গুৱাহাটী,৭ এপ্ৰিল: প্ৰায় চাৰিমাহ অন্তত উদ্ধাৰ হ'ল প্ৰাঞ্জল মৰাণৰ মৃতদেহ । ইয়াৰ পাচতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । যোৱা 12 জানুৱাৰীত লিডুৰ কয়লাখনিত কাম কৰিবলৈ গৈ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ আছিল প্ৰাঞ্জল ৷ প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে (Lurin Jyoti Gogoi react on Pranjal Moran death) । তেওঁ সংবাদমাধ্যমৰ আগত কয় যে, প্ৰাঞ্জল মৰাণৰ মৃতদেহ 4 মাহ পাচত উদ্ধাৰ হোৱা ঘটনাই অসম আৰক্ষী আৰু অসম চৰকাৰৰ গৃহ বিভাগৰ চৰম ব্যৰ্থতাক সূচাইছে ।
প্ৰাঞ্জল মৰাণৰ পত্নীয়ে ন্যায় বিচাৰি আৰক্ষীৰ দুৱাৰে দুৱাৰে ঘূৰিছিল আৰু গুৱাহাটীলৈও তাত বাটি কাঢ়িবলগীয়া হৈছিল (Pranjal Moran body recovered) । ন্যায় বিচাৰি প্ৰাঞ্জল মৰাণৰ পত্নীয়ে কাষ চাপিছিল আৰক্ষী সঞ্চালক প্ৰধানৰো । সমগ্ৰ ঘটনা সংবাদমাধ্যমত প্ৰচাৰ পিছতে আৰম্ভ হৈছিল ঘটনাৰ তদন্ত । বি গণেশ নামৰ কয়লা ব্যৱসায়ীজনৰ তত্বাৱধানত কয়লা খননৰ কাম কৰিবলৈ গৈছিল প্ৰাঞ্জল মৰাণে । কিন্তু কয়লা মাফিয়া কেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে (Pranjal Moran body found) ।
কয়লা মাফিয়া গোবিন ছেত্ৰী আৰু বি গণেশক অতি শীঘ্ৰে গ্ৰেপ্তাৰ লগতে অবৈধ কয়লা খনন বন্ধ কৰিবলৈ দাবী জনায় লুৰীণজ্য়োতি গগৈয়ে । তেওঁ লগতে কয় যে, প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰৰ পিচত নিৰ্লজ্জভাৱে অসমৰ মুখ্যমন্ত্ৰী আৰু DGP য়ে মৃতদেহ উদ্ধাৰ এক বৃহৎ সফলতা বুলি Twitter ত লিখিছে (DGP GP Singh tweet on Pranjal Moran case) । COAL INDIA Ltd এ স্পষ্টকৈ উল্লেখ কৰিছে যে, অভয়াৰণ্য, Geen Forest Zone ত সম্পূৰ্ণৰূপে কয়লা খনন বন্ধ আছে ৷ তেন্তে প্ৰাঞ্জল মৰাণৰ মৃতদেহ তাত ওলাল কেনেকৈ বুলিও প্ৰশ্ন উত্থাপন কৰে গগৈয়ে (Pranjal Moran missing case) ।
তেওঁ লগতে প্ৰশ্ন কৰে যে, প্ৰাঞ্জল মৰাণৰ মৃতদেহ ক'ত উদ্ধাৰ কৰা হৈছে DGP আৰু মুখ্যমন্ত্ৰীয়ে সেই কথা স্পষ্টকৈ Twitter ত উল্লেখ নকৰিলে কিয় ? কাক নিৰাপত্তা প্ৰদানৰ স্বাৰ্থত মুখ্যমন্ত্ৰী আৰু DGP য়ে প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হোৱা স্থান উল্লেখ কৰিবলৈ সাহস কৰা নাই বুলি মন্তব্য কৰে গগৈয়ে । তেওঁ লগতে কয় যে, কয়লা মাফিয়া গোবিন ছেত্ৰী আৰু বি গণেশক নিৰাপত্তা দিয়া আৰক্ষীয়ে এই কথা প্ৰমাণ কৰে যে, অসমত সু-শাসন চলি থকা নাই (Lidu coal field murder case) ।
কয়লাৰ অবৈধ খননৰ সম্ৰাটৰূপে চিহ্নিত গোবিন ছেত্ৰী আৰু বি গণেশক চৰকাৰে কিয় নিৰাপত্তাৰক্ষী দিছে বুলিও প্ৰশ্ন কৰে এজেপিৰ সভাপতিগৰাকীয়ে । তেওঁ কয় যে, ইমান দিনৰ পৰা কৈ থকা কথাবোৰ মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই । প্ৰাঞ্জল মৰাণৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত প্ৰমাণ হ’ল ৰাজ্যত কয়লা চিণ্ডিকেট ৰাজ চলি আছে ৷ চৰকাৰৰ পৃষ্ঠপোষকতাত হাজৰিকা উপাধিৰ বিজেপিৰ ওপৰ মহলৰ নেতাৰ পৃষ্ঠপোষকতাত সমগ্ৰ প্ৰক্ৰিয়াটো চলি থকা বুলি মন্তব্য কৰে লুৰীণ জ্যোতি গগৈয়ে ।
লগতে পঢ়ক: Trade fair in Morigaon: মৰিগাঁৱত 23 দিনীয়াকৈ প্ৰাক্ ৰঙালী বিহু বাণিজ্য মেলাৰ আয়োজন