গুৱাহাটী, 1 নৱেম্বৰ: ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে গুৱাহাটীস্থিত অসম জল ভৱনত আই পি এ এছ ফাউণ্ডেচনৰ সহযোগত দুদিনীয়াকৈ আয়োজন কৰা স্বাস্থ্য মন্থন-৪ শীৰ্ষক কৰ্মশালা (Swasthya Manthan 4) আৰু পৰ্যালোচনা সভাৰ আজি শুভাৰম্ভ কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ কেশৱ মহন্তই ।
দুদিনীয়া কৰ্মশালাখনি সকলো জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, চিএমঅ’ (চিডি), এছ ডি এম এণ্ড এইচ অ', জিলা কার্যক্রম প্ৰৱন্ধক, মাণ্ডলিক অভিযন্তা (বৈদ্যুতিক), প্রকল্প অভিযন্তা (অসামৰিক), সহকাৰী অভিযন্তা (অসামৰিক), কনিষ্ঠ অভিযন্তা (অসামৰিক), কনিষ্ঠ অভিযন্তা (সা-সৰঞ্জাম), জিলা ঔষধালয় প্ৰৱন্ধক, খণ্ড কার্যক্রম প্ৰৱন্ধকসকলৰ উপস্থিতিত অনুষ্ঠিত হয় ।
উল্লেখ যে, প্রতিখন জিলাৰ স্বাস্থ্য সেৱা প্ৰদৰ্শনৰ ভিত্তিত জিলা অনুসৰি এক পর্যালোচনা সভা অনুষ্ঠিত কৰি অহা হৈছিল । যাৰ দ্বাৰা শিশু আৰু মাতৃসকলৰ স্বাস্থ্য কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয় । ইয়ে জিলাসমূহৰ স্বাস্থ্য সম্বন্ধীয় সমস্যাসমূহ সমাধান কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে ।
এই পৰ্যালোচনা সভাত ৰাজ্য আৰু জিলাৰ শ্ৰেষ্ঠ স্বাস্থ্য সেৱা প্ৰদৰ্শকসকলক স্বাস্থ্য মন্ত্রীয়ে তেওঁলোকৰ নিজ নিজ জিলাসমূহৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ সুবাদত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে সম্বৰ্ধনা জনায় ।
উল্লেখ্য যে, প্রতিবেদনৰ পৰিসংখ্যা অনুসৰি অসমে স্বাস্থ্য সেৱা সূচকত যথেষ্ট পৰিমাণে উন্নতি দেখুৱাবলৈ সক্ষম হৈছে । ২০২২-২৩ বর্ষৰ এপ্রিলৰ পৰা ছেপ্টেম্বৰলৈ মাতৃৰ মৃত্যুৰ সংখ্যা ২০২১-২২ৰ ৩৮৪ গৰাকীৰ বিপৰীতে ২৮৯ গৰাকীলৈ হ্ৰাস হৈছে (Maternal mortality rates in Assam)। এই হাৰ ২৫ শতংশলৈ হ্রাস পাইছে । আনহাতে, ২০২১-২২ বৰ্ষৰ ৩,৮৪২ টি শিশুৰ মৃত্যুৰ বিপৰীতে ২০২২-২৩ বৰ্ষৰ এপ্রিলৰ পৰা ছেপ্টেম্বৰলৈ শিশুৰ মৃত্যুৰ সংখ্যা ৩,৫২৩ টিলৈ হ্ৰাস পাইছে । এই হাৰ ৮.৩ শতাংশলৈ হ্ৰাস পাইছে (Neonatal mortality rates decreased in Assam) ।
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে স্বাস্থ্য সূচকৰ মান উন্নীতকৰণৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কৰা প্ৰচেষ্টাৰ শলাগ লয় । সভাত স্বাস্থ্য মন্ত্ৰীয়ে অসমৰ বাবে কেইবাটাও স্বাস্থ্য সম্বন্ধীয় কাৰ্যসূচীৰ ৰাজ্যিকভাৱে শুভাৰম্ভ কৰে ।
ইয়াৰ ভিতৰত ‘‘পালন ১০০০ অভিযান’’ৰ (Palan 1000 mission) মূল লক্ষ্য হৈছে যে, প্ৰথম ১০০০ দিনত শিশুসকলক এক উন্নত ভৱিষ্যত আৰু অতিৰিক্ত যত্ন প্ৰদান কৰা । পালন ১০০০ যাত্ৰাত শিশুৰ শাৰীৰিক, মানসিক বিকাশ আৰু অন্যান্য বিকাশৰ ওপৰত গুৰুত্ব দিয়া হ'ব । সেইদৰে আছে এছ এন চি ইউৰ অভিভাৱকসকলক বিত্তীয় সাহায্যৰ লগতে স্বাস্থ্য কেন্দ্ৰত উচ্চ বিপদাশংকা থকা শিশুক পুনঃনিৰীক্ষণ । প্ৰতিটো সাক্ষাতৰ বাবদ ২০০ টকাকৈ মুঠ ১০০০ টকা অভিভাৱকৰ একাউণ্টত জমা কৰা হ’ব । এই সুবিধাই স্বাস্থ্য কেন্দ্ৰত শিশুৰ পুনঃনিৰীক্ষণক আৰু অধিক খৰতকীয়া কৰি তুলিব । যাৰ ফলত নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিব ।
একেদৰে, টেলি মানস কার্যসূচীৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যতে বিনামূলীয়াকৈ টেলি কাউন্সেলিঙৰ জৰিয়তে মানসিক স্বাস্থ্য সম্পৰ্কীয় তথ্য জানিবলৈ বিচৰা ব্যক্তিক দিহা-পৰামৰ্শ প্ৰদান কৰা । তদুপৰি এইচ বি এন চি আৰু এ এন চি সেৱাৰ বাবে এক নিৰীক্ষণ পদ্ধতিৰ যোগেদি ক্ষেত্ৰ স্তৰৰ সঠিক তথ্য লাভ কৰিবলৈ আৰু ঘৰে ঘৰে গৈ এইচ বি এন চি আৰু এ এন চি সেৱাৰ মান উন্নীতকৰণক নিশ্চিত কৰিবলৈ এক অনলাইন পদ্ধতিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।
যিয়ে এটা মোবাইল এপৰ জৰিয়তে ক্ষেত্ৰৰ পৰা তথ্য সংগ্ৰহ কৰিবলৈ আৰু জিলা আৰু ৰাজ্যিক পৰ্যায়ত ডাশ্বব'ৰ্ডত প্রতিবেদন লাভ কৰিবলৈ সক্ষম কৰিব ।
আনহাতে, গোলকীয় উষ্ণতা বৃদ্ধি আৰু ইয়াৰ প্ৰভাৱৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ ২৪ অক্টোবৰৰ দিনটো জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিৱৰ্তন দিৱস হিচাপে পালন কৰা হয় । উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক ড° এম এছ লক্ষ্মী প্রিয়াৰ নেতৃত্বত ৮ জুনত স্বাস্থ্য মন্থন-১ আৰু ২ আগষ্টত স্বাস্থ্য মন্থন-২ আৰু ২৭ ছেপ্টেম্বৰত স্বাস্থ্য মন্থন-৩ অনুষ্ঠিত কৰা হৈছিল ।
আজিৰ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অভিযান সঞ্চালক ড° এম এছ লক্ষ্মী প্রিয়া, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ড° নীলমাধৱ দাস, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অ’এছডি পংকজ চমুৱা উপস্থিত থাকে ।
লগতে পঢ়ক : CMs Vigyan Darshan scheme: মুখ্যমন্ত্ৰীৰ বিজ্ঞান দৰ্শন আঁচনি মুকলি মন্ত্রী কেশৱ মহন্তৰ