ETV Bharat / state

নিৰ্বাচনত বিজেপিৰ সাম-দ‍াম-দণ্ড-ভেদ: মনীষ তিৱাৰী - নিৰ্বাচনী আচৰণ বিধি ভংগ

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে যদিও কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া ডাঙৰ কথা । ৪০ বছৰীয়া ৰাজনীতিত এনে ঘটনা দেখা নাই । হতাশ-নিৰাশ বিজেপিয়ে নিজৰ পৰাজয় মানি লৈছে । ভয়-ভাবুকি তথা প্ৰলোভনেৰে তেওঁলোকে আন দলৰ প্ৰাৰ্থীক নিজৰ আয়ত্তলৈ আনিব বিচাৰিছে ৷

নিৰ্বাচনত বিজেপিৰ সাম-দ‍াম-দণ্ড-ভেদ: মনীষ তিৱাৰী

author img

By

Published : Apr 2, 2021, 12:40 PM IST

গুৱাহাটী, 2 এপ্ৰিল: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে ব্যৱস্থা গ্ৰহণ কৰিলেহে কংগ্ৰেছে সন্তুষ্টি লাভ কৰিব । এই মন্তব্য কংগ্ৰেছৰ জেষ্ঠ নেতা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ মনীষ তিৱাৰীৰ । কংগ্ৰেছৰ মিত্ৰদল বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক ভয়-ভাবুকি প্ৰদান কৰা ঘটনা সন্দৰ্ভত কংগ্ৰেছে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰি দেশৰ নিৰ্বাচন আয়োগৰ ওচৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ।

কংগ্ৰেছৰ অভিযোগৰ ভিত্তিত আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৃহস্পতিবাৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে । এই সন্দৰ্ভত বৃহস্পতিবাৰে গুৱাহাটীত আয়োজন কৰা এখন সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ তিৱাৰীয়ে কয়- মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে যদিও কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া ডাঙৰ কথা । গণতন্ত্ৰৰ বাবে দুৰ্ভাগ্যজনক কথা যে, নিৰ্বাচন চলি থকা সময়তে এটা দলৰ এজন প্ৰাৰ্থীক ভয়-ভাবুকি প্ৰদৰ্শন কৰি নাইবা প্ৰলোভন দি আন এটা দলে নোহোৱা কৰি ৰাখিছে ।

নিৰ্বাচনত বিজেপিৰ সাম-দ‍াম-দণ্ড-ভেদ: মনীষ তিৱাৰী

তেওঁ আৰু কয় যে, মই মোৰ ৪০ বছৰীয়া ৰাজনীতিত এনে ঘটনা দেখা নাই । হতাশ-নিৰাশ বিজেপিয়ে নিজৰ পৰাজয় মানি লৈছে । তেওঁলোকে নিৰ্বাচনত সাম-দ‍াম-দণ্ড-ভেদ প্ৰয়োগ কৰিছে । ভয়-ভাবুকি তথা প্ৰলোভনেৰে তেওঁলোকে আন দলৰ প্ৰাৰ্থীক নিজৰ আয়ত্তলৈ আনিব বিচাৰিছে । বিপিএফ তামুলপুৰৰ প্ৰাৰ্থী ৰামদাস বসুমতাৰীৰ বিগত ৪৮ ঘণ্টাৰ ফোনকলৰ ৰেকৰ্ড ৰাজহুৱা কৰিলেই সকলো কথা স্পষ্ট হৈ পৰিব । এইক্ষেত্ৰত নিৰ্বাচন আয়োগে তদন্ত কৰিব লাগে ।

উল্লেখ যে, কংগ্ৰেছ দলে দিয়া অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী আচৰণ বিধি ভংগ সন্দৰ্ভত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে । মন্ত্ৰী শৰ্মাই হাগ্ৰামা মহিলাৰীক জেললৈ প্ৰেৰণ কৰা আৰু 'নিয়া'ৰ যোগেদি তদন্ত কৰা তথা তেওঁৰ হাতত তথ্য-প্ৰমাণ থকা বুলি ৰাজহুৱাকৈ সদৰি কৰিছিল । যাৰ পৰিপ্ৰেক্ষিতত মিত্ৰদল কংগ্ৰেছে আয়োগত অভিযোগ দাখিল কৰিছিল ৷

লগতে পঢ়ক: কলাইগাঁৱত নিৰ্বাচনী হিংসা, আৰক্ষীৰ গুলীচালনাত আহত 3

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.