গুৱাহাটী, 21 মে': এফালে কৰ'ণা ভাইৰাছৰ আতংক আনফালে আম্ফান ঘূৰ্ণি বতাহৰ তাণ্ডৱ ৷ শেহতীয়াকৈ অসমতো দেখা গৈছে আম্ফানৰ প্ৰভাৱ ৷ ফলত বুধবাৰৰ নিশাৰে পৰা অসমত চলি আছে ধাৰাসাৰ বৃষ্টি ৷ ইয়াৰ মাজতে মহানগৰীৰ সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত আহি উপস্থিত হৈছে বহিঃৰাজ্যৰ বহু লোক ৷ কিন্তু বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক আৰু ছাত্ৰ-ছাত্ৰী সকলক বৰষুণৰ পৰা ৰক্ষা কৰাৰ বাবে সৰুসজাই কোৱাৰেণ্টাইন কেন্দ্ৰত নাই কোনো ব্যৱস্থা ৷ যাৰ বাবে বৰষুণত তিতি তিতিয়েই দীঘলীয়া শাৰীত থিয় হৈছে শ শ লোক ৷ এই লোক সকলৰ মাজত নাই কোনো ধৰণৰ সামাজিক দূৰত্ব ৷ এটা ছাতি অথবা এখন গামোচাৰ তলতে আশ্ৰয় লৈ নিজকে বৰষুণৰ পৰা ৰক্ষা কৰাৰ চেষ্টা চলাইছে কেইবাজনো লোকে ৷
বৰষুণত এই দৰে শ শ লোক তিতি তিতি থিয় হৈ থকা দৃশ্য দেখি সচেতন মহলৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে প্ৰকৃততে কোৱাৰেন্টাইন কেন্দ্ৰটোত উপযুক্ত ব্যৱস্থা কৰিছেনে প্ৰশাসনে? কাৰ ভুলৰ বাবে এই দৰে বৰষুণত তিতি তিতি শাৰী পাতিবল লগীয়া হৈছে এই সকল বহিঃৰাজ্যৰ পৰা অহা লোকে ৷