কামৰূপ,19 মাৰ্চঃ সম্প্ৰতি কৰ’ণা ভাইৰাছক লৈ তৎপৰ হৈ পৰিছে সমগ্ৰ বিশ্ব ৷ ৰাজ্যৰ শাসকীয় চৰকাৰখনেও জনসাধাৰাণক পৰ্যাপ্ত সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনাই আহিছে ৷ বন্ধ ঘোষণা কৰা হৈছে ৰাজ্যৰ চৰকাৰী বেচৰকাৰী অনু্ষ্ঠান প্ৰতিষ্ঠান ৷ কৰ’ণা ভাইৰাছ আতংকৰ মাজতে এছাম অসাধু ব্যৱসায়ে অব্যাহত ৰাখিছে মাস্ক আৰু চেনিটাইজাৰৰ ক‘লা ব্যৱসায় ৷ ১০-২০ টকীয়া সাধাৰণ মাস্ক ফাৰ্মাচীসমূহত বিক্ৰী কৰা হৈছে প্ৰায় দুগুন দামত ৷ আনহাতে, চেনিটাইজাৰ সম্পূৰ্ণৰূপে নোহোৱা হৈছে ফাৰ্মাচী সমূহৰ পৰা ৷ কিছু সংখ্যক ফাৰ্মাচীত উপলব্ধ যদিও সেইয়া বিক্ৰী কৰা হৈছে আকাশলংঘী মূল্যত ৷ ডিলাৰসমূহেও ফাৰ্মাচীসমূহক দুয়োবিধ সামগ্ৰী অধিক মূল্যত যোগান ধৰি আহিছে ৷
কৰ'ণা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বৰ্তমান 2য় পৰ্যায়ত আছে বুলি প্ৰকাশ পোৱাৰ পিছতেই মাস্ক আৰু চেনিটাইজাৰ সকলো লোকৰে বাবে অধিক প্ৰয়োজনীয় হৈ পৰিছে ৷ সয়েহে সময় থাকোতেই ৰাজ্য চৰকাৰে মাস্ক আৰু চেনিটাইজাৰৰ ক'লা বজাৰ নিয়ন্ত্ৰণ কৰা উচিত অন্যথা পৰিস্থিতি আৰু অধিক ভয়াবহ হোৱাৰ সম্ভাৱনীয়তাই দেখা দিছে ৷
লগতে পঢ়ক-অসমত থকা দ্বিতীয়খন টেমছ ব্ৰীজ