ETV Bharat / state

আনুষ্ঠানিকভাৱে আছুৰ পৰা বিদায় লুৰিণজ্যোতি গগৈ - কেন্দ্ৰীয় নেতৃত্ব

গুৱাহাটী বিশ্ববিদ্যালয়স্থিত মুখ্য কাৰ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ জনোৱা হয় । আছুৰ ৰাজ্যিক কাৰ্য নিৰ্বাহকৰ আন 14 গৰাকী সদস্যকো এই অনুষ্ঠানতে বিদায় সম্ভাষণ জনোৱা হয় ।

Lurinjyoti Gogoi officially leaves AASU
আনুষ্ঠানিকভাৱে আছুৰ পৰা বিদায় লুৰিণজ্যোতি গগৈ
author img

By

Published : Dec 3, 2020, 9:16 PM IST

গুৱাহাটী, 3 ডিচেম্বৰ : সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয়স্থিত মুখ্য কাৰ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে আছুৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক বিদায় সম্ভাষণ জনোৱা হয় । শ্বহীদক স্মৰণৰে আৰম্ভ হোৱা অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় নেতৃত্বই ছাত্ৰ নেতা গৰাকীক আনুষ্ঠানিকভাৱে বিদায় দিয়ে ।

উক্ত অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে সকলো জিলা, আঞ্চলিক কমিটীয়ে লুৰিণজ্যোতি গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ইফালে, লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ ৰাজ্যিক কাৰ্য নিৰ্বাহকৰ আন 14 গৰাকী সদস্যকো এই অনুষ্ঠানতে বিদায় সম্ভাষণ জনোৱা হয় ।

আনুষ্ঠানিকভাৱে আছুৰ পৰা বিদায় লুৰিণজ্যোতি গগৈ

উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ এই বিদায়ী অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্য, প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আদিকে ধৰি কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন আৰু বৰ্তমানৰ সদস্য আৰু বিষয় বৱীয়াসকল ।

লগতে পঢ়ক : নিজ অধিকাৰৰ স্বাৰ্থত বিটিচিবাসীক ভোট দিবলৈ আহ্বান অনুপ চেতিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.