গুৱাহাটী, 6 নৱেম্বৰ: অসমৰ এগৰাকী প্ৰতিভাৱান যাদুকৰ সুস্মিতা তালুকদাৰ । বিগত প্ৰায় ১০ বছৰ ধৰি নিজৰ দুহাতৰ যাদুৰে যাদুপ্ৰেমী ৰাইজক মোহাচ্ছন্ন কৰি তোলা যাদু শিল্পী সুস্মিতাক এতিয়া প্ৰয়োজন আপোনাৰ অকমান সহায়ৰ । দুৰাৰোগ্য ৰোগত আক্ৰান্ত যাদু ৰাণী সুস্মিতা । যাদুৰে নিজৰ জীৱনটোক জিনিবলৈ বৰ্তমান অসমৰ্থ শিল্পীগৰাকী ।
যাদুশিল্পীগৰাকীয়ে শেহতীয়াকৈ সামাজিক মাধ্যম যোগে এটা ভিডিঅ’ আপলোড কৰি জনাইছে নিজৰ জীৱনৰ এই দুঃখবৰটো । ভিডিঅ’টোত সুস্মিতাই জনোৱা অনুসৰি, শিল্পীগৰাকী আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। ইতিমধ্যে চিকিৎসা চলি আছে শিল্পীগৰাকীৰ । সুস্মিতাৰ ইতিমধ্যে প্ৰথমটো অস্ত্ৰোপচাৰ যোৱা জুলাই মাহত সম্পন্ন হৈছে আৰু দ্বিতীয়টো অস্ত্ৰোপচাৰ দুই এদিনতে কৰা হ’ব । কিন্তু তৃতীয়টো অস্ত্ৰোপচাৰৰ বাবে সুস্মিতাক প্ৰয়োজন হ’ব বৃহৎ পৰিমাণৰ ধনৰাশিৰ । যাৰ বাবে উপায়ন্তৰ হৈ সুস্মিতাই বিচাৰিছে অকণমান সহায় ।
ভিডিঅ’টোত সুস্মিতাই কৈছে, ‘‘এই বছৰৰ আৰম্ভণিতে মই এটা খবৰ পাইছিলোঁ যে মোৰ কেন্সাৰ হৈছে । যোৱা ৩ জুলাইত মোৰ প্ৰথমটো অস্ত্ৰোপচাৰ সম্পন্ন হৈছে । অক্টোবৰ মাহত ৰেডিয়েছন হোৱাৰ কথা যাৰ বাবে পুনৰ মই টেষ্ট কৰাবলগীয়া হ’ল । কিন্তু মই গম পালোঁ যে মই পুনৰ এটা অস্ত্ৰোপচাৰ কৰিব লাগিব । কাৰণ ৰেডিয়েছন দিয়া সম্ভৱ নহয়, যিহেতু মোৰ কেন্সাৰ লাম্প বহুত ডাঙৰ হৈ গৈছে আৰু কেঞ্চাৰ বিয়পি গৈছে । কালি, পৰহি বা ৬ তাৰিখৰ ভিতৰতে মোৰ দ্বিতীয়টো অস্ত্ৰোপচৰ সম্পন্ন হ’ব ।’’
ইয়াৰ পিচতে কয়- ইয়াৰ পিচত মই তৃতীয়টো অস্ত্ৰোপচৰ কৰিব লাগিব । সেইটো ৰবটিক চাৰ্জাৰী বুলি মোক চিকিৎসকে জানিব দিছে । এমাহৰ ভিতৰত এই অস্ত্ৰোপচৰ সম্পন্ন কৰিব লাগিব । যাৰ বাবে মোক প্ৰায় ৩০ লাখমান টকাৰ প্ৰয়োজন হ’ব । যাৰ বাবে মই আপোনালোকৰ ওচৰত আজি এনেদৰে আহিছোঁ ।’’
এনেদৰে এই দুঃসময়ৰ সময়ত যাদুশিল্পীগৰাকীয়ে বিচাৰিছে ৰাইজৰ অকণমান সাহস, সহায় আৰু অলপ আশীৰ্বাদ । আপোনাৰ অকণমান সহায়ে হয়তো সুস্মিতাক দিব এক নতুন জীৱন । SUSMITA TALUKDAR , STATE BANK OF INDIA, BELTOLA BRANCH, A/C NO. 38368514020, IFSC : SBIN0004419 জৰিয়তে আপুনি সুস্মিতাক সহায় কৰিব পাৰিব । নহ’লে 7711882279 নম্বৰৰ যোগেৰেও শিল্পী গৰাকীক সহায় কৰিব পাৰে ।
লগতে পঢ়ক: Shonali Bose Tested Covid Positive: ক’ভিডত আক্ৰান্ত পৰিচালক সোণালী বসু