ETV Bharat / state

শনিবাৰেও বহিঃৰাজ্যৰ পৰা বহু লোক আহি উপস্থিত হৈছে সৰুসজাই ষ্টেডিয়ামত

শনিবাৰেও বহিঃৰাজ্যৰ পৰা বাছ যোগে আহি বহু লোক উপস্থিত হ'ল সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেন্টাৰত। বহিঃৰাজ্যত থকা অসমৰ লোক সকলক কঢ়িয়াই পুৱাৰ ভাগৰ পৰাই কেইবাখনো বাছ উপস্থিত হয় সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেন্টাৰত।

author img

By

Published : May 9, 2020, 7:50 PM IST

many people reach Sarusajai Stadium Quarantine centre from outside
শনিবাৰেও বহিঃৰাজ্যৰ পৰা বহু লোক আহি উপস্থিত হৈছে সৰুসজাই ষ্টেডিয়ামত

গুৱাহাটী,9 মে'ঃ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে দেশজুৰি অব্যাহত থকা লক্ ডাউনৰ ফলত অসমৰ পৰা যোৱা কেইবালাখ লোক দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰিছে । দেশৰ বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰা লোক সকলক ৰাজ্য চৰকাৰে বিশেষ বাছ যোগে অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে আৰু এই ব্যৱস্থাৰ অধীনত ইতিমধ্যে বহু লোক অসমত আহি উপস্থিত হৈছে । বহিঃৰাজ্যৰ পৰা উভতি অহা লোক সকলক ৰখাৰ বাবে চৰকাৰে সৰুসজাই ষ্টেডিয়ামত এক বিশাল কোৱাৰেণ্টাইন চেন্টাৰ নিৰ্মাণ কৰিছে আৰু এই লোক সকলক সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেন্টাৰত ৰখা হৈছে । বিগত কিছুদিন ধৰি বহিঃৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ লোকৰ আগমন অব্যাহত আছে আৰু শনিবাৰেও পুৱাৰ ভাগৰে পৰা কেইবাখনো বাছত বহু লোক বহিঃৰাজ্যৰ পৰা আহি সৰুসজাইত উপস্থিত হৈছে।

প্ৰতিদিনে ১০-১২ খন বিশেষ বাছ যোগে বহিঃৰাজ্যত থকা অসমৰ লোক সকল নিজ ৰাজ্যলৈ উভতি আহি আছে । শনিবাৰে দিল্লী, মুম্বাই, বৃন্দাবনৰ লগতে দেশৰ কেইবাখনো ৰাজ্যৰ পৰা ৮ খন বাছৰে বহু লোক অসমলৈ উভতি আহিছে । দুপৰীয়াৰ ভাগত চেন্নাইৰ পৰাও এখন বিশেষ বাছ বহু লোকক লৈ সৰুসজাইত উপস্থিত হয় । এই সকল লোক সৰুসজাইত উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰি সৰুসজাই ষ্টেডিয়ামৰ কোৱাৰেণ্টাইন চেন্টাৰত ৰখা হয় ৷ দেশৰ বিভিন্ন প্ৰান্তত কৰ্মৰত লোক সকলৰ লগতে শিক্ষাৰ্থী সকল আৰু চিকিৎসাৰ বাবে বাহিৰলৈ যোৱা লোক সকলক বিশেষ বাছ যোগে অসমলৈ উভতাই অনাৰ প্ৰক্ৰিয়া অব্যাহত আছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.