ETV Bharat / state

অৱহেলিত শিশুৰ বাবে আমাৰ সকলোৰে কৰণীয় আছে: পীযুষ হাজৰিকা

author img

By

Published : Apr 22, 2022, 5:08 PM IST

ইউনিচেফ অসম আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰস্তুত কৰা “সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুঠি” উন্মোচন । সমাজৰ অৱহেলিত শিশুসকলৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে । পৰৱৰ্তী সময়ত ইউনিচেফ অসম আৰু ৰাজ্যৰ জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’বলগা কৰ্মশালাসমূহে সংবাদ মাধ্যমৰ লোকসকলক বিশেষভাৱে উপকৃত কৰিব ।

as-ghy-05-media-handbook-on-suraksha-inaugurated-by-minister-pijush-hazarika-7209925
অৱহেলিত শিশুৰ বাবে আমাৰ সকলোৰে কৰণীয় আছে: মন্ত্ৰী পীয়ূষ হাজৰিকা

গুৱাহাটী, ২১ এপ্ৰিল : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বৃহস্পতিবাৰে জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাগৃহত ইউনিচেফ অসম আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰস্তুত কৰা “সুৰক্ষা অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ হাতপুঠি” উন্মোচন কৰে । তথ্য আৰু জনসংযোগ বিভাগে ইউনিচেফ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সহযোগিতাত আগন্তুক সময়ত শিশু সুৰক্ষাৰ বাবে ৰাজ্যিক ভিত্তিত আৰম্ভ কৰা সুৰক্ষা অভিযানৰ অধীনত সংবাদ মাধ্যমৰ বাবে কৰ্মশালাৰ আয়োজন কৰিব বুলিও আজি উন্মোচনী সভাত ঘোষণা কৰা হয় ।

হাতপুঠিখন উন্মোচন কৰি মন্ত্ৰী হাজৰিকাই কয় যে, আমাৰ ভৱিষ্যত প্ৰজন্ম, বৰ্তমানৰ শিশুসকলক ভালকৈ ডাঙৰ কৰাৰ ক্ষেত্ৰত আমাৰ সকলোৰে কৰণীয় আছে । সমাজত থকা এচাম অৱহেলিত শিশুৰ ক্ষেত্ৰতো আমাৰ প্ৰত্যেকৰে কৰিবলগীয়া বহু আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইউনিচেফ অসমে গ্ৰহণ কৰা কাৰ্যসূচীৰ প্ৰশংসা কৰে ।

media handbook on suraksha inaugurated
ইউনিচেফ অসমে গ্ৰহণ কৰা কাৰ্যসূচীৰ প্ৰশংসা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

আনহাতে ক’ভিডৰ পাছৰ সময়খিনিত শিশুসকলে সন্মুখীন হোৱা সমস্যাৰাজিৰ সমাধানৰ বাবেও প্ৰত্যেকেই নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে । সমাজৰ অৱহেলিত শিশুসকলৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ বিশেষ ভূমিকা আছে বুলি উল্লেখ কৰি তেওঁ আশা কৰে যে, পৰৱৰ্তী সময়ত ইউনিচেফ অসম আৰু ৰাজ্যৰ জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’বলগা কৰ্মশালাসমূহে সংবাদ মাধ্যমৰ লোকসকলক বিশেষভাৱে উপকৃত কৰিব ।

আনহাতে অনুষ্ঠানত ইউনিচেফৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ মুৰব্বী ড৹ মধুলিকা জ’নাথনে কয় যে এই হাতপুঠিখনত শিশু সুৰক্ষাৰ বিষয়ে বিভিন্ন তথ্যৰ লগতে আঁচনি, নীতি আদি সন্নিবিষ্ট কৰা হৈছে । সুৰক্ষা অভিযানৰ জৰিয়তে মানুহক শিশু সুৰক্ষাৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে সজাগ কৰিবলৈ চেষ্টা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ।

অনুষ্ঠানত ইউনিচেফ অসমৰ কৰ্মকৰ্তাসকলৰ লগতে জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰ, তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰদীপ ব্ৰহ্ম আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল উপস্থিত আছিল ।

লগতে পঢ়ক: উচ্চ শিক্ষিত হৈ ভোটাধিকাৰ সাব্যস্ত নকৰাসকল দেশদ্ৰোহী : ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.