ETV Bharat / state

Assam Book Fair 2022 : সামৰণিৰ পূৰ্বৰ দিনটোত পৰুৱাৰ বাবেও বাট নাই গ্ৰন্থমেলাৰ বাকৰিত

author img

By

Published : Jan 8, 2023, 9:24 PM IST

একাদশ দিনাও গ্ৰন্থপ্ৰেমীৰ উমত উমাল হৈছে অসম গ্ৰন্থমেলাৰ বাকৰি (Assam Book Fair 2022) ৷ ১১ দিনত বিক্ৰী হৈছে ৫ কোটি টকাৰ গ্ৰন্থ (Huge amount of books selling at Assam Book Fair 2022) ৷ দেওবাৰে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গ্ৰন্থপ্ৰেমীৰ বিশাল জনসমাৱেশ প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ৷

Many people gather at Assam Book Fair
গ্ৰন্থপ্ৰেমীৰ উমত উমাল হৈছে অসম গ্ৰন্থমেলাৰ বাকৰি

গুৱাহাটী, ৮ জানুৱাৰী : আজি একাদশ দিনাটো জনসমুদ্ৰত পৰিণত হৈছে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাৰ বাকৰি (Assam Book Fair 2022) ৷ দেওবাৰে পুৱা গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰাৰ পৰা আৰম্ভ হোৱা জনস্ৰোতে সন্ধিয়াৰ ভাগত বিৰ দি বাট বিচাৰি নোপোৱা অৱস্থাৰ সৃষ্টি কৰে (Many people gather at Assam Book Fair)৷

ইপিনে “মুকুতা” আলোচনীৰ উদ্যোগত অনুষ্ঠিত কৰা “শিশুৰ দিন”ত কণ-মইনাহঁতৰ কলকলনিত মুখৰিত হৈ পৰিছে অসম গ্ৰন্থমেলা ৷ “শিশুৰ দিন” উদ্বোধন কৰে বিশিষ্ট শিশু সাহিত্যিক হৰপ্ৰিয়া বাৰুকিয়াল বৰগোঁহাঞিয়ে ৷ অসম প্ৰকাশন পৰিষদৰ এই প্ৰচেষ্টাৰ শলাগ লৈ তেওঁ কয়, “গ্ৰন্থমেলাত এনেদৰে এটা দিন শিশুৰ বাবে দিয়াটো অন্ত্যন্ত আাশাব্যঞ্জক ৷ শিশুৰ প্ৰতিভা বিকাশ আৰু সেই প্ৰতিভাক এখন মঞ্চ দিয়াটো আতি প্ৰয়োজনীয় ৷

কাৰণ শিশুসকলেই দেশৰ ভৱিষ্যত ৷ অসম প্ৰকাশন পৰিষদে এই কাম কৰি শিশুসকলক উৎসাহ যোগাইছে’’ ৷

শিশুৰ দিন উপলক্ষে আজি গ্ৰন্থমেলাত তিনিটা শাখাত অনুষ্ঠিত হয় চিৰঞ্জীৱ দত্ত সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা ৷ একেদৰে অনুষ্ঠিত কৰা হয় আকষ্মিক বক্তৃতা, কবিতা আবৃত্তি আৰু সাধু কোৱা প্ৰতিযোগিতা ৷ সাধু কোৱা প্ৰতিযোগিতাত “ক” শাখাত অভিৰূপ আকাশ শাণ্ডিল্য, স্নেহাশ্ৰী গোস্বামীয়ে যুটীয়াভাৱে প্ৰথম, ভাস্বতী শাণ্ডিল্য, শিপা ভৰদ্বাজে যুটীয়াভাৱে দ্বিতীয়, দিশিতা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু ৰাগিনী কাশ্যপ, অক্ষীকা কাশ্যপে উদগনি বঁটা লাভ কৰে ৷

লগতে পঢ়ক : Assam Book Fair 2022 : পঞ্চম দিনাও লোকাৰণ্য অসম গ্ৰন্থমেলাৰ বাকৰি

“খ” শাখাত বাবলী সূত্ৰধাৰ, স্বাতী মেধিয়ে যুটীয়াভাৱে প্ৰথম, যুগান্তৰ কৈৱৰ্ত্তই দ্বিতীয়, আদ্ৰিকা বৰঠাকুৰ, জিৰাস্মৃতা নথে যুটীয়াভাৱে তৃতীয় স্থান আৰু পাল্কী বেজবৰুৱা, প্ৰশস্তি মজুমদাৰ, প্ৰিয়াস্মিতা ৰয়ে উদগনি বঁটা লাভ কৰে ৷ আকষ্মিক বক্তৃতা প্ৰতিযোগিতাত “ক” শাখাত হিমজ্যোতি কুমাৰে প্ৰথম, স্নেহশ্ৰী গোস্বামীয়ে দ্বিতীয়, জ্যোতিষ্মান দাসে তৃতীয় স্থান আৰু মৃগনাভ কলিতা, সৃষ্টি কলিতা, পূৱাঞ্চী দাসে উদগনি বঁটা লাভ কৰে ৷

“খ” শাখাত বাবলী সূত্ৰধৰে প্ৰথম , জিৰাস্মৃতা নাথে দ্বিতীয়, তুষা ভট্টাচাৰ্যই তৃতীয় স্থান আৰু মনস্তুতি বৰা, প্ৰজ্বলিতা বড়া , স্বাতী মেধিয়ে উদগনি বঁটা লাভ কৰে ৷ কবিতা আবৃত্তি প্ৰতিযোগিতাত “ক” শাখাত পূৱাঞ্চী দাসে প্ৰথম, হিমজ্যোতি কুমাৰে দ্বিতীয়, শিপা ভৰদ্বাজে তৃতীয় আৰু দ্বিশিতা ভৰদ্বাজ, অভিনন্দা কলিতাই উদগনি বঁটা লাভ কৰিছে ৷

কবিতা আবৃত্তি প্ৰতিযোগিতাৰ “খ” শখাত ৰাঘৱী দত্তই প্ৰথম , ৰিমঝিম হাজৰিকাই দ্বিতীয়, অনুশিখা ডেকাই তৃতীয় আৰু তুষা ভট্টাচাৰ্য, নাছৰিণ আহমেদ, প্ৰজ্বলিতা বড়াই উদগনি বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ “ক” শাখাত তৃষা দেৱীয়ে প্ৰথম, ৰিয়াংশী বেজবৰুৱাই দ্বিতীয়, জিজ্ঞাসা গৌতমে তৃতীয় স্থান আৰু দোক্‌মোকালি গোস্বামী, তুহিন তালুকদাৰ, অভিশ্ৰুতি তালুকদাৰ, অংশুমাল দেউৰী, বিপাশা মহন্তই উদগনি বঁটা লাভ কৰে ৷

লগতে পঢ়ক : Assam Book Fair 2022: ছদিনত 1 কোটি 90 লাখ টকাৰ গ্ৰন্থ বিক্ৰী

চিত্ৰাংকন প্ৰতিযোগিতাৰ “খ” শাখাত দিশাংক চক্ৰৱৰ্তীয়ে প্ৰথম, বনশ্ৰী ডেকাই দ্বিতীয়, খ্যাতি কলিতাই তৃতীয় স্থান আৰু অনুৰাগ শৰ্মা, ঋতুৰাজ দেৱশৰ্মা, কৃশানুজ্যোতি কাশ্যপ, এনী কাশ্যপ, উপাসনা মহন্তই উদগনি বঁটা লাভ কৰিছে ৷ “গ” শাখাত নিশিতা বেজবৰুৱাই প্ৰথম, পাৰ্ল দত্তই দ্বিতীয়, শোভাংগী স্নেহা কাশ্যপে তৃতীয় স্থান আৰু দীপম পাটোৱাৰী, বংকিম পাঠক, লিজা ৰহমানে উদগনি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷

প্ৰতিযোগিতাৰ ফলাফল অনুসৰি কাইলৈ অৰ্থাৎ সোমবাৰে গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত বঁটা-বিতৰণী কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ৷ উল্লেখ্য যে, বিদ্বৎ সমাজ, সাহিত্যপ্ৰেমী আৰু ছাত্ৰ-ছাত্ৰীসকলে গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক কৰা বুলি উল্লেখ কৰে অসম প্ৰকাশন পৰিষদৰ লগতে ইয়াত অংশগ্ৰহণ কৰা আন আন প্ৰকাশন গোষ্ঠীসমূহেও (Huge amount of books selling at Assam Book Fair 2022) ৷

লগতে পঢ়ক : Assam Book Fair 2022: অসম গ্ৰন্থমেলাত 4 দিনত 1 কোটি টকাৰ গ্ৰন্থ বিক্ৰী

অসম গ্ৰন্থমেলাৰ একাদশ দিনালৈ ৫ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি মন্তব্য কৰে প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৷ তদুপৰি মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মনপৰশা কাৰ্যসূচীয়ে মুখৰিত কৰি তোলে গ্ৰন্থমেলা প্ৰাংগণ ৷ উক্ত অনুষ্ঠান পৰিচালনা কৰে প্ৰবোধ দাসে ৷

আনহাতে, দেওবাৰে সন্ধিয়া অসম গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গ্ৰন্থমেলাৰ পৰিৱেশ দেখি অভিভূত হৈ পৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী । সাংবাদিকৰ আগত তেওঁ কয়, “অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গ্ৰন্থ আন্দোলন তৰান্বিত কৰি অসমত এক সুন্দৰ বৌদ্ধিক বাতাবৰণ গঢ়ি তুলিছে ৷

অসম চৰকাৰৰ উদ্যোগত গ্ৰন্থমেলা গুৱাহাটীৰ লগতে বিভিন্ন জিলালৈ সম্প্ৰসাৰিত কৰাটো অতি গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ ইয়াৰ ফলত বিদ্যায়তনিক ক্ষেত্ৰখন সমৃদ্ধ হ’ব ৷ ভাষা-সাহিত্যৰ বাবেও এই পদক্ষেপ আশাব্যঞ্জক ৷ মানুহে দলে দলে আহি গ্ৰন্থ ক্ৰয় কৰাটো অত্যন্ত উৎসাহজনক ৷ বিশেষকৈ তৰুণ প্ৰজন্মই কিতাপৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাটো সমাজ-জীৱনৰ বাবে শুভবাৰ্তা৷ ইয়াৰ জৰিয়তে নতুন প্ৰজন্মৰ পঢ়াৰ অভ্যাস গঢ় লৈ উঠিব’’ ৷

অসম গ্ৰন্থমেলাৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ৰয় কৰে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা “নৱকান্ত বৰুৱা ৰচনাৱলী” আৰু “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী” ৷ ইফালে সমন্বয় প্ৰকাশন আৰু শিশু সাহিত্য ন্যাসে গ্ৰন্থৰ টোপোলা উপহাৰ দিয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৷

লগতে পঢ়ক : Assam Book Fair 2022 : ৯ দিনত ৩ কোটি ৬০ লাখ টকাৰ কিতাপ বিক্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.