ETV Bharat / state

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লোক আদালতৰ ব্যৱস্থা

author img

By

Published : Feb 10, 2022, 11:05 AM IST

ভূমি সম্পৰ্কীয় অভিযোগ ক্ষীপ্ৰ নিষ্পত্তিৰ প্ৰয়াস কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ । কামৰূপ মহানগৰ জিলাত প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে উপায়ুক্তৰ লোক আদালত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত (Lok Adalat system of Kamrup metro DC)। ১১ ফেব্ৰুৱাৰীত গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ জনসাধাৰণৰ অভিযোগ নিষ্পত্তিৰে এই বিশেষ ‘লোক আদালত’ কাৰ্যসূচীৰ আৰম্ভ কৰা হ’ব ।

Lok Adalat
কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ লোক আদালতৰ ব্যৱস্থা

গুৱাহাটী,১০ ফেব্ৰুৱাৰী : ভূমি সম্পৰ্কীয় অভিযোগ ক্ষীপ্ৰ নিষ্পত্তিৰ প্ৰয়াস কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ । কামৰূপ মহানগৰ জিলাত প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে উপায়ুক্তৰ লোক আদালত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত (Lok Adalat system of Kamrup metro DC)। ভূমি আৰু ৰাজহ সম্পৰ্কীয় অভিযোগসমূহ ক্ষীপ্ৰ নিষ্পত্তিৰ বাবে জনসাধাৰণৰ নিচেই কাষলৈ যাব কামৰূপ মহানগৰ জিলা প্ৰশাসন ।

d

এতিয়াৰে পৰা প্ৰতি দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ৰাজহ চক্ৰ বিশেষে ৰাজহ চক্ৰ বিষয়া, সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ উপস্থিতিত জনসাধাৰণৰ সৈতে উপায়ুক্ত পল্লৱ গোপাল ঝাই লোক আদালত অনুষ্ঠিত কৰি নিষ্পত্তি কৰাৰ প্ৰচেষ্টা চলাব তেওঁলোকৰ বিভিন্ন ভূমি আৰু ৰাজহ সম্পৰ্কীয় অভাৱ-অভিযোগসমূহ । অহা ১১ ফেব্ৰুৱাৰীত গুৱাহাটী, চন্দ্ৰপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ জনসাধাৰণৰ অভিযোগ নিষ্পত্তিৰে এই বিশেষ ‘লোক আদালত’ কাৰ্যসূচীৰ আৰম্ভ কৰা হ’ব । আনহাতে, পৰৱৰ্তী লোক আদালত খন অনুষ্ঠিত কৰা হ’ব অহা ২৬ ফেব্ৰুৱাৰীত ।

ইতিমধ্যে উপায়ুক্তৰ প্ৰথমখন লোক আদালতৰ প্ৰস্তুতি আৰম্ভ হৈছে তিনিওটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তে । এই তিনিও ৰাজহ চক্ৰৰ ৰাজহ আৰু ভূমি সম্পৰ্কীয় অভিযোগ থকা জনসাধাৰণে অহা শুকুৰবাৰে পুৱা ১০:৩০ বজাৰ পৰা আবেলি ১ বজালৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই লোক আদালতত অংশগ্ৰহণ কৰিব পাৰিব ।

লগতে পঢ়ক :আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক বদলি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.