গুৱাহাটী, ৩ আগষ্ট : চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত মাকৈৰ এখন বৃহৎ বজাৰ আছে । এই বজাৰৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে অসমৰ পৰা বাংলাদেশলৈ প্ৰথমবাৰৰ বাবে মাকৈ ৰপ্তানি কৰা হয় । এখন ট্ৰাকযোগে মঙলবাৰে ৫০ মেট্ৰিক টন মাকৈ অসমৰ পৰা বাংলাদেশলৈ প্ৰেৰণ কৰা হয় । গুৱাহাটীৰ খানাপাৰাস্থিত অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয় চৌহদত কৃষি মন্ত্ৰী অতুল বৰাই ফ্লেগ অফ কৰাৰ পাছতেই মাকৈ ভৰ্তি ট্ৰাক বাংলাদেশ অভিমুখে ৰাওনা হয় ।
ইয়াৰ পাছতেই এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয়, আজি পৰীক্ষামূলকভাৱে ৫০ মেট্ৰিক টন মাকৈ বাংলাদেশলৈ ৰপ্তানি কৰা হৈছে । পৰৱৰ্তী সময়ত ৫০ হাজাৰ মেট্ৰিক টন মাকৈ বাংলাদেশলৈ ৰপ্তানি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । বাংলাদেশে আমাৰ পৰা বছৰি ২৫ লাখ মেট্ৰিক টন মাকৈ বিচাৰিছে ।
আমি বাংলাদেশৰ এই চাহিদা পূৰণ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো । বিগত ৫ বছৰত আমাৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে কৃষি খণ্ডৰ যথেষ্ট উত্তৰণ ঘটিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মানবিশিষ্ট উৎপাদনত যথেষ্ট গুৰুত্ব দিছে ।
লগতে পঢ়কঃ সংৰক্ষণ হ’ব ভূপেনদাৰ গীত-মাতৰ লগতে বিভিন্ন সাংস্কৃতিক উপাদান
অতুল বৰাই লগতে কয়, ২০১৫-১৬ বৰ্ষৰ তুলনাত অসমত মাকৈৰ উৎপাদন ৪৭ শতাংশলৈ বৃদ্ধি পাইছে । আনহাতে নৱ প্ৰজন্মক কৃষি প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে ইতিবাচক সঁহাৰি লাভ কৰিছে । নৱপ্ৰজন্মক কৃষি খণ্ডৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাটো হৈছে আমাৰ অন্যতম সফলতা ৷
মাকৈৰ খেতিক আৰু অধিক জনপ্ৰিয় কৰিব লাগিব । যাতে চাহিদা অনুপাতে মাকৈৰ উৎপাদন কৰিব পৰা যায় । ইতিমধ্যে আমি নেমু, আনাৰস, হালধি, কল আদি বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছো । এইক্ষেত্ৰত উদ্যান শস্য বিভা, এপাৰ্ট, এপেডা, নেৰমেক আদিয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।
আমাৰ উৎপাদিত বিভিন্ন সামগ্ৰী ৰপ্তানি কৰাৰ বাবে বহু ব্যক্তিগত খণ্ডৰ কোম্পানী জড়িত হৈছে । উল্লেখ্য যে, ১৭ টকা প্ৰতি কিল’গ্ৰাম দৰত অসমৰ পৰা বাংলাদেশলৈ মাকৈ ৰপ্তানি কৰা হৈছে । সংবাদমেলত নেৰামেক, নেডফিকে ধৰি কৃষি বিভাগৰ কেইবাজনো শীৰ্ষ বিষয়া উপস্থিত আছিল ।
লগতে পঢ়কঃ কাউৰজাহীত অব্যাহত বেকী নৈৰ খহনীয়া