গুৱাহাটী, 8 মে' : ফেচবুক পেজৰ বিৰুদ্ধে গীতানগৰ থানাত গোচৰ ৰুজু মনজিৎ মহন্তৰ ৷ হীৰেন গোহাঁই, অখিল গগৈ আৰু মনজিৎ মহন্তৰ জীৱনৰ প্ৰতি ভাবুকি দিয়া পেজটোৰ বিৰুদ্ধে শুকুৰবাৰে গীতানগৰ থানাত জেষ্ঠ সাংবাদিক মনজিৎ মহন্তই ৰুজু কৰিছে গোচৰ ৷ আনকি ব্যক্তি কেইগৰাকীৰ ব্যক্তিগত জীৱনক লৈয়ো বিভিন্ন কটু মন্তব্য প্ৰদান কৰা বুলি সাংবাদিক গৰাকীয়ে অভিযোগ কৰে ৷
"টিভি পেপাৰত নিদিয়া খবৰ" নামৰ গ্ৰুপটোৰ বিৰুদ্ধে সাংবাদিক গৰাকীয়ে ৰুজু কৰিছে গোচৰ ৷ একাংশ ৰাজনৈতিক দলৰ আদৰ্শৰ লোকে এই পেজটো পৰিচালনা কৰা বুলি সাংবাদিক গৰাকীয়ে অভিযোগ কৰে ৷
আনহাতে, ফেচবুকত বিতৰ্কিত মন্তব্য প্ৰদান কৰি গ্ৰেপ্তাৰ হোৱা ৰূপাৰাণী ভূঞাক লৈও গুৰুত্বপূৰ্ণ মন্তব্য জেষ্ঠ সাংবাদিক গৰাকীৰ ৷
লগতে পঢ়ক : ৰে'ড জ'নত পৰিণত হ'ব নেকি অসম !