গুৱাহাটী, 31 জানুৱাৰী: ৰাজ্য শেহতীয়াকৈ মানৱ সৰবৰাহৰ ঘটনা বিশেষকৈ শিশু আৰু মহিলা সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে (Human trafficking in Assam) । এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও মানৱ সৰবৰাহৰ ঘটনা বিশেষকৈ শিশু আৰু মহিলা সৰবৰাহৰ ঘটনা ৰোধ কৰিব পৰা নাই । কিয়নো সৰবৰাহকাৰীয়ে বিভিন্ন কৌশল অৱলম্বন কৰি নিজৰ জালত পেলাই শিশু আৰু মহিলাসকলক লৈ যায় বহিঃৰাজ্যলৈ ৷
দুখীয়া মহিলাসকলক প্ৰেমৰ জালত পেলাই অথবা কৰ্ম সংস্থাপন দিয়াৰ নামত প্ৰলোভন দি সৰবৰাহকাৰীয়ে লৈ যায় বহিঃৰাজ্যলৈ৷ ইয়াৰ বিপৰীতে শিশুসকলক অপহৰণ তথা পাকচক্ৰত পেলাই বহিঃৰাজ্যলৈ লৈ যায়৷ তাৰ পিছত বহিঃৰাজ্যত শিশুসকলক ঘৰুৱা কামত নিয়োগ কৰে, কেৱল ঘৰুৱা কামত নিয়োগ কৰাই নহয়, শিশুসকলৰ ওপৰত চলাই শাৰীৰিক, মানসিক অত্যাচাৰ আৰু যৌন নিপীড়ন ৷ আনহাতে মহিলাসকলক ৰেড লাইট এৰিয়াত বিক্ৰী কৰা বহু ঘটনাও পোহৰলৈ আহে ৷
উল্লেখ্য যে মানৱ সৰবৰাহৰ ঘটনা বিশেষকৈ শিশু আৰু মহিলা সৰবৰাহৰ ঘটনা সবাতকৈ ৰে’লৰ জৰিয়তে কৰা হয় (Children and women rescued from Train) । যাৰ বাবে ৰে’লত মানৱ সৰবৰাহৰ কৱলত পৰা শিশু তথা মহিলা অধিক উদ্ধাৰ হয় । মানৱ সৰবৰাহৰ ঘটনা বিশেষকৈ শিশু আৰু মহিলা সৰবৰাহৰ ঘটনাৰ ক্ষেত্ৰত উত্তৰ পূব সীমান্ত ৰে’লৱে শেহতীয়াকৈ এক উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে (Women and children rescued in railway areas)।
উত্তৰ পূব সীমান্ত ৰে’লৱে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য মতে উত্তৰ পূব সীমান্ত ৰে’লৱে এলেকাত ২০২২ বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ পৰ্যন্ত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ৬৮৬ টা নাবালক শিশু আৰু ৩৯ গৰাকী মহিলাক উদ্ধাৰ কৰিছে (Children and women rescued in North East) । আকৌ ২০২২ বৰ্ষৰ এপ্ৰিলৰ পৰা ডিচেম্বৰ পৰ্যন্ত, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ১০ জন মানৱ সৰবৰাহকাৰীক কৰায়ত্ত কৰিছে ।
উদ্ধাৰ কৰা শিশু/মহিলাকেইগৰাকীক সংশ্লিষ্ট চাইল্ড লাইন/বেচৰকাৰী সংগঠন, অভিভাৱক আৰু চৰকাৰী ৰে’ল আৰক্ষীৰ হাতত গতাই দিয়া হৈছে বুলি উত্তৰ পূব সীমান্ত ৰে’লৱে সূত্ৰই প্ৰকাশ কৰিছে । ৰে’লত মানৱ সৰবৰাহৰ ঘটনা বিশেষকৈ শিশু আৰু মহিলা সৰবৰাহৰ ঘটনা ৰোধ কৰাৰ বাবে উত্তৰ পূব সীমান্ত ৰে’লৱেত "মেৰী চহেলি" নামৰ এক নিৰাপত্তা গোট গঠন কৰা হৈছে ।
এই গোটে মহিলা/শিশু যাত্ৰীসকলৰ সুৰক্ষা/নিৰাপত্তাৰ বাবে আৰু যিকোনো জৰুৰী আৱশ্যকতাৰ বাবে হেল্পলাইন নং ১৩৯ ব্যৱহাৰৰ বিষয়ে অৱগত কৰিবলৈ ২৪ ঘণ্টাই সেৱা আগবঢ়াই আহিছে বুলি উত্তৰ পূব সীমান্ত ৰে’লৱে সূত্ৰই প্ৰকাশ কৰিছে (Human trafficking case in North East) ।
মন কৰিবলগীয়া যে যোৱা ২৭ জানুৱাৰীত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অন্তর্গত বিভিন্ন স্থানত চলোৱা বিভিন্ন তালাচীৰ সময়ছোৱাত কেইবাটাও ৰে’ল ষ্টেচনৰ পৰা ৪ জন নাবালকক উদ্ধাৰ কৰিছে । উদ্ধাৰ কৰা নাবালকসকলক পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ট চাইল্ডলাইন/অভিভাৱকসকলৰ হাতত গতাই দিয়া হয় ।
উল্লেখযোগ্য যে যোৱা ২৭ জানুৱাৰীত কামাখ্যাৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে ক্ৰাইম ইন্টেলিজেন্স ব্ৰাঞ্চ শাখাৰ (চিআইবি) দলৰ সৈতে যুটীয়াভাৱে কামাখ্যা ৰে’ল ষ্টেচনত নিয়মীয়া অনুসন্ধান অভিযান চলায় । অভিযানৰ সময়ত, তেওঁলোকে এজনী পলাই যোৱা নাবালিকা ছোৱালীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পিছত উদ্ধাৰ কৰা নাবালিকা ছোৱালীজনীক সুৰক্ষিত জিম্মা আৰু পৰৱৰ্তী বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে ৰে’লৱে চাইল্ডলাইন, গুৱাহাটীৰ হাতত গতাই দিয়া হয় ।
আন এটি ঘটনাত, লামডিং ৰে’লৱে সুৰক্ষা বাহিনীয়ে লামডিং ৰে’ল ষ্টেচনত নিয়মীয়া তালাচী অভিযান চলায় । অভিযানৰ সময়ত, তেওঁলোকে এজনী পলাই অহা নাবালিকা ছোৱালী আৰু দুজন পলাই অহা নাবালক ল'ৰাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
চিনাক্তকৰণৰ পিছত এই বিষয়টো আৰপিএফৰ দ্বাৰা তেওঁলোকৰ অভিভাৱকক জনোৱা হয় । পিছত উদ্ধাৰ কৰা নাবালক শিশুকেইটাক সঠিক প্ৰমাণীতকৰণৰ পিছত তেওঁলোকৰ নিজ নিজ পিতৃ-মাতৃৰ হাতত গতাই দিয়া হয় ।
লগতে পঢ়ক: Human trafficking racket in Morigaon: মৰিগাঁৱত সক্ৰিয় মানৱ সৰবৰাহকাৰী চক্ৰ