ETV Bharat / state

Andolans in Assam: 2022 বৰ্ষত ৰাজ্যত উদ্ভৱ হোৱা কেইটামান গুৰুত্বপূৰ্ণ আন্দোলনৰ আলোকপাত - নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

পূৰ্বৰ বৰ্ষসমূহৰ তুলনাত ৰাজ্যত 2022 বৰ্ষত সীমিত পৰিমাণে সাব্যস্ত কৰা হ’ল আন্দোলন তথা প্ৰতিবাদী কাৰ্যসূচী ৷ ইয়াৰ ভিতৰত উল্লেখনীয় প্ৰতিবাদ তথা আন্দোলনসমূহ হ’ল- ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ, টেট উত্তীৰ্ণ আৰু ঠিকা ভিত্তিক টেট শিক্ষকৰ প্ৰতিবাদ, দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ আদি ৷ 2022 বৰ্ষৰ শেষত কেইটামান গুৰুত্বপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কে আলোকপাত কৰা হৈছে প্ৰতিবেদনত ৷

Andolans in Assam
2022 বৰ্ষত ৰাজ্যত হোৱা কিছু আন্দোলনৰ বিষয়ে আলোকপাত
author img

By

Published : Dec 30, 2022, 9:03 PM IST

চাওঁতে চাওঁতে আমি উপনীত হলোঁহি 2022বৰ্ষৰ অন্তিম ক্ষণত ৷ মাত্ৰ এটা দিনৰ পিছতে আৰম্ভ হ’ব ইংৰাজী নৱবৰ্ষ 2023 ৷ নতুনক আদৰি ল’বলৈ সাজু হৈছে সকলো ৷ কাৰণ পুৰণিক পাহৰি নতুনত্বক আদৰি ল’বলৈ সদাপ্ৰস্তুত মানৱ জাতি ৷ তাৰ পিছতো মানুহৰ মনত কিম্বা ইতিহাসৰ পৃষ্ঠাত ৰৈ যায় বহু কথা ৷

নানা ঘটনা-পৰিক্ৰমাৰ মাজেৰে মাজেৰে পাৰ হ’ল 2022 বৰ্ষ ৷ 2022বৰ্ষতো অসমৰ ইতিহাসত লিপিবদ্ধ হৈ ৰ’ব এটা ঘটনাবহুল বৰ্ষ হিচাপে ৷ 2022 বৰ্ষই ৰাজ্যখনক বহু দিলে যদিও ৰাজ্যবাসীয়ে হেৰুৱালে বহুতো ৷ সময়ৰ বালিত বিস্মৃতি হ’ব ধৰা কিছু ঘটনা প্ৰৱাহ দাঙি ধৰিব বিচৰা হৈছে এই প্ৰতিবেদনত ৷ বিশেষকৈ এই প্ৰতিবেদনত উল্লেখ কৰা হ’ব ৰাজ্যখনত 2022বৰ্ষত হোৱা কেইটামান গুৰুত্বপূৰ্ণ আন্দোলনৰ কাৰ্যসূচী সম্পৰ্কে ৷

নিজৰ নায্য প্ৰাপ্তিৰ দাবীৰে মানৱ জাতিয়ে যুগ যুগ ধৰি কৰি আহিছে আন্দোলন অথবা প্ৰতিবাদ ৷ অসমো তাৰ ব্যতিক্ৰম নহয় ৷ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমৰ ৰাইজে নিজৰ প্ৰাপ্য আঁজুৰি আনিবলৈ শাসক পক্ষৰ বিৰুদ্ধে কৰি আহিছে আন্দোলন ৷ বিগতকেইটা বছৰত ৰাজ্যত ব্যাপকভাৱে বিভিন্ন দাবীৰে বিভিন্ন দল-সংগঠনে ৰূপায়ন কৰিছিল আন্দোলনৰ কাৰ্যসূচী ৷ কিন্তু 2022 বৰ্ষ যেন কিছু ব্যতিক্ৰম ৷ 2022 বৰ্ষত ৰাজ্যখনত হোৱা আন্দোলনৰ সংখ্যা তেনেই নগন্য ৷

উল্লেখ্য যে, 2021 চনত ৰাজ্যত ‘কা’ বিৰোধী (CAA protest in Assam) আন্দোলনে লৈছিল সৰ্বাত্মক ৰূপ ৷ অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন কৰিব পৰা এইখন কলা আইনৰ বিৰোধিতাৰে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিল হাজাৰ হাজাৰলোক ৷ যি আন্দোলনত শ্বহীদ হৈছিল 5গৰাকী অসমী আইৰ সন্তান ৷ এইবাৰ চাওঁ আহক 2022বৰ্ষত ৰাজ্যখনত হোৱা কেইটামান গুৰুত্বপূৰ্ণ আন্দোলন-

ছয় জনগোষ্ঠীৰ জনজাতিকৰণ: অসমৰ 6 টাকৈ জনগোষ্ঠী মৰাণ, মটক, চুতীয়া, আহোম, কোচৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে দীৰ্ঘ দিন জনজাতিকৰণৰ দাবীৰে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছে (Six tribe protest) ৷ উল্লেখ্য যে, 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল শাসনাধীন বিজেপি চৰকাৰ (Assam BJP government) ৷ কিন্তু কাৰ্যতঃ সেয়া হৈ নুঠিল (Protest for demanding ST status) ৷ ইফালে, শেহতীয়াকৈ দেশৰ আন কেইবাটাও জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ ভিতৰত আছিল ছত্তীশগড়, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ আৰু হিমাচল প্ৰদেশৰ কেইবাটাও জনগোষ্ঠী ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ জনজাতিকৰণৰ তুলাচনীত নুঠিল অসমৰ 6 জনগোষ্ঠী ৷

ফলত, জাঙুৰ খাই উঠিল জনজাতীয় দল সংগঠনসমূহ ৷ কেন্দ্ৰীয় চৰকাৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ৰাজ্যজুৰি সাব্যস্ত কৰা হ’ল প্ৰতিবাদ (Assam six tribe protest) ৷ আটাইকেইটা, জনগোষ্ঠীয় সংগঠনেই জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে উলাই আহিল ৰাজপথলৈ ৷ ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে 6 জনগোষ্ঠীয় ঐক্য মঞ্চই ৷ আনহাতে, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰা হ’ল প্ৰতিবাদ ৷ পৰৱৰ্তী পৰ্যায়ত দিছপুৰতো 6 জনগোষ্ঠীয় ঐক্যমঞ্চই জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ লগতে 6 জনগোষ্ঠীৰ প্ৰতিবাদত উত্তাল হ’ল ৰাজধানী দিল্লীৰ ৰাজপথ ৷

6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে বৰ্তমানেও সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে জনগোষ্ঠীয় সংগঠনকেইটাই ৷ শেহতীয়াকৈ কোচৰাজবংশীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে AKRSUয়ে ৷ কিন্তু, অসমৰ 6 জনগোষ্ঠীয়ে কেতিয়া জনজাতিৰ মৰ্যাদা লাভ কৰিব সেয়া সময়েহে ক’ব ৷

শিক্ষকৰ সমস্যা সমাধানৰ দাবীৰে প্ৰতিবাদ: বিভিন্ন সময়ত ৰাজ্যৰ ঠিকা ভিত্তিক টেট শিক্ষকসকলে চাকৰিৰ নিয়মীয়াকৰণৰ দাবীৰে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ(Assam TET teacher protest) ৷ উল্লেখ্য যে, ঠিকা ভিত্তিক টেট শিক্ষকসমাজৰ দাবী অনুসৰি, ২০১৩ চনৰ পৰা লাভ কৰি থকা মৰগীয়া বানচ ২০১৯ চনৰ জুলাই মাহৰ পৰা ৰহস্যজনক কাৰণত বন্ধ কৰি দিয়া হৈছে । আনকি ৩০ মাহ ধৰি বঞ্চিত কৰি ৰাখি মাত্ৰ ৫ শতাংশ মৰগীয়া বানচ ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বকেয়াবিহীনভাৱে প্ৰদান নকৰাৰ লগতে ২০২১ চনৰ পৰা বৰ্ধিত ১১ শতাংশ আৰু ৩ শতাংশ মৰগীয়া বানচ আজিলৈকে আদায় নিদিয়াৰ বাবে সমগ্ৰ অসমৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকসকল ক্ষোভিত হৈ পৰিছে ।

যাৰ বাবে খানাপাৰা, কাহিলিপাৰা, চচল আদি স্থানত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে টেট শিক্ষকসকলে ৷ কিন্তু ঠিকাভিত্তিক টেট শিক্ষকসকলে সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা বিভাগক স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে ৷

বিগত 7 ডিচেম্বৰত খানাপাৰাত বিশেষ টেট উত্তীৰ্ণ শিক্ষকে সাব্যস্ত কৰে প্ৰতিবাদ (Assam TET teacher potest) ৷ 2021 চনত বিশেষ টেট উত্তীৰ্ণ 667 গৰাকী প্ৰাৰ্থীক নিযুক্তিৰ দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ (Assam special TET 2021) ৷ প্ৰতিবাদৰ অংশ স্বৰূপে টেট উত্তীৰ্ণ শিক্ষকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে ’দিছপুৰ চলো’ যাত্ৰা আৰম্ভ কৰে যদিও আৰক্ষীৰ বাধাত চচলৰ প্ৰতিবাদস্থলীলৈ যাবলৈ বাধ্য হয় প্ৰতিবাদী শিক্ষকসকল (TET teacher protest in Guwahati) ৷ নিৰ্বাচনৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পালনৰ দাবী বিশেষ টেট উত্তীৰ্ণ শিক্ষকসকলৰ (TET teacher protest) ৷ কিন্তু টেট শিক্ষকসকৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি কি হ’ব সেয়াহে হ’ব লক্ষণীয় ৷

দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দাম বৃদ্ধি পাইছে ৷ পেট্ৰ’ল-ডিজেলকে ধৰি শাক-পাচলি ৰন্ধন গেছৰ দাম বৃদ্ধিত কোঙা হৈছে সাধাৰণ ৰাইজ ৷ ইয়াৰ পিছতো গভীৰ নিদ্ৰাত ৰাজ্যৰ যোগান মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে আন আন জাতীয় সংগঠন সমূহৰ লগতে কংগ্ৰেছ আৰু বামপন্থী দলসমূহে সাব্যস্ত কৰে প্ৰতিবাদ (Protest against price hike) ৷

জীৱন দায়িনী ঔষধ, ৰন্ধন গেছ, নিত্য ব্যৱহাৰ্য সামগ্ৰী, পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীতো সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ কিন্তু ৰাইজৰ প্ৰতিবাদৰ প্ৰতি কোনো ভ্ৰক্ষেপেই নাই চৰকাৰৰ ৷ গুৱাহাটীত দাম বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত সাব্যস্ত কৰা প্ৰতিবাদ আৰক্ষীৰ জড়িয়তে মষিমূৰ কৰাৰহে চেষ্টা কৰে চৰকাৰে ৷

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বন্য প্ৰাণী সৰবৰাহৰ বিৰুদ্ধে প্ৰতিবাদ: অসম ৰাজ্যিক চিৰিয়াখানাৰ(Assam State Zoo) পৰা গঁড়, বাঘ,কাছ, হৰিণা, বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি গুজৰাটস্থিত আম্বানীৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চকে ধৰি বিভিন্ন প্ৰকৃতি প্ৰেমী দল-সংগঠন আৰু সচেতন ব্যক্তিসকলে ৷ অসম চৰকাৰে ৰাজ্যিক চিৰিয়াখানাৰ জীৱ-জন্তু আম্বানীৰ চিৰিয়াখানালৈ গোপনে প্ৰেৰণ কৰাৰ বিৰোধিতাৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ (Protest against shifting of Animal from Assam Zoo) ৷

চিৰিয়াখানা সুৰক্ষাৰ মঞ্চৰ অভিযোগ অনুসৰি 2018চনৰ পৰাই ৰাজ্যিক চিৰিয়াখানাৰ পৰা দেশৰ আন আন চিৰিয়াখানালৈ বন্য জন্তু সৰবৰাহৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু বৰ্তমানলৈকে প্ৰায় 1100 বিভিন্ন প্ৰকাৰৰ বন্য জন্তু গোপনে সৰবৰাহ কৰা হৈছে বুলি দাবী চিৰিয়াখানা সুৰক্ষা মঞ্চৰ ৷ শেহতীয়াকৈ ইয়াৰ বিৰোধিতাৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই সাব্যস্ত কৰা প্ৰতিবাদত অংশ গ্ৰহণ কৰে বিশিষ্ট চিন্তাবিদ ড৹ হীৰেণ গোহাঁই আৰু অসম মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰে ৷ চৰকাৰৰ এই কাৰ্যক একে মুখে ধিক্কাৰ জনাই সকলোৱে ৷

চাকৰি নিয়মীয়াকৰণৰ দাবীৰে প্ৰতিবাদ: ৰাজ্যত 2022বৰ্ষত হোৱা আন এক গুৰত্বপূৰ্ণ প্ৰতিবাদ হৈছে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে সাব্যস্ত কৰা প্ৰতিবাদ ৷ প্ৰায় প্ৰতিটো চৰকাৰী বিভাগৰ কৰ্মচাৰীয়েই চাকৰি নিয়মীকৰণ, সমকামৰ সমান মজুৰি আদি প্ৰদানৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ আনহাতে অইল ইণ্ডিয়া, নামৰূপ সাৰ কাৰখানাকে ধৰি বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত হৈ থকা ঠিকাভিত্তিক শ্ৰমিক সকেলও সাব্যস্ত কৰে প্ৰতিবাদ ৷

বৃহৎ নদীবান্ধ বিৰোধী প্ৰতিবাদ: উত্তৰ অসমবাসী ৰাইজৰ জীৱন-সম্পত্তিৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প তথা NHPCৰ বিৰুদ্ধেও সদৌ অসম ছাত্ৰ সন্থাকে (All Assam Student Union) ধৰি কেইবাটাও জাতীয় সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ (NHPC Protest) ৷ উল্লেখ্য যে, বিভিন্ন দল-সংগঠনৰ ব্যাপক প্ৰতিবাদ আৰু বিৰোধিতাৰ পিছতো সকলো কাম সম্পূৰ্ণ কৰি 2023 বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বিদ্যুৎ উৎপাদন কৰাৰ লক্ষ্য বান্ধি লৈছে NHPC কৰ্তৃপক্ষই ৷ কিন্তু যোৱা বাৰিষাত NHPCৰ ভয়াৱহতাৰ কথা অনুধাৱন কৰিছিল ৰাজ্যবাসীয়ে ৷ NHPCৰ বিৰোধিতাৰে সেয়েহে পুনৰ ধেমাজী, লখিমপুৰ আদি স্থানত প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ কিন্তু ইয়াৰ বিৰুদ্ধে যিদৰে জনমত গঠন হ’ব লাগিছিল সেয়া 2022বৰ্ষত হোৱা পৰিলক্ষিত নহ’ল ৷ এই দৰেই 2022বৰ্ষত ৰাজ্যত হ’ল কেইবাটাও আন্দোলন বা প্ৰতিবাদী কাৰ্যসূচী ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.