ETV Bharat / state

HSLC Exam result 2022: অনুৰাগৰ ঘৰত উপস্থিত বিধায়ক ভুবন গাম

author img

By

Published : Jun 8, 2022, 12:02 PM IST

মঙলবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হয় ৷ মাজুলীৰ ছাত্ৰ অনুৰাগ বৰাই শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ একেদৰে মাজুলীৰ আন এজন ছাত্ৰ কৰণদ্বীপ বৰাই তিনিটা বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰি মাত্ৰ ৪ নম্বৰৰ কাৰণে স্থান লাভৰ পৰা বঞ্চিত হয় ৷ ছাত্ৰ দুজনৰ এই সাফল্যৰ খবৰ ল’বলৈ মঙলবাৰে তেওঁলোকৰ বাসগৃহত উপস্থিত হয় বিধায়ক ভুবন গাম ৷

HSLC Exam result 2022
অনুৰাগৰ ঘৰত উপস্থিত বিধায়ক ভুবন গাম

মাজুলী, 8 জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দশম স্থান লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনে অনুৰাগ বৰাই(Anurag Bora secure 10st rank in HSLC Exam) ৷ অনুৰাগে শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৫৮৮ লাভ কৰি ৰাজ্যৰ ভিতৰত দশম স্থান লাভ কৰিবলৈ সক্ষম হয় ৷ অমৃত বৰা আৰু ৰশ্মিৰেখা বৰাৰ প্ৰথম সন্তান অনুৰাগৰ এই সফলতাত উৎফুল্লিত হৈ পৰে ঘৰখনৰ লগতে অঞ্চলবাসী । ছাত্ৰগৰাকীৰ এই সাফল্যৰ খবৰ ল’বলৈ মঙলবাৰে তেওঁৰ ঘৰত শুভাকাংক্ষীৰে ভৰি পৰে ।

অনুৰাগৰ ঘৰত উপস্থিত বিধায়ক ভুবন গাম

একেদৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাত্ৰ ৪ নম্বৰৰ কাৰণে স্থানৰ লাভৰ পৰা বঞ্চিত হোৱা কৰণদ্বীপ বৰাক লৈও অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰে ৷ কৰণদ্বীপ বৰাই পৰীক্ষাত তিনিখন বিষয়ত ১০০ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷ মাজুলীৰ বিধায়ক ভুবন গামে মঙলবাৰে ছাত্ৰ দুজনৰ এই সাফল্যৰ খবৰ ল’বলৈ তেওঁলোকৰ ঘৰত উপস্থিত হয়(Majuli MLA arrived HSLC rank holder Anurag Bora house) ৷

মাজুলীৰ বিধায়কগৰাকীয়ে(Majuli MLA Bhuban Gam) ছাত্ৰ দুজনৰ ঘৰত উপস্থিত হৈ তেওঁলোকৰ আনন্দৰ সমভাগী হোৱাৰ লগতে তেওঁলোকে যি ফলাফল মাজুলীলৈ কঢ়িয়াই আনিলে সেইয়া মাজুলীবাসীৰ বাবে গৌৰৱৰ কথা বুলি উল্লেখ কৰে । তেওঁ আহি থকা দিনত তেওঁলোকে আৰু অধিক সাফল্য লাভ কৰি জিলাখনৰ নাম উজলাই তুলিব বুলি আশা ব্যক্ত কৰে । ইফালে বিধায়কগৰাকীৰ উপস্থিতিয়ে দুয়োটা পৰিয়ালৰ মাজৰ আনন্দ উৎসাহ অধিক বৃদ্ধি কৰে ৷

লগতে পঢ়ক : HSLC Exam result 2022: মাজুলীলৈ গৌৰৱ কঢ়িয়ালে অনুৰাগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.