ETV Bharat / state

Assam Legislative Assembly: ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক অসম বিধানসভা ভৱন উদ্বোধন - অত্যাধুনিক অসম বিধানসভা ভৱন

৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ল অত্যাধুনিক অসম বিধানসভা ভৱন ৷ বিধানসভাৰ মজিয়াৰ পৰাই সদস্যসকলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা লাইন প্ৰথা বিলুপ্তিৰ বিৰুদ্ধে গ্ৰুপিং প্ৰস্তাৱৰ ভিত্তিত অসমক পূব পাকিস্তানত অন্তভুৰ্ক্তি নহয় তাৰ বাবে বিৰামহীন যুঁজ দিছিল- মুখ্যমন্ত্ৰী

Assam Assembly Building constructed at a cost of Rs 350 crore
৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ল অত্যাধুনিক অসম বিধানসভা ভৱন
author img

By

Published : Jul 30, 2023, 5:04 PM IST

৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ল অত্যাধুনিক অসম বিধানসভা ভৱন

গুৱাহাটী, ৩০ জুলাই: আজিৰ পৰা নতুন ৰূপ পালে অসম বিধানসভাই ৷ ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অত্যাধুনিক নৱনিৰ্মিত অসম বিধানসভাৰ ভৱনটো দেওবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় ৷ ভৱনটো উদ্বোধন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম বিধান সভাৰ ইতিহাস আৰু অসম বিধানসভাই আজিৰ পৰ্যায়ত উপনীত হোৱা ঘাট-প্ৰতিঘাটৰ কথা ভাষণৰ প্ৰসংগত উল্লেখ কৰে ৷

তেওঁ কয় যে, ২০০৯ চনতে অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনটো নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল ৷ ২২৮ কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক বিধানসভা ভৱনটো ২০১৪ চনৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছিল । কিন্তু সময়মতে কাম হৈ উঠা নাছিল। কাৰিকৰী অসুবিধা আৰু বিভিন্ন সমস্যাৰ বাবে নিৰ্মাণ কাৰ্য প্ৰায় স্তব্ধ হৈ পৰিছিল । পৰৱৰ্তী সময়ত ২০২১ চনত ভৱনতো যথেষ্ঠ সালসলনি কৰি অত্যাধুনিকভাৱে নিৰ্মাণ কৰাৰ বাবে ৩৫০ কোটি টকা আৱন্টন দিয়া হয় ৷

আজি এই ভৱনটো উদ্ধোধন কৰা হয় ৷ এই ভৱনত আছে ই-বিধান ব্যৱস্থা, অত্যাধুনিক দৃশ্য-শ্ৰব্য সম্প্ৰচাৰ প্ৰযুক্তি, ভৱনটোৰ চৌহদৰ ভিতৰত অধ্যক্ষ, উপাধ্যক্ষ, মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলৰ কাৰ্যালয়, শাসক বিৰোধীৰ বাবে সভাকক্ষ, চেন্ট্ৰল হল, বিধানসভাৰ সকলো কমিটিৰ বাবে উপযুক্ত সভাগৃহ, দৃশ্য-শ্ৰব্য ব্যৱস্থা ৷ ভিডিঅ’ কনফাৰেঞ্চ ব্যৱস্থাও আছে বিধানসভাৰ নৱনিৰ্মিত ১৬ মহলাযুক্ত ভৱনটোত ৷

ভৱনটোত থকা মুকলি খেলপথাৰখন উদ্যানলৈ ৰূপান্তৰ কৰা হ’ব ৷ তেওঁ লগতে কয় বিধানসভাৰ প্ৰকল্পৰ আৰ্হিটো কৃতিচিহ্নৰ দৰে । অসমৰ ধ্ৰুপদী থলুৱা স্থাপত্যৰ পৰম্পৰা আধুনিকতাৰ সংগমক প্ৰতিফলিত কৰিছে । জাতি জনজাতিৰ সভ্যতা কলাকৃষ্টিক প্ৰতিফলিত কৰা হৈছে। অসম বিধানসভাৰ চহকী ইতিহাস আছে ।

  • New Assembly Complex!

    One of Bharat’s oldest Legislative Assemblies finally finds a permanent home.

    This new building will ignite dreams and hopes to build a vibrant & viksit Assam. Today, we dedicated this Temple of Democracy ~ to the people, for the people and by the people. pic.twitter.com/qwNf8hDUho

    — Himanta Biswa Sarma (@himantabiswa) July 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

শ্বিলঙত ১৯৩৭ চনৰ ৭ এপ্ৰিলত তিনিদিনীয়াকৈ প্ৰথম অধিৱেশন হৈছিল। গোপীনাথ বৰদলৈৰ স্মৃতি বিজৰিত বিধানসভাৰ ইতিহাসত বহু উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ আছে। বিধানসভাৰ মজিয়াৰ পৰাই সদস্যসকলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা লাইন প্ৰথা বিলুপ্তিৰ বিৰুদ্ধে গ্ৰুপিং প্ৰস্তাৱৰ ভিত্তিত অসমক পূব পাকিস্তানত অন্তভুৰ্ক্তি নহয় তাৰ বাবে বিৰামহীন যুঁজ দিছিল ৷ বিশ্ববিদ্যালয় স্থাপন, গুৱাহাটী উচ্চ ন্যায়লয় স্থাপন, তেলশোধনাগাৰ স্থাপন আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰস্তাৱ বিধানসভাৰ মজিয়াত লোৱা হৈছিল ।

অসম বিধানসভা হৈছে অসমৰ ৰাইজৰ সৰ্বোচ্চ মঞ্চ ৷ অসম বিধানসভা দেশৰ পুৰণি বিধানসভাৰ অন্যতম। ৰাজ্যৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক শৈক্ষিক পৰিকাঠামোৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত জন্মলগ্নৰ পৰা অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: Massive Fire at Guwahati: বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.