ETV Bharat / state

Khanapara open Firing Update : কইনাধৰাৰ গুলীচালনাত জড়িত ছয় অভিযুক্তক আটক - চাঞ্চল্যকৰ গুলীচালনা ঘটনা

12 অক্টোবৰৰ দিনা খানাপাৰাৰ কইনাধৰাত সংঘটিত হৈছিল চাঞ্চল্যকৰ গুলীচালনা ঘটনা ৷ এই ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ইতিমধ্যে ছয় অভিযুক্তক আটক কৰিছে ৷

Khanapara open Firing Update
ছয় অভিযুক্তক আটক
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 7:04 AM IST

Updated : Oct 16, 2023, 10:35 AM IST

কইনাধৰাৰ গুলীচালনাত জড়িত ছয় অভিযুক্তক আটক

গুৱাহাটী, 16 অক্টোবৰ : খানাপাৰাৰ কইনাধৰাত সংঘটিত চাঞ্চল্যকৰ গুলীচালনা ঘটনাৰ সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য ৷ পত্নীৰ অবৈধ প্ৰেমৰ বাবেই সংঘটিত হৈছিল সমগ্ৰ হত্যাকাণ্ডটো ৷ ঘটনা সংক্ৰান্তত ইতিমধ্যে ছয় অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে ৷ জব্দ কৰা হৈছে ঘটনাত ব্যৱহাৰ কৰা Yamaha MT 15 AS 01 EB 3684 নম্বৰৰ বাইকখনো ।

জানিব পৰা মতে, মৃত অঞ্জন নাথৰ পত্নী গীতাশ্ৰী সিনহাৰ দীৰ্ঘদিন ধৰি সৌৰভ গোৱেংকা নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । যাৰ ফলত অঞ্জন নাথৰ আৰু পত্নী গীতাশ্ৰী সিনহা মাজত প্ৰায়ে হৈছিল কাজিয়া । যাৰ বাবেই গীতাশ্ৰী সিনহাৰ পৰিয়াল আৰু প্ৰেমীক সৌৰভ গোৱেংকাই মিলি হত্যাৰ পৰিকল্পনা কৰিছিল অঞ্জন নাথক ।

এই ঘটনাটো আছিল সম্পূৰ্ণ পৰিকল্পিত । ঘটনা সংঘটিত কৰিবলৈ বিহাৰৰ পৰা অনা হৈছিল পিষ্টল । অৰবিন্দ ৰায় নামৰ এজন যুৱকে যোগান ধৰিছিল পিষ্টল । এই কাৰ্যত সহযোগ কৰি পিষ্টল সংগ্ৰহ কৰিছিল গোবিন্দ কুমাৰ নামৰ আন এজন যুৱকে ।

গীতাশ্ৰী সিনহাই দুটাকৈ ম’বাইল ফোন ব্যৱহাৰ কৰিছিল । এটা ফোনত অঞ্জন নাথৰ সৈতে আৰু আনটো ফোনত সৌৰভ গোৱেংকাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল । যাৰ ফলতে অঞ্জন নাথৰ সকলো কথা বতৰা, চাল চলন গম পাইছিল সৌৰভ গোৱেংকাই ।

বৃহস্পতিবাৰৰ দিনটোতো অঞ্জন নাথৰ ক’ত আছে, কি কৰিছে সকলো কথা গম পাইছিল সৌৰভ গোৱেংকাই । সেইমৰ্মে সৌৰভ গোৱেংকাই বৃহস্পতিবাৰে সন্ধিয়া শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিছিল অঞ্জন নাথক । বৃহস্পতিবাৰৰ এই ঘটনাৰ পাচতেই অপৰাধীক বিচাৰি তৎপৰ হৈছিল মহানগৰ আৰক্ষী ।

অৱশেষত দেওবাৰে মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাই ছয়জন লোকক গ্ৰেপ্তাৰ কৰে । হত্যাত পোনপটীয়াকৈ জড়িত তিনিওগৰাকীৰ যুৱকৰ লগতে গ্ৰেপ্তাৰ কৰা হয় অঞ্জন নাথৰ পত্নী, তেওঁৰ শাহুৱেক আৰু শহুৰেকক । ইতিমধ্যে তিনিওজন যুৱকৰ লগতে অঞ্জন নাথৰ শহুৰক বশিষ্ঠ আৰক্ষী থানাত ৰাখি মাৰাথান জেৰা অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে ।

আনহাতে অঞ্জন নাথৰ পত্নী আৰু শাহুৱেকক গ্ৰেপ্তাৰ কৰি পানবজাৰ মহিলা আৰক্ষী থানাত জেৰা চলাই থকা হৈছে । গীতাশ্ৰী সিনহাৰ অবৈধ প্ৰেমৰ ফলতে এই ঘটনাৰ সৃষ্টি হোৱাটো স্পষ্ট হৈছে যদিও হত্যাৰ লগত গীতাশ্ৰী সিনহা জড়িত হয় নে নহয় সেই কথা স্পষ্ট হোৱা নাই । বৰ্তমানলৈ আৰক্ষীয়ে কোনোধৰণৰ মুখ খোলা নাই যদিও অতিসোনকালে শীৰ্ষ আৰক্ষী বিষয়াই সংবাদমেল সম্বোধন কৰি সকলো কথা স্পষ্ট কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : Khanapara Firing Update: প্ৰেমৰ বাবেই সংঘটিত হৈছিল খানাপাৰাৰ গুলীচালনা; তিনিজনক গ্ৰেপ্তাৰ; তদন্ত অব্যাহত

Last Updated : Oct 16, 2023, 10:35 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.