীৰ অভিভাৱক বিমোৰত পৰিছে বুলি জানিব পৰা গৈছে ৷ মহানগৰীৰ কোনো ফাৰ্মাচীত প্ৰয়োজনীয় ঔষধ নাপাই বিমুখ হ'ব লগা হৈছে বহু ৰোগী ৷

লগতে পঢ়ক : নতুন ভূমি নীতিৰ বিৰুদ্ধে তেজপুৰত গৰজি উঠিল আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.