গুৱাহাটী, 6 এপ্ৰিল : বিগত দুটা দশকৰো অধিককাল দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় দিছপুৰ বিধানসভা সমষ্টিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ ভোটকেন্দ্ৰ হিছাপে চিহ্নিত হৈ আহিছে ৷ কিয়নো এই ভোটকেন্দ্ৰটোতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং আৰু তেওঁৰ পত্নী গুৰুচৰণ কৌৰে বিগত প্ৰায় বিশ বছৰ ধৰি ভোটদান সাব্যস্ত কৰি আহিছিল ।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ দিছপুৰ সৰুমটৰীয়াৰ ঘৰৰ ভাৰাতীয়া হিচাপে থকা ড৹ মনমোহন সিং আৰু তেওঁৰ পত্নীৰ নাম দিছপুৰ সমষ্টিৰ ভোটাৰ তালিকাত আছিল । সেই সূত্ৰে দুয়ো এই কেন্দ্ৰটোতে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি আহিছিল
কিন্তু 2020 চনত ড৹ সিং আৰু তেওঁৰ পত্নীৰ নাম দিছপুৰৰ পৰা দিল্লীলৈ সলনি কৰি নিয়া হয় । ফলত তেওঁলোক দুয়ো সম্প্ৰতি দিল্লীৰ ভোটদাতা । 2019 চনৰ লোকসভা নিৰ্বাচনত সপত্নীক ডঃ সিঙে এই কেন্দ্ৰটোত শেষবাৰৰ বাবে ভোটদান কৰিছিল ।
পূৰ্বৰ প্ৰতিটো নিৰ্বাচনতে কটকটীয়া নিৰাপত্তাৰ মাজত থকা এই ভি ভি আই পি ভোটকেন্দ্ৰটোৰ এতিয়া আৰু সেই বিশেষত্ব নাই । কিয়নো ইয়ালৈ আৰু কেতিয়াও ভোট দিবলৈ নাহে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিং ।
লগতে পঢ়ক : তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য