ETV Bharat / state

প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত পুনৰ ব্যাপক সাল-সলনি

author img

By

Published : May 19, 2021, 9:18 PM IST

নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছত আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সাল-সলনি কৰিছে । বুধবাৰেও পুনৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰা হয় ।

massive-reshuffle-in-administration
প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত পুনৰ ব্যাপক সাল-সলনি

গুৱাহাটী, ১৯ মে': নতুন চৰকাৰখনে দায়িত্বভাৰ লোৱাৰ পাছত ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰি থকা হৈছে । আৰক্ষীৰ পাছত প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত পুনৰ সাল-সলনি ঘটোৱা হৈছে ।

সেই অনুসৰি অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰক সাংস্কৃতিক পৰিক্রমাৰ উপৰি পৰ্যটন বিভাগৰো দায়িত্ব অতিৰিক্তভাৱে দিয়া হৈছে । সেইদৰে জি এম ডি এৰ অতিৰিক্ত মুখ্য সচিব ফণীন্দ্র সিঙক নগৰ উন্নয়নৰ অতিৰিক্ত দায়িত্ব হৈছে ।

হস্ততাঁত বস্ত্রশিল্পৰ অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদক পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব ছেইদিন আব্বাছীক তথ্য প্রযুক্তি আৰু খনি বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে ৷

বিশ্বৰঞ্জন ছামালক খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্রধান সচিবৰ দায়িত্ব অৰ্পন কৰা হৈছে ৷

নিৰজ বাৰ্মাক সংসদীয় পৰিক্রমা, বিজ্ঞান আৰু তথ্য প্রযুক্তিৰ প্রধান সচিবৰ দায়িত্ব দিয়া হৈছে । তেওঁ অসম চৰকাৰৰ ব্যক্তিগত বিভাগৰ প্রধান সচিবৰ অতিৰিক্ত দায়িত্বত থাকিব ।

বি কল্যাণ চক্রৱৰ্তীক সৰ্বশিক্ষা অভিযান মিছনৰ পৰিচালন সঞ্চালকৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে ৷

ড০ জে বি এক্কাকো সংসদীয় পৰিক্রমা বিভাগৰ প্রধান সচিবৰ অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে ৷

সেইদৰে ড০ কৃষ্ণ কুমাৰ দ্বিবেদীক খনি আৰু খনিজাত পদাৰ্থ বিভাগৰ প্রধান সচিবৰ দায়িত্ব দিয়া হৈছে । তেওঁ আছাম হাইড্র’কাৰ্বন এণ্ড এনাৰ্জী কোম্পানীৰ পৰিচালন সঞ্চালকৰ দায়িত্বতো থাকিব ।

মুকেশ চন্দ্র চাহুক পৰ্যটন বিভাগৰ প্রধান সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে ।

মনীষ ঠাকুৰক নগৰ উন্নয়ন, গুৱাহাটী উন্নয়ন, বিত্ত, বিজ্ঞান আৰু প্রযুক্তি বিদ্যা বিভাগৰ আয়ুক্ত সচিব পদলৈ বদলি কৰা হৈছে ।পূৰ্বে অসম সচিবালয়ৰ প্রশাসনীয় বিভাগৰ আয়ুক্ত সচিব আছিল মনীষ ঠাকুৰ ।

মনালিছা গোস্বামীক নগৰ উন্নয়ন বিভাগৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে ।

এম এছ মনিভাননক সচিবালয়ৰ প্রশাসনীয় বিভাগৰ আয়ুক্ত সচিবৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে ।

আকাশ দ্বীপক তথ্য আৰু প্রযুক্তি বিভাগ, স্বচ্ছ ভাৰত মিছন (গ্রামীণ) বিভাগৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে ।

শ্রম আয়ুক্ত ছাজাদ জামান হাজৰিকাক বৰাক উপত্যকা আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ আয়ুক্ত হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে ।

সাংস্কৃতিক পৰিক্রমা, পৰিৱেশ আৰু বন বিভাগৰ সচিব মাধুৰিমা বৰুৱা সেনক সমাজ কল্যাণ বিভাগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে ।

বিনোদ চেছানক কৃষি বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে ।

হেমেন দাসক পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিব পদলৈ বদলি কৰা হৈছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্তৰ অতিৰিক্ত দায়িত্ব হেমেন দাসক দিয়া হৈছে ।

কামৰূপৰ অতিৰিক্ত উপায়ুক্ত কৈলাস কাৰ্তিকক গুৱাহাটী বায়’টেক পাৰ্কৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে ।

লগতে পঢ়ক: কি এই ব্লেক ফাংগাছ ? কৰিবলগীয়া আৰু নকৰিবলগীয়...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.