ETV Bharat / state

Love jihad issue: লাভ জেহাদ দেশৰ ভিতৰত এক ডাঙৰ ষড়যন্ত্ৰ; স্বামী যতীন্দ্ৰানন্দ গীৰি মহাৰাজ - লাভ জেহাদ

লাভ জেহাদৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে । দেশৰ ভিতৰত ই এক ডাঙৰ ষড়যন্ত্ৰ । ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ’ব লাগে (Love jihad in Assam) । এই মন্তব্য হিমালয় পৰিবাৰ কেন্দ্ৰীয় সভাপতি স্বামী যতীন্দ্ৰানন্দ গীৰি মহাৰাজৰ (Swami Jatindrananda Giri Maharaj) ।

Love jihad issue
Love jihad issue
author img

By

Published : Nov 18, 2022, 9:21 PM IST

গুৱাহাটী, 18 নৱেম্বৰ: ‘‘লাভ জেহাদ এক পৰিকল্পিত ষড়যন্ত্ৰ (Love jihad is a planned conspiracy)। লাভ জেহাদ সনাতন হিন্দু সংস্কৃতিৰ প্ৰতি আক্ৰমণ । ই ধৰ্মান্তকৰণৰ এক প্ৰকাৰ’’ । এই মন্তব্য হিমালয় পৰিবাৰ কেন্দ্ৰীয় সভাপতি স্বামী যতীন্দ্ৰানন্দ গীৰি মহাৰাজৰ (Swami Jatindrananda Giri Maharaj) । শুকুৰবাৰে দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, লাভ জেহাদৰ বিৰুদ্ধে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰিব লাগে । দেশৰ ভিতৰত ই এক ডাঙৰ ষড়যন্ত্ৰ । ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ’ব লাগে (Love jihad in Assam) ।

লাভ জেহাদ দেশৰ ভিতৰত এক ডাঙৰ ষড়যন্ত্ৰ

লাভ জেহাদৰ বিৰুদ্ধে যেতিয়ালৈ কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈ ঘটিয়ে থাকিব বুলি মন্তব্য কৰে স্বামী যতীন্দ্ৰানন্দ গীৰি মহাৰাজে (Love Jihad in India)। আনহাতে তেওঁ বাংলাদেশী নাগৰিক আৰু ৰোহিংগীয়া মুছলমানক লৈও সৰৱ হৈ পৰে (Bangladeshi issue in Assam) । তেওঁ কয় যে, দেশৰ ভিতৰত কোটিৰ সংখ্যাত বাংলাদেশী আছে । তেওঁলোকে দেশৰ নাগৰিকৰ অধিকাৰত হস্তক্ষেপ কৰাৰ লগতে অপৰাধৰ সংখ্যাও বৃদ্ধি পাইছে ।

আনহাতে, বৃহৎ সংখ্যক ৰোহিংগীয়া মুছলমানো দেশৰ ভিতৰতে আছে বুলি তেওঁ কয় (Rohingiyas in India) । বাংলাদেশী নাগৰিক আৰু ৰোহিংগীয়া মুছলমানক চিনাক্ত কৰি আন্তঃৰাষ্ট্ৰীয় নিয়ম অনুসৰি সীমান্ত পাৰ কৰি দিবলৈ তেওঁ দাবী জনায় ।

সংবাদমেলত তেওঁ জনসংখ্যা ৰোধৰ বাবে কঠোৰ আইন প্ৰনয়ণ, খ্ৰীষ্টান মিছনেৰীৰ দখলত থকা মাটিবোৰ চৰকাৰক ঘূৰাই ল’বলৈ আৰু পাকিস্তানত থকা কাশ্মীৰৰ অংশটো ভাৰতত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক: Bharat Jodo Yatra: ভাৰত জোড়ো যাত্ৰাই দেশখন পুনৰ একত্ৰিত কৰিব বুলি মন্তব্য হীৰেণ গোহাঁইৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.