ETV Bharat / state

গুৱাহাটীত ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ মহিলা সমিতি

মহামাৰী কৰ'ণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে মহানগৰীৰ নাৰেংগী কলংপাৰ বজাৰত ভূমি বেদখলৰ এক ঘটনা । এই ঘটনাৰ আঁৰত নুনমাটি আৰক্ষী জড়িত থকাৰ অভিযোগ । ঘটনা সন্দৰ্ভত সংবাদমেল যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মহিলা সমিতিকে ধৰি তিনিটা সংগঠনে ।

mahil-organisation-active-against-land-mafia
গুৱাহাটীত ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ মহিলা সমিতি
author img

By

Published : May 28, 2021, 10:53 PM IST

গুৱাহাটী, ২৮ মে': পুনৰ গুৱাহাটী মহানগৰীত ভূ-মাফিয়াৰ আতংক । মহামাৰী কৰ'ণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে মহানগৰীৰ নাৰেংগী কলংপাৰ বজাৰত ভূমি বেদখলৰ এক ঘটনা সংঘটিত হৈছে । এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাময় পৰিস্থিতিৰ ।

আনহাতে, ভূমি বেদখলৰ এই ঘটনাৰ আঁৰত আৰক্ষীৰ হাত থকাৰ অভিযোগ উত্থাপন হৈছে । ভূমি বেদখলৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ নাৰেংগীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাৱত বৃহত্তৰ বীৰকুছি জাগ্ৰত উন্নয়ন মহিলা সমিতি, প্ৰাগজ্যোতিষপুৰ মহিলা মঞ্চ আৰু নাৰেংগী চেক গেট বনিক সন্থাই যৌথভাৱে এখন সংবাদমেল সম্বোধন কৰে ।

গুৱাহাটীত ভূমি বেদখলকাৰীৰ বিৰুদ্ধে সৰৱ মহিলা সমিতি

সংবাদমেলত বৃহত্তৰ বীৰকুছি জাগ্ৰত উন্নয়ন মহিলা সমিতিৰ সভানেত্ৰী লক্ষ্মী সুবেদী আৰু সম্পাদিকা ধৰিত্ৰী কলিতা, প্ৰাগজ্যোতিষপুৰ মহিলা মঞ্চৰ সভানেত্ৰী ৰুণুমী ৰংপি আৰু নাৰেংগী চেক গেট বনিক সন্থাৰ সম্পাদক শৈলেন্দ্ৰ পাটোৱাৰীয়ে নুনমাটি আৰক্ষী আৰু নাগৰিক কমিটিৰ সদস্যৰ বিৰূদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

অভিযোগ অনুসৰি আৰক্ষী আৰু ৫২ নং ৱাৰ্ডৰ নাগৰিক কমিটিৰ সদস্য মণিকা ডেকাৰ ছত্ৰছায়াতে নাৰেংগীৰ কলংপাৰৰ বাসিন্দা কানু দাসৰ ভূমি বেদখল হৈছে । কানু দাসৰ ঘৰৰ চৌহদত ঘৰ বনাই ভূ মাফিয়াই একাধিক মহিলাক ৰখাৰ ব্যৱস্থা কৰিছে । যাক লৈ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ঘটনা সন্দৰ্ভত স্থানীয় মহিলা সংগঠন আৰু বনিক সন্থাই পৰিস্থিতিৰ বুজ লবলৈ গৈছিল যদিও ভূ-মাফিয়াই আক্ৰমণৰ লক্ষ্য কৰি লয় । ইফালে ঘটনা সন্দৰ্ভত মহিলা সমিতিয়ে নুনমাটি থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ।

সংবাদমেলত মহিলা সমিতিৰ নেত্রীসকলে নুনমাটিৰ এচিপি নিলোৎপল ডেকাৰ ভূ-মাফিয়াৰে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছে । ঘটনা সন্দৰ্ভত সংগঠনকেইটাই মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপ দাবী কৰাৰ লগতে উচিত তদন্ত দাবী কৰিছে ।

লগতে পঢ়ক : ত্ৰিপুৰাত লতামাকৰিৰ বিশেষ প্ৰজনন কাৰ্যসূচী আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.