গুৱাহাটী, 10 জুন : ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে একাংশ জীৱশ্ৰেষ্ঠ মানৱৰ অমানৱীয় কাণ্ড ৷ মহানগৰীৰ ভূটনাথত পুনৰ সংঘটিত হ'ল সভ্য সমাজক লজ্জাজনক কৰা ঘটনা ৷ নিজ কণমানি কন্যাক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে এজন লোকৰ বিৰুদ্ধে ৷
ঘৰত কোনো নথকাৰ সুযোগ লৈ অশোক পণ্ডিত নামৰ লোকজনে নিজ কন্যাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ কণমানি গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে ঘটনাৰ সম্ভেদ পাই ৷ আৰু স্থানীয় ৰাইজে অভিযুক্ত অশোকক কৰায়ত্ত কৰি ভৰলুমুখ আৰক্ষীক গটাই দিয়ে ৷ সম্প্ৰতি ভৰলুমুখ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷ উল্লেখ্য যে পূৰ্বেও এই পাষাণ পিতৃয়ে কেইটামান টকাৰ বাবদ নিজৰ সন্তানৰ বিক্ৰী কৰিছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷