গুৱাহাটী,16 জানুৱাৰীঃ খেলো ইণ্ডিয়াত অব্যাহত আছে মহাৰাষ্ট্ৰৰ জয়ৰ ধাৰা ৷ বৃহস্পতিবাৰে পুনৰ দুটাকৈ পদক অৰ্জন কৰে মহাৰাষ্ট্ৰই । পুৰুষৰ ১৭ অনুৰ্ধৰ ৪৯ কেজিৰ ভাৰোত্তোলন শাখাত স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰে মহাৰাষ্ট্ৰ দলে ৷ দলটোৰ হৈ মুকুন্দ সন্তোষ এহেৰে ১৮৪ কেজিত স্বৰ্ণপদক অৰ্জন কৰাৰ বিপৰীতে উদেয় অনিল মহাজনে ১৭৬ কেজিত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।
![খেলো ইণ্ডিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-weightliftingboys-as10002_16012020160556_1601f_1579170956_318.jpg)
ইফালে মণিপুৰৰ নামেৰেকপাম টপচাও মিটেই ১৭৩ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে । উল্লেখ্য যে,এই পদক লাভৰ ফলত অনুষ্ঠানটোত মহাৰাষ্ট্ৰই অৰ্জন কৰা পদকৰ সংখ্যা 126 টালৈ বৃদ্ধি হয় ৷
![খেলো ইণ্ডিয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ghy-02-weightliftingboys-as10002_16012020160556_1601f_1579170956_1026.jpg)
লগতে চাওকঃশাস্তিৰ দিন পিছুওৱাৰ সম্ভাৱনা নিৰ্ভয়া কাণ্ডত জড়িত দোষীৰ