গুৱাহাটী, ১৬ নৱেম্বৰ : ছিণ্ডিকেট অসমৰ ক’তো চলা নাই, ক’তো ছিণ্ডিকেট চলিবলৈ দিয়া নহ’ব বুলি চৰকাৰে ঘোষণা কৰিলেও কিন্তু ৰাজ্যত কাঠৰ ছিণ্ডিকেট অব্যাহত আছে(Timber Syndicate in Assam) ৷ বৈধভাৱে কাঠ কঢ়িওৱা এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা হয় ১ লাখ টকা ৷ কাঠ মাফিয়াই আৰক্ষী-বন বিভাগৰ কৰ্মচাৰীৰ সৈতে ছিণ্ডিকেট চলাই কাঠ ব্যৱসায়ীক হাৰাশাস্তি কৰি আহিছে ছিণ্ডিকেট চক্ৰই৷
এই অভিযোগেৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তলৈ এখন পত্ৰ দিছে একাংশ কাঠ ব্যৱসায়ীয়ে (Timber dealers letter to DGP) ৷ বুধবাৰে এই পত্ৰ প্ৰেৰণ কৰিছে ৰঙিয়াৰ দুজন ব্যৱসায়ী ভাৰ্গৱ চৌধুৰী আৰু হৰিকান্ত ৰাজবংশীয়ে৷ আৰক্ষী সঞ্চালক প্ৰধানলৈ প্ৰেৰণ কৰা পত্ৰত মুকলি অভিযোগ উত্থাপন কৰা হৈছে যে, এই ছিণ্ডিকেট চলাই আহিছে দুজন ব্যক্তিয়ে ৷
![খন কাঠভৰ্তি ট্ৰাকৰ পৰা ১ লাখকৈ ট](https://etvbharatimages.akamaized.net/etvbharat/prod-images/woodsyndicateassam_16112022215342_1611f_1668615822_427.jpg)
জনৈক জিতু দাস আৰু গোবিন্দ সৰকাৰ নামৰ দুজন ব্যক্তিৰ নেতৃত্বত এটা বৃহৎ দলে এই কাঠৰ ছিণ্ডিকেট চলাই আহিছে ৷ এই দলটোৱে বৈধভাৱে অহা কাঠৰ ট্ৰাকৰ পৰা বিভিন্ন ঠাইত এখন ট্ৰাকৰ পৰা ১ লাখ টকাকৈ দাবী কৰি টকা নিদিয়া কাঠ বেপাৰীসকলক হাৰাশাস্তি কৰি আহিছে৷ ইয়াৰ ফলত কামৰূপ বন সংমণ্ডলৰ চৰকাৰী অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাঁচ শতাধিক কাঠ ব্যবসায়ীয়ে আহুকালৰ সন্মুখীন হ’বলগা হৈছে৷
লগতে অভিযোগকাৰী ভুক্তভোগীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ(DGP Bhaskarjyoti Mahanta) লিখিছে- “আমি সম্পূর্ণ বৈধভাৱে চৰকাৰ নিৰ্ধাৰিত ৰাজহ প্ৰদান কৰি ব্যৱসায় চলাই থকাৰ উপৰিও অন্য দহজনক জীৱন-জীৱিকা নিৰ্বাহৰ বাট মোকলাই দি আহিছো । কিন্তু যোৱা ১ নৱেম্বৰ তাৰিখৰ পৰা জনৈক গোবিন্দ সৰকাৰ আৰু জিতু দাসৰ নেতৃত্বত এচাম মাফিয়াই সকলো কাঠ ব্যৱসায়ীক প্ৰতিখন কাঠৰ গাড়ীৰ বাবদ ১ লাখ টকাকৈ আদায় দিবলৈ ভাবুকি প্ৰদান কৰে । তেওঁলোকে এই বুলি ভাবুকি প্ৰদান কৰে যে, সম্পূর্ণ চৰকাৰী নিয়ম নীতি মানি চলিলেও কাঠ সৰবৰাহকাৰী ট্ৰাকসমূহ পুলিচৰ জৰিয়তে থানাত আটক কৰা হ'ব ।
শান্তিৰে ব্যৱসায় কৰিব দিয়া নহ’ব৷ ইতিমধ্যে আপোনাৰ নিৰ্দেশত সকলো চিণ্ডিকেট চক্ৰ যিহেতু বন্ধ কৰা হৈছে আমি এই ভাবুকিত বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিলোঁ । কিন্তু নৱেম্বৰ মাহৰ ৪ আৰু ৭ তাৰিখে ক্ৰমেAS-25 DC 9101 আৰু AS-01PC-2792 নম্বৰৰ কাঠভৰ্তি গাড়ীকেইখন নগাঁও জিলাৰ বাগৰী থানাৰ আৰক্ষীৰ নেতৃত্বত জব্দ কৰি থানালৈ লৈ যোৱা হয় ।
তাত গোবিন্দ সৰকাৰৰ ছিণ্ডিকেট বাহিনীৰ তিনিজন লোকক মাতি আনি নিশ্চিত কৰা হয় যে এয়া গোবিন্দ সৰকাৰৰ ছিণ্ডিকেটৰ অধীনৰে অহা কাঠৰ ট্ৰাক নহয়৷ তাৰপিছত তেওঁলোকে ট্ৰাক কেইখন বনবিভাগক গটাই দিয়ে । সম্পূর্ণ বৈধ নথি-পত্ৰৰে কাঠ অনাৰ পিছতো একমাত্ৰ গোবিন্দ সৰকাৰৰ ছিণ্ডিকেটক ধন নিদিয়াৰ অপৰাধত নিৰীহ ব্যৱসায়ীসকল প্ৰায় প্ৰতিদিনে নামনিৰ পৰা উজনিৰ বাগৰীলৈ বাটকুৰি বাই জীয়াতু ভুগিবলগা হৈছে ।
ইয়াৰ সমান্তৰালভাৱে এই ছিণ্ডিকেটৰ ধন নিদিলে বা হাৰাশান্তি কৰা হ'ব বুলি অহৰহ ভাবুকি প্ৰদান কৰি থকা হৈছে । সেয়ে এতিয়া সম্পূর্ণ চৰকাৰী নীতি-নিয়ম মানি চলি বৈধভাবে চলাই অহা বুলি দাবী কৰা এই কাঠ ব্যৱসায়ীসকলে আৰক্ষীৰ পৰা সম্পূর্ণ ৰক্ষণাবেক্ষণৰ লগতে ছিণ্ডিকেট চক্ৰৰ কঠোৰ শাস্তি দাবী কৰিছে ।
সেয়ে এতিয়া সম্পূর্ণ চৰকাৰী নীতি-নিয়ম মানি চলি বৈধভাৱে চলাই অহা বুলি দাবী কৰা এই কাঠ ব্যৱসায়ীসকলে আৰক্ষীৰ পৰা সম্পূর্ণ ৰক্ষণাবেক্ষণৰ লগতে ছিণ্ডিকেট চক্ৰৰ কঠোৰ শাস্তি দাবী কৰিছে ।
লগতে পঢ়ক : Fake trading company busted: লাখ টকাৰ বিনিময়ত 4 কোটি টকা !