ETV Bharat / state

মাছ মাংসৰ বিকল্প হ'ব পাৰে প্ৰটিন যুক্ত খাদ্য মাছৰুম - alternate food of meat and fish

প্ৰটিন যুক্ত হোৱাৰ বাবে এনে দুৰ্যোগৰ সময়ত সকাহ প্ৰদান কৰিব পৰাকৈ মাছৰুম হৈছে এক উত্তম খাদ্যৰ লগতে খেতি ৷ এই সন্দৰ্ভত বিৱৰি কলে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক অশোকা ফে'ল প্ৰাপক প্ৰাঞ্জল বৰুৱাই ৷

Masroom may be the alternate food of meat and fish
মাছ মাংসৰ বিকল্প হ'ব পাৰে প্ৰটিন যুক্ত খাদ্য মাছৰুম
author img

By

Published : Apr 20, 2020, 8:55 PM IST

Updated : Apr 20, 2020, 9:20 PM IST

গুৱাহাটী, 19 এপ্ৰিল : মহামাৰীৰ বাবে দেশজুৰি অব্যাহত আছে লক ডাউন ৷ লক ডাউনৰ সময়ছোৱাত বৰ্তমান শোচনীয় পৰ্যায়লৈ গতি কৰিছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি ৷ উদ্যোগিক খণ্ড,কৃষি খণ্ড,শিক্ষা খণ্ডৰ লগতে সকলোতে এতিয়া মন্দাৱস্থা ৷ এই দুৰ্যোগৰ সময়ত পাচলিৰ লগতে কম বেছি পৰিমাণে মাছ মাংসৰ অভাৱে দেখা দিছে সমগ্ৰ ভাৰতবৰ্ষত। এনে বিপৰ্যয়ৰ সময়ত প্ৰটিন যুক্ত খাদ্যৰ লগতে খেতি হিচাপে একমাত্ৰ বিকল্প মাছৰুম খেতি ৷ যিয়ে খেতিয়কৰ লগতে সহায় কৰিব উপভোক্তাক ৷ প্ৰটিন যুক্ত হোৱাৰ বাবে এনে দুৰ্যোগৰ সময়ত সকাহ প্ৰদান কৰিব পৰাকৈ মাছৰুম হৈছে এক উত্তম খাদ্যৰ লগতে খেতি ৷ এই সন্দৰ্ভত বিৱৰি কলে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক অশোকা ফে'ল প্ৰাপক প্ৰাঞ্জল বৰুৱাই ৷

মাছ মাংসৰ বিকল্প হ'ব পাৰে প্ৰটিন যুক্ত খাদ্য মাছৰুম

উল্লেখ্য যে অসম তথা ভাৰত বৰ্ষত এই খেতিৰ উপযোগিতা সম্পৰ্কত ৰাইজ সচেতন তথা সজাগ নহয় যদিও চীনৰ দৰে দেশে এই খেতিৰ লাভ লাভ গ্ৰহণ কৰি আছে ৷ এই খেতিৰ বাবে খুব কম টকাৰ খৰছ হোৱাৰ লগতে কম সময়তে অধিক লাভ অৰ্জন কৰিব পৰা খেতি বুলি জানিবলৈ দিলে প্ৰাঞ্জল বৰুৱাই ৷ আনহাতে চৰকাৰে মাছৰুম খেতি সন্দৰ্ভত বৰ্তমানলৈ যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ইয়াত কৈ অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাইজক সজাগ কৰিলে মাছৰুম অসমৰ প্ৰেক্ষাপটত এক সুষম খাদ্যলৈ ৰূপান্তৰ হ'ব বুলি জানিবলৈ দিয়ে মাছৰুম ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

আনহাতে লক ডাউনৰ এই সময়ছোৱাতো মাছৰুম অৰ্থাৎ কাঠফুলা বিচাৰি একাংশ গ্ৰাহকে হাহাকাৰ কৰিছে বুলি জনালে প্ৰায় 25 বছৰ ধৰি মাছৰুম খেতি কৰি অহা এজন গাঁৱৰ খেতিয়ক প্ৰসন্ন দৈমাৰীয়ে ৷ এনে দুৰ্যোগৰ সময়ত কাঠফুলা এক বিকল্প খেতিৰ লগতে খাদ্য হ'ব পাৰে বুলি জানিবলৈ দিয়ে খেতিয়ক গৰাকীয়ে ৷

লগতে পঢ়কঃ ছয়গাঁৱত ষ্ট্ৰবেৰী খেতিয়কৰ মাজত হাহাকাৰ

Last Updated : Apr 20, 2020, 9:20 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.