ETV Bharat / state

একত্ৰীকৰণৰ নামত পুনৰ বন্ধ হ’ব ৰাজ্যৰ পাঁচ শতাধিক প্ৰাথমিক বিদ্যালয়

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 2:34 PM IST

পুনৰ একত্ৰীকৰণৰ তৎপৰতা শিক্ষা বিভাগৰ । প্ৰস্তাৱ দাখিলৰ নিৰ্দেশ জিলা শিক্ষা বিষয়াবৰ্গক । একত্ৰীকৰণৰ ফলত সৰ্বাধিক বিদ্যালয় বন্ধ হ’ব লখিমপুৰত । কামৰূপত বন্ধ হ’ব ৩৪ খন বিদ্যালয় । ইতিপূৰ্বে ৰাজ্যত শিক্ষার্থী কম থকা ৭৬৫ খন প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ হ’ল ।

amalgamation
বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া

গুৱাহাটী, ৯ ডিচেম্বৰ : অব্যাহত আছে বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া । শিক্ষাৰ্থীৰ অভাৱ তথা নথকাৰ অজুহাতত চৰকাৰে এখনৰ পাচত আনখনকৈ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি আহিছে । লক্ষণীয় বিষয় যে এফালে চৰকাৰে চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাৰ মান বৃদ্ধি কৰাৰ বাবে গুণোৎসৱ, শিক্ষাসেঁতু এপ প্ৰযোজ্য কৰাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে শিক্ষাৰ্থীৰ অভাৱত বন্ধ কৰি গৈছে বিদ্যালয় ।

School amalgamation
পুনৰ একত্ৰীকৰণৰ তৎপৰতা শিক্ষা বিভাগৰ

ৰাজ্যত পুনৰ একত্ৰীকৰণৰ দ্বাৰা চৰকাৰে প্ৰাথমিক বিদ্যালয় বন্ধ কৰিবলৈ ওলাইছে । চৰকাৰী তথা প্ৰাদেশীকৃত মাতৃভাষা মাধ্যমৰ ষষ্ঠ অনুসূচী এলেকাক বাদ দি মুঠ ২৮ খন জিলাৰ ৫০৭ খন প্ৰাথমিক বিদ্যালয় ‘শিক্ষা ক্ষেত্ৰ’ আঁচনিৰ অধীনত একত্ৰীকৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে ।

School amalgamation
অব্যাহত আছে বিদ্যালয় একত্ৰীকৰণৰ প্ৰক্ৰিয়া

ইউডাইছ ২০২২-২৩ চনৰ তথ্যৰ আধাৰত সৰ্বশিক্ষা অভিযানে দিয়া সংখ্যাৰ ভিত্তিত প্ৰাথমিক শিক্ষা সঞ্চালকে ৩০ জনতকৈ কম শিক্ষার্থী থকা বিদ্যালয়ৰ তালিকা প্ৰস্তুত কৰিছে । এই তালিকা মতে জিলা শিক্ষা বিষয়াসকলক আন্তঃগাঁথনি আৰু নামভৰ্তিৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ১০ ডিচেম্বৰৰ ভিতৰত একত্ৰীকৰণৰ প্ৰস্তাৱ দাখিল কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শেহতীয়াকৈ এক নিৰ্দেশনা জাৰি কৰিছে ।

উল্লেখ্য যে, ইতিপূৰ্বে ৰাজ্যত শিক্ষার্থী কম থকা ৭৬৫ খন প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণ হৈ গ’ল । ৫০৭ খন বিদ্যালয় একত্ৰীকৰণৰ জৰিয়তে পুনৰ একাংশ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে । একত্ৰীকৰণ হ’বলগীয়া প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত আছে ৪১১ খন অসমীয়া মাধ্যমৰ, ৫৫ খন বঙালী মাধ্যমৰ, দুখন মণিপুৰী মাধ্যমৰ বিদ্যালয় ৷

ইয়াৰ উপৰিও ১৭ খন বড়ো মাধ্যমৰ, বড়ো আৰু অসমীয়া যৌথ মাধ্যমৰ ৪ খন, মাৰসকলৰ বাবে থকা ২ খন, বাঙালী আৰু মণিপুৰী দুয়োটা মাধ্যম থকা বিদ্যালয় ৩ খন, ইংৰাজী মাধ্যমৰ ১ খন, হিন্দী মাধ্যমৰ ৩ খন, গাৰো মাধ্যমৰ ৮ খন, অসমীয়া আৰু বাঙালী দুয়োটা মাধ্যম থকা এখন বিদ্যালয় একত্ৰীকৰণ হ’ব ।

উল্লেখ্য যে, ইতিপূৰ্বে কম শিক্ষার্থী থকা ১০১৩ খন হাইস্কুলো একত্ৰীকৰণ হৈছিল । প্ৰাথমিক শিক্ষা সঞ্চালকে জিলা শিক্ষা বিষয়াসকললৈ দিয়া নিৰ্দেশটোত একত্ৰীকৰণৰ প্ৰস্তাৱ বিচাৰি দিয়া তালিকাত সৰ্বাধিক বন্ধ হ’বলগীয়া বিদ্যালয় আছে লখিমপুৰত । জিলাখনৰ ৪২ খন বিদ্যালয় একত্ৰীকৰণ হ'ব । সেইদৰে কামৰূপত ৩৪ খন আৰু ডিব্ৰুগড়ত ২৮ খন বিদ্যালয় একত্ৰীকৰণ হ'ব ।

আনহাতে, একেবাৰে কম মাত্ৰ এখনহে বিদ্যালয় বন্ধ হ’ব দক্ষিণ শালমাৰাত । ইফালে বজালীত ৫ খন আৰু ধুবুৰীত ৪ খন বিদ্যালয় একত্ৰীকৰণৰ ফলত বন্ধ হৈ পৰিব । লক্ষণীয় বিষয় যে বিভিন্ন দল-সংগঠনে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ লগতে শিক্ষাৰ গুণগত মান উন্নত কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই ৷

এসময়ত চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ যোগেদিয়েই ৰাজ্যখনৰ প্ৰায় সমগ্ৰ শিক্ষা ব্যৱস্থাটোৱে পৰিচালিত হৈছিল । কিন্তু বৰ্ত্তমান সময়ত ক্ৰমাৎ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাটো অস্তিত্বহীন হৈ পৰিছে । প্ৰকৃততে ৰাজ্য চৰকাৰৰ চৰম অবহেলা আৰু সদিচ্ছাৰ অভাৱতে ক্ৰমাৎ জহি-খহি গৈছে ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ড ।

চৰকাৰী বিদ্যালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনি আৰু শিক্ষাৰ গুণগত মান সময় সাপেক্ষে উন্নত নকৰাৰ পৰিপ্ৰেক্ষিততে শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাৎ কমি অহাৰ লগতে ফলাফল অবনমিত হৈছে । কিন্তু চৰকাৰখনে এইক্ষেত্ৰত অলপো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । বৰং চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ ক্ৰমাৎ বন্ধ কৰি এই খণ্ডটোকে নোহোৱা কৰিব বিচৰা হৈছে । চৰকাৰে বাস্তৱ ক্ষেত্ৰত সমস্যসমূহ সমাধান নকৰিলে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহ বিলুপ্ত হোৱাৰ পথ সুগম হ’ব ।

লগতে পঢ়ক : ভাৰতীয় সামৰিক একাডেমীত পাছিং আউট পেৰেড, দেশে লাভ কৰিলে ৩৪৩ গৰাকী সামৰিক বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.