ETV Bharat / state

অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোঁহাইলৈ বিলাসী বাহন

অলিম্পিকত পদক লাভেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অসম কন্যা লাভলীনা বৰগোঁহাইক উপহাৰ হিচাপে ৰেনল্ট কোম্পানীয়ে প্ৰদান কৰিছে এখন বিলাসী 'কাইগাৰ'(Renault Kiger) বাহন ৷ মহানগৰীৰ ছয়মাইলস্থিত ৰেনল্টৰ ইন্টেগ্ৰা শ্ব’ ৰুমত অনুষ্ঠিত এক কাৰ্যসূচীত লাভলীনা বৰগোঁহাইক প্ৰদান কৰা হয় এই বিলাসী বাহনখন ৷

luxury vehicle to olympic medalist lovlina borgohain
অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইলৈ বিলাসী বাহন
author img

By

Published : Aug 20, 2021, 8:50 PM IST

গুৱাহাটী, ২০ আগষ্ট : সদ্য সমাপ্ত টকিঅ’ অলিম্পিক(Tokyo Olympics)ত ব্ৰঞ্জ পদক জয় কৰি সমগ্ৰ দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোঁহাইক উপহাৰ হিচাপে ৰেনল্ট কোম্পানীয়ে প্ৰদান কৰিছে এখন বিলাসী 'কাইগাৰ'(Renault Kiger) বাহন ৷ মহানগৰী ছয়মাইলস্থিত ৰেনল্টৰ ইন্টেগ্ৰা শ্ব’ ৰুমত অনুষ্ঠিত এক কাৰ্যসূচীত লাভলীনা বৰগোঁহাইক প্ৰদান কৰা হয় এই বিলাসী বাহনখন ৷ ৰেনল্ট ইণ্ডিয়াৰ বিক্ৰী আৰু বিপনন বিভাগৰ উপ-সভাপতি সুধীৰ মালহোত্ৰাই বাহনখনৰ চাবি লাভলীনা বৰগোহাঁইৰ হাতত অৰ্পণ কৰে ৷

কাইগাৰ হৈছে ভাৰতত ডিজাইন আৰু বিকশিত কৰা নতুন চাব ফ’ৰ মিটাৰ কম্পেক্ট এছ ইউ ভি কাৰ ৷ উপহাৰ লাভ কৰি উৎফুল্লিত লাভলীনাই কয়- "মোৰ আৰু দেশবাসীৰ সপোন মোৰ বাবে গুৰুত্বপূৰ্ণ ৷ এই সপোন পূৰণৰ বাবে মই যথেষ্ট কষ্ট কৰিব লাগিব ৷ এইখন মোৰ প্ৰথম গাড়ী আৰু ইয়াক লৈ মই সুখী"৷ লাভলিনা বৰগোঁহাইৰ এতিয়া পৰৱৰ্তী লক্ষ্য হ’ল আইবা ওমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ ২০২১(AIBA Women's World Boxing Championships), বাৰ্মিংহাম কমনৱেল্থ গেমছ(Birmingham 2022) আৰু ২০২২ বৰ্ষত চীনত হ’বলগীয়া এছিয়ান গেমছত পদক অৰ্জন কৰা ৷

লগতে পঢ়ক : আকৌ পথাৰত নামিম, ভূঁই ৰুম : স্ব-গৃহত উপস্থিত হৈ ক’লে লাভলীনাই

উল্লেখ্য যে, অলিম্পিকত পদক লাভেৰে ইতিহাস সৃষ্টি কৰা লাভলীনা বৰগোঁহাইক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশস্তি পত্ৰ, চেলেং চাদৰ, মুগাৰ শ্বল, শৰাই, জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰিছিল ।

লাভলীনাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১ কোটি টকাৰ চেক প্ৰদান কৰাৰ লগতে গুৱাহাটীৰ এটা পথ লাভলীনা বৰগোহাঁইৰ নামত নামাকৰণ কৰা হ'ব । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুসৰি, পেৰিছ অলিম্পিকৰ বাবে লাভলীনা বৰগোঁহাইক প্ৰতি মাহে এক লাখ টকাৰ জলপানি দিয়া হ'ব আৰু লাভলীনা বৰগোঁহাইৰ নামত সৰুপথাৰত ২৫ কোটি টকা ব্যয় সাপেক্ষে এটা ক্ৰীড়া প্ৰকল্প নিৰ্মাণ কৰা হ'ব । আনহাতে, অসম চৰকাৰৰ তৰফৰ পৰা অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পদৰ বাবে লাভলীনা বৰগোহাঁইক নিমন্ত্ৰণ জনোৱা হৈছে ।

লগতে পঢ়ক : সোণৰ পদক লাভ নকৰাৰ বাবে অসমবাসীক ক্ষমা বিচাৰিলে লাভলীনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.