ETV Bharat / state

Woman murdered in train : ৰঙাঘৰৰ আলহী হ’ল গুৱাহাটীৰ চলন্ত ৰে’লত মহিলাক হত্যা কৰা অভিযুক্তটো

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 1:29 PM IST

ৰে’ল আৰক্ষীৰ জালত পৰিল গুৱাহাটীৰ চলন্ত ৰে’লত মহিলাক হত্যা কৰাৰ অভিযোগত অভিযুক্তটো ৷ এই হত্যাকাণ্ডটো সংঘটিত হোৱা ৮ দিনৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে কৰায়ত্ত কৰে অভিযুক্তটোক ।

Woman murdered in train
মহিলাক নিচাযুক্ত দ্ৰব্য খোৱাই হত্যা

গুৱাহাটী, ২৬ আগষ্ট : অৱশেষত ৰে’ল আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে কামাখ্যা ৰে’ল ষ্টেচন আৰু আজৰা ৰে’ল ষ্টেচনৰ‌ মাজত চলন্ত ৰে’লত এগৰাকী মহিলাক নিচাযুক্ত দ্ৰব্য খোৱাই হত্যা কৰা অভিযুক্তটোক । এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ অপৰাধীটোক ৮ দিনৰ ভিতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, মৃত ৪৫ বছৰীয়া মহিলাগৰাকীৰ নাম পম্পী শৰ্মা হালৈৰ ঘৰ নলবাৰীত ।‌ মহিলাগৰাকীয়ে চুলতানগঞ্জলৈ ভনীয়েকৰ লগত গৈছিল । তাত অস্থি বিসৰ্জনৰ পিচত ভনীয়েকে অসমলৈ গুচি আহিছিল । ‌তাৰ পাচত মহিলাগৰাকীয়ে অকলে বাবা ধামলৈ গৈছিল ।

বাবা ধামৰ পৰা অকলে ৰে’লেৰে মহিলাগৰাকীয়ে ৰেল নং ১৫৬১৯ গয়া কামাখ্যা এক্সপ্ৰেছেৰ জৰিয়তে কামাখ্যা ষ্টেচনলৈ আহি আছিল । যোৱা ১৬ আগষ্টত আজাৰা ৰে’ল‌ ষ্টেচনলৈকে মহিলাগৰাকীৰ পৰিয়ালৰ সৈতে ফোনত যোগাযোগ হৈ আছিল । মহিলাগৰাকীয়ে পৰিয়লৰ লোকক ফোনতে কৈছিল যে তেওঁৰ বহুত পানীৰ পিঁয়াহ লাগিছে । ৰে’লত তেতিয়া পানী নাছিল ।

কিন্তু অতি ৰহস্যজনকভাৱে আজাৰা ৰে’ল‌ ষ্টেচনৰ পৰা ৰে’লখন এৰাৰ পিচত মহিলাগৰাকীৰ সৈতে পৰিয়ালৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে । পিচত পৰিয়ালৰ লোকে আৰ পি এফৰ সহায়ত ৰে’লখন কামাখ্যা ষ্টেচনৰ দুই নং প্লেটফৰ্মত ৰখায় আৰু মহিলাগৰাকীক বিচাৰ-খচাৰ কৰিবলৈ লয় ৷ বহুত সময়ৰ অন্তত ৰে’লৰ প্ৰস্ৰাৱগাৰৰ ভিতৰত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ ।‌

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰে’লতেই কোনো দুৰ্বৃত্তই খাদ্যৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই দিছিল । যাৰ ফলত মহিলাগৰাকীৰ মৃত্যু হৈছিল । ইফালে মহিলাগৰাকীৰ ম’বাইল ফোনটোৰ লগতে তেওঁ পৰিধান কৰি থকা সোণৰ সকলো আ-অলংকাৰ দুৰ্বৃত্তই লুট কৰি লৈ যায় । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজেহাৰৰ ভিত্তিতেই জিআৰপি আৰু আৰপিএফেয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে ।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে শেহতীয়াকৈ জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে জনায় যে ঘটনাটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি, ৰে'লৱে সুৰক্ষা বাহিনী (আৰপিএফ) আৰু চৰকাৰী ৰে'লৱে আৰক্ষীৰ (জিআৰপি) এটা দলে অপৰাধটোৰ সৈতে জড়িত অপৰাধীটোক ধৰা পেলাবলৈ ঘটনাৰ তদন্ত আৰু অনুসন্ধান অভিযান আৰম্ভ কৰিছিল ।

অনুসন্ধানৰ সময়ত, মৃতকৰ সামগ্ৰী যেনে সোণৰ গহনা, ম'বাইল ফোন আদি লাভ কৰা নাছিল অভিযানকাৰী দলে ৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই অভিযানকাৰী দলটোৱে আৰম্ভ কৰে তদন্ত ৷ মৃত মহিলাগৰাকীৰ ম’বাইলৰ লাইভ লোকেচন ট্ৰেচ কৰি অভিযানকাৰী দলটোৱে আটক কৰে অভিযুক্তটোক ৷

লগতে পঢ়ক : Jamugurihat News : বহিঃৰাজ্যত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’লে জামুগুৰিহাটৰ ইন্দ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.